পুনৰ ডাইনীৰ সন্দেহ ! অন্ধ বিশ্বাসৰ বলি হৈ দুই বৃদ্ধাক নিৰ্যাতন, খুৱালে মানুহৰ বিষ্ঠা, গ্ৰেপ্তাৰ মহিলাসহ ১৩ জনক

সূত্ৰৰ খবৰ অনুসৰি, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কৃষ্ণাপুৰ গাঁৱত সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো সংঘটিত হৈছে । অভিযোগ অনুসৰি, গাঁওখনৰ একাংশ লোকে অন্ধ বিশ্বাসত ডুব গৈ দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলায় ।

পুনৰ ডাইনীৰ সন্দেহ ! অন্ধ বিশ্বাসৰ বলি হৈ দুই বৃদ্ধাক নিৰ্যাতন, খুৱালে মানুহৰ বিষ্ঠা, গ্ৰেপ্তাৰ মহিলাসহ ১৩ জনক

গোৱালপাৰা ঘটনাত পুৰুষ-মহিলা সহ ১৩ জনক গ্ৰপ্তাৰ

Updated On: 

01 Sep 2024 | 07:12 AM

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই আমাৰ সমাজখনক বহু দূৰ আগুৱাই লৈ গৈছে । কিন্তু আমাৰ সমাজৰ একাংশ লোক প্ৰচলিত অন্ধ বিশ্বাস, কুসংস্কাৰৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই । শেহতীয়াকৈ গোৱালপাৰা জিলাত সংঘটিত এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সূত্ৰ খবৰ অনুসৰি, মিছন বিৰুবালাই পোহৰলৈ আনিলে দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলোৱাৰ তথ্য ।

সূত্ৰৰ খবৰ অনুসৰি, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কৃষ্ণাপুৰ গাঁৱত সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো সংঘটিত হৈছে । অভিযোগ অনুসৰি, গাঁওখনৰ একাংশ লোকে অন্ধ বিশ্বাসত ডুব গৈ দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলায় । জানিব পৰা মতে, গাঁওখনৰ এগৰাকী কিশোৰ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাত পৰিয়ালৰ লোকে কাষৰীয়া বামুনডাঙা গাঁৱৰ প্ৰশ্ন ৰাভা নামৰ এগৰাকী বেজালিৰ কাষ চাপে ।

সেই অনুসৰি বেজালি প্ৰশ্ন ৰাভাই কিশোৰটিক তন্ত্ৰমন্ত্ৰৰে চিকিৎসা কৰি ডাইনী লম্ভা বুলি কয় । ইয়াৰ পাছতে গাঁওখনৰে একাংশ লোকে কিশোৰটি অসুস্থ হোৱাৰ আঁৰত দুগৰাকী বৃদ্ধাৰ হাত থকা বুলি সন্দেহ কৰে । অৰ্থাৎ গাঁওখনৰে দুগৰাকী বৃদ্ধাক ডাইনী বুলি সন্দেহ কৰে একাংশ লোকে । অভিযোগ অনুসৰি, আনকি গাঁওখনৰ গাঁও প্ৰধান কমল ৰাভাৰ নেতৃত্বতে এই দুই বৃদ্ধাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ।

সূত্ৰ খবৰ অনুসৰি, যোৱা ২০ আগষ্টৰ দিনা গাঁওখনৰ গাঁও প্ৰধানৰ নেতৃত্বত দুয়ো গৰাকী বৃদ্ধাক চৰম নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয় । নিৰ্যাতন এনে পৰ্যায় পায়গৈ যে বৃদ্ধা দুগৰাকীক মানুহৰ বিষ্ঠা খাবলৈয়ো বাধ্য কৰায় । ইফালে এই সমগ্ৰ ঘটনাৰ লগত জড়িত অভিযুক্তই এনে নিৰ্যাতন কথা যাতে কোনেও গম নাপায় তাৰ বাবে বৃদ্ধাক দুগৰাকী কঠোৰ সকিয়নি প্ৰদান কৰে ।

পিছত মিছন বিৰুবলাই এই ঘটনাৰ তথ্য লাভ কৰে । মিছম বিৰুবালাই এই ঘটনাৰ বিষয়ে জানিব পাৰি ৩০ আগষ্টৰ দিনা লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । সেই এজাহৰ ভিত্তিত লক্ষীপুৰ থানাৰ আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে । সেই অনুসৰি,আৰক্ষীয়ে শনিবাৰে এই ঘটনাৰ সৈতে জড়িত মহিলাসহ ১৩ জন লোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...