পৰিবহন বিভাগৰ পদক্ষেপঃ ১ আগষ্টৰ পৰা বিনামূলীয়াকৈ দিয়া হ’ব যান- বাহনৰ প্ৰশিক্ষণ!

হোণ্ডা ছেফ্টী ড্ৰাইভিং ট্ৰেইনিং এডুকেশ্যনৰ সহযোগত যান- বাহন চলোৱাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।১ আগষ্টৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ মাহতো এই প্ৰশিক্ষণ চলিব।

পৰিবহন বিভাগৰ পদক্ষেপঃ ১ আগষ্টৰ পৰা বিনামূলীয়াকৈ দিয়া হব যান- বাহনৰ প্ৰশিক্ষণ!

বাহন

Updated On: 

01 Aug 2024 07:45 AM

আজিকালি বিভিন্ন সংস্থা বা কোম্পানীয়ে যান- বাহন চলোৱাৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰশিক্ষণৰ নামত ৫ ৰ পৰা ৬ হাজাৰ টকা লয়। যাৰ বাবে বহুতে গাড়ী চলোৱাৰ প্ৰশিক্ষণ লোৱাৰ কথা ভাবিলেও পিচুৱাই আহিবলগীয়া হয়। এনে ক্ষেত্ৰত আছে ভাল খবৰ। কিয়নো এতিয়া আপুনি বিনামূলীয়াকৈ যান- বাহন চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। কামৰূপ মহানগৰ  জিলা প্ৰশাসনে এই ক্ষেত্ৰত লৈছে এক বিশেষ পদক্ষেপ। অৱশ্যে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় এই পদক্ষেপ।

দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ (ম) জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু পৰিবহনৰ বিশেষ কৰ্তব্যৰ বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অধীনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাংশ আগৰনুৱা ব্যক্তিক বাহন চলোৱাৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়া হ’ব।

সেই অনুসৰিয়েই ১ আগষ্টৰ পৰা সামৰিক, অৰ্ধ সামৰিক , আৰক্ষী, সাংবাদিক, গৃহৰক্ষী জোৱান, মুক্তি যুঁজাৰুৰ পৰিয়ালৰ সদস্যক হোণ্ডা ছেফ্টী ড্ৰাইভিং ট্ৰেইনিং এডুকেশ্যনৰ সহযোগত যান- বাহন চলোৱাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰোপৰি এই প্ৰশিক্ষণৰ অন্তত যান- বাহন চলোৱাৰ বাবে অত্যাৱশ্যকীয় অনুজ্ঞাপত্ৰ কেনেদৰে নিজে উলিয়াব পাৰি এই সন্দৰ্ভতো প্ৰশিক্ষাৰ্থীসকলক সাম্যক জ্ঞান প্ৰদান কৰা হ’ব।

১ আগষ্টৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ মাহতো এই প্ৰশিক্ষণ চলিব। এই কেইটাদিনত ইচ্ছ্যুক ব্যক্তিয়ে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত পৰিবহন বিভাগৰ বেতকুতিস্থিত কাৰ্যালয় চৌহদত থকা হোণ্ডা ছেফ্টী ড্ৰাইভিং এডুকেশ্যন চেন্টাৰত উপস্থিত হ’ব লাগিব। যদি কোনোৱে এই সন্দৰ্ভত অধিক তথ্য জানিব বিচাৰে তেন্তে  ৯৪০১৫-৯৬৩৮৭ আৰু ৭৮৯৬৮-৫০০৪৫ নম্বৰত যোগাযোগ কৰিব পাৰে।

 

যাদুকৰী গুণেৰে ভৰপূৰ ব্ৰকলি, শীতৰ সময়ত আপোনাৰ দেহক এইদৰে দিয়ে সুৰক্ষা
ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...