লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজনক আটক

Alleged Molestation of Minors in Lakhimpur: নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুজন অভিযুক্তক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, নাবালিকাক যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত শুকুৰবাৰে নিশা পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ।

লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজনক আটক

প্ৰতীকী ফটো

Published: 

24 Aug 2024 | 04:29 PM

লখিমপুৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুজন অভিযুক্তক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, নাবালিকাক যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত শুকুৰবাৰে নিশা পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি, এগৰাকী ৯ বছৰীয়া নাবালিকাক ক্লাছলৈ যোৱাৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী মৌলানাৰ (ধৰ্মীয় শিক্ষক) বিৰুদ্ধে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দুদিন পূৰ্বে এই অভিযোগ উত্থাপন হৈছিল মৌলানা গৰাকীৰ বিৰুদ্ধে । এই ঘটনা সৈতে জড়িত অভিযুক্ত গৰাকী ঘটনা সংঘটিত কৰাৰ দিনৰ পৰা পলাতক অৱস্থাত আছিল । ইফালে দ্বিতীয়টো অভিযোগ উত্থাপন হৈছিল এজন দোকানীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি, নিজৰ দোকানৰ ভিতৰতে এগৰাকী ছোৱালীক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল আন জন অভিযুক্তই । ইতিমধ্যে অভিযুক্ত দোকানী জনকো আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, এই দুয়োটা গোচৰত অভিযুক্ত দুয়োজন ব্যক্তিৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে দুয়োটা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ।

উল্লেখ্য যে, এই দুয়োটা ঘটনা পোহৰলৈ অহাৰ পাছতে জিলাখনৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে । জিলাখনৰ দল সংগঠনে এই ঘটনাক গৰিহনা দিয়াৰ লগতে শনিবাৰে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰে । স্থানীয় মহিলাসকলেও সাম্প্ৰতিক সময়ত মহিলা, শিশু, যুৱতী কাৰোৰে নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।

INPUT-PTI

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...