জুবিন গাৰ্গক সুঁৱৰি ১৯ নৱেম্বৰত “জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য” শীৰ্ষক অনুষ্ঠান

কণ্ঠশিল্পী, অসমৰ তৰফৰ পৰা আয়োজন কৰা হৈছে 'জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য' শীৰ্ষক এক বিশেষ অনুষ্ঠান। প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই অনুষ্ঠান।

জুবিন গাৰ্গক সুঁৱৰি ১৯ নৱেম্বৰত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠান
Published: 

10 Nov 2025 | 06:49 PM

জুবিন গাৰ্গক সুঁৱৰি ১৯ নৱেম্বৰত চান্দমাৰি খেলপথাৰত কণ্ঠশিল্পী, অসমৰ তৰফৰ পৰা আয়োজন কৰা হৈছে ‘জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’ শীৰ্ষক এক বিশেষ অনুষ্ঠান। প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই অনুষ্ঠান। বিগত তিনিটা দশক জুৰি অসমীয়া সংগীতৰ একক, অনন্য, অতুলনীয় আৰু এক অম্লান সত্তা হিচাপে প্রতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা জুবিন গার্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত সমগ্র ৰাজ্যবাসী ম্রিয়মান হৈ আছে। এনে সময়তে অসমৰ কণ্ঠশিল্পীসকলে একত্ৰিত হৈ প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰিছে এক বিশাল আৰু ব্যতিক্রমী অনুষ্ঠান ‘জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আয়োজকসকলে জনায় যে, অহা ১৯ নৱেম্বৰ, সন্ধিয়া ৫ বজাৰ পৰা চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত হার্টথ্র’ব জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্রায় দুকুৰি গীত কণ্ঠশিল্পীসকলে পৰিৱেশন কৰিব।

কণ্ঠশিল্পীসকলৰ সামূহিক প্রচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্রস্তুতি আৰু অনুশীলন কণ্ঠশিল্পীসকলে ইতিমধ্যে প্রায় সম্পূর্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ‘জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’ শীর্ষক অনুষ্ঠানটিৰ আহ্বায়কৰ দায়িত্বত আছে অনুপম শইকীয়া, তৰালি শৰ্মা, ৰূপম ভূঞা, নিৰ্মালি দাস, বৰ্ণালী কলিতা আৰু সুবাসনা দত্ত।

তদুপৰি এই প্রচেষ্টাত অসমৰ ভিন্ন প্রান্তৰ চাৰি শতাধিক কণ্ঠশিল্পী একত্ৰিত হৈ সহযোগিতা আগবঢ়াইছে। আহ্বায়কবৃন্দই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্রত অসমৰ সকলো কণ্ঠশিল্পীৰ সহযোগিতা আহ্বান কৰাৰ লগতে ৰাইজৰ উপস্থিতি আশা কৰিছে। অনুষ্ঠানটি উপভোগ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ প্রৱেশ পত্ৰৰ প্রয়োজন নাথাকে বুলিও সংবাদমেলত সদৰি কৰে আয়োজকসকলে।

সোমবাৰে অনুষ্ঠিত কৰা সংবাদমেলত জনপ্ৰিয় শিল্পী অনুপম শইকীয়া, বৰ্ণালী কলিতা, ৰূপম ভূঞা, কল্লোল বৰঠাকুৰ, সুবাসনা দত্ত, গীতালি দেৱী, ৰাকেশ ৰিয়ান, দীপলীনা ডেকাকে ধৰি বহুকেইগৰাকী শিল্পী উপস্থিত থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...