নৈশ পাৰ্টিৰ মাজতে মহানগৰীত যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড! আটক অভিযুক্ত…

মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী যুৱতীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

নৈশ পাৰ্টিৰ মাজতে মহানগৰীত যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড! আটক অভিযুক্ত...

অভিযুক্ত

Published: 

18 Sep 2025 17:11 PM

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ মহানগৰীৰ পৰা এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা। জানিব পৰা মতে, ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত হয়। দুজনৰ যুৱকৰ নিৰ্যাতনৰ বলি এগৰাকী যুৱতী। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ১৩ ছেপ্টেম্বৰৰ নিশা পাৰ্টী কৰিছিল আটাইকেইজনে। সেই নিশাই যুৱতীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়।  তাৰ পাছতে ১৬ ছেপ্টেম্বৰত যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। পাছত আৰক্ষীয়ে তদন্ত কৰি ঘটনা সন্দৰ্ভত অভিযুক্তক আটক কৰে।

ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত অভিযুক্ত যুৱক দুজন মণিপুৰৰ অস্কাৰ মঙহমবাম আৰু টলেন্দ্ৰজিৎ অছেম বুলি চিনাক্ত হৈছে। দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি BNS ৰ U/S -70(1)/3(5) ধাৰাৰ অধীনত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত 125/25 নম্বৰত এটি গোচৰ ৰুজু কৰে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰে যে, ঘটনাৰ দিনা আটাইকেইজনে নৈশ পাৰ্টি কৰি আছিল। তাৰ পাছতে তেওঁ এটা কোঠাত শুবলৈ যায়। কিন্তু কিছু সময় পাছত সুৰাৰ ৰাগীত থকা যুৱক কেইজনৰ ভিতৰত অস্কাৰ মঙহমবাম নামৰ যুৱকজনে যুৱতী ছাত্ৰী গৰাকীৰ কোঠালৈ গৈ ধৰ্ষণ কৰে। অভিযোগ অনুসৰি যুৱতীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়।

ইয়াৰে পূৰ্বে টলেন্দ্ৰজিৎ অছেম নামৰ যুৱকজনে আটাইকেইজন যুৱকৰ আগতেই ভুক্তভোগী যুৱতীগৰাকীক বলপূৰ্বকভাৱে হাতত ধৰি ৰুমৰ পৰা ওলাই যোৱাত বাধা প্ৰদান কৰিছিল। সেই এজাহৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰা যুৱক দুজনৰ লগতে সেইদিনা নিশা পাৰ্টি কৰা অন্য তিনিজন যুৱকক আৰক্ষী থানালৈ আনি সোধা পোছা কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ বজালীত টিউচনলৈ যোৱা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড! অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ…

Related Stories
নিতে পোহৰলৈ নূপুৰ বৰাৰ দুৰ্নীতিৰ আখ্যানঃ ভৱিষ্যতৰ চিন্তাত টুকিছে চকুলো, এইবাৰ প্ৰকাশ পাইছে এনে কাণ্ড
প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনাৰ ফলঃ ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি
বলপূর্বকভাৱে সংগ্ৰহ কৰিব নোৱাৰিব বৰঙণিঃ পূজা সমিতিলৈ কঠোৰ নিৰ্দেশনা কামৰূপ প্ৰশাসনৰ, মানি চলিব লাগিব এনে নিয়ম
অসম বিজেপিৰ এটা বিশেষ ভিডিঅ’ক লৈ ক্ষোভিত ওৱেইছি, মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ
বজালীত টিউচনলৈ যোৱা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড! অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ…
মেঘালয়ত নিষিদ্ধ অসমৰ টেক্সি! বিপদত পৰি মেঘালয়ৰ বাহনো অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...