নতুন কনটেণ্ট ক্ৰিয়েটৰৰ বাবে ডাঙৰ সুযোগ, TV9 নেটৱৰ্কে ঘোষণা কৰিছে AI² Awards 2026, আজিয়ে পঞ্জীয়ন কৰক…
AI য়ে মানুহৰ কল্পনাশক্তিক আৰু অধিক শক্তিশালী কৰি তুলিছে। প্ৰযুক্তি আৰু অনুভূতিৰ এই অনন্য সংমিশ্ৰণক আগত ৰাখি TV9 নেটৱৰ্কে ঘোষণা কৰিছে AI² Awards 2026।

ষ্টৰিটেলিঙৰ পৰা আৰম্ভ কৰি স্ক্ৰিপটিং, চাউণ্ড ডিজাইনৰ পৰা ভিজুৱেললৈকে এই ক্ষেত্ৰখনে এটা নতুন যুগত প্ৰৱেশ কৰিছে। বিশেষকৈ কনটেণ্ট ক্ৰিয়েটৰ সকলৰ বাবে ডাঙৰ সুবিধা সৃষ্টি কৰিছে। শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ সৃষ্টিশীলতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলোৱা দেখা গৈছে। দেখা গৈছে যে, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱত মানুহৰ সৃষ্টিশীলতাই নতুন ৰূপ ধাৰণ কৰিছে।
ভৱা হৈছিল কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ কৰ্মসংস্থাপনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কিন্তু শেহতীয়াকৈ স্পষ্ট হৈছে যে, ই নেতিবাচক প্ৰভাৱ নহয়,ই মানুহৰ কল্পনাশক্তিক আৰু অধিক শক্তিশালী কৰি তুলিছে। প্ৰযুক্তি আৰু অনুভূতিৰ এই অনন্য সংমিশ্ৰণক আগত ৰাখি TV9 নেটৱৰ্কে ঘোষণা কৰিছে AI² Awards 2026।
নতুন ক্ৰিয়েটৰৰ বাবে ডাঙৰ সুযোগ
AI² Awards 2026 ত ছাত্ৰ-ছাত্ৰী, শিল্পী, নতুন পেছাদাৰী আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে AI ৰ সহায়ত ভিন্নধৰ্মী “Visual Story” সৃষ্টি কৰি জমা দি পাৰিব। তথ্যচিত্ৰ হওক, মিউজিক ভিডিঅ’ হওক, এনিমেচন হওক বা ব্ৰেণ্ডেড কন্টেন্ট হওক, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে নতুন প্ৰতিভাক ওলিয়াই অনা আৰু মানুহৰ সৃষ্টিশীলতাক আন এটা স্তৰলৈ লৈ যোৱা।
এই পদক্ষেপৰ এটা ডাঙৰ বিশেষত্ব হ’ল- এতিয়া যিকোনো ব্যক্তিয়ে AI ব্যৱহাৰ কৰি নিজৰ গল্প বিশ্বৰ আগত দাঙি ধৰিব পাৰিব। ডিজিটেল এডিটিঙে যেনেকৈ এসময়ত চলচ্চিত্ৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল, আজি AI য়ে গল্পৰ কল্পনা আৰু উপস্থাপনৰ পৰিৱৰ্তন ঘটাইছে।
পঞ্জীয়ন কেতিয়া হয়?
AI2 Awards 2026 ৰ বাবে পঞ্জীয়ন ২০২৫ চনৰ ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৬ চনৰ ৩১ জানুৱাৰীলৈকে চলি থাকিব। প্ৰতিখন ছবিৰ মূল্যায়ন অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযুক্তি বিশেষজ্ঞ আৰু সৃজনশীল ব্যক্তিৰে গঠিত জুৰিৰ দ্বাৰা কৰা হ’ব। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাইত অনুষ্ঠিত হ’ব জুৰিৰ ৰাউণ্ড।
মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া WITT–News9 Global Summit 2026 ত বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব। তাত নিৰ্বাচিত ছবিসমূহ বিশ্বৰ বিভিন্ন মেডিয়া আৰু ইনোভেচন লিডাৰৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও AI আৰু মানুহৰ সৃষ্টিশীলতাৰ ভৱিষ্যত সন্দৰ্ভত বিশেষ পেনেল আলোচনা অনুষ্ঠিত হ’ব।