ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে, সংকটজনক অৱস্থাত কন্যা…

দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা।  সংকটজনক অৱস্থাত তেওঁলোকৰ কন্যা কৃপালীম গাৰ্গক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে, সংকটজনক অৱস্থাত কন্যা...

ক্ষেত্ৰীৰ চক্ষুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

13 Aug 2025 13:06 PM

কোনে জানে কাৰ মৃত্যু কেতিয়া? বিগত দিনবোৰত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। য’ত প্ৰাণ হেৰুৱাবলগীয়া হৈছি বহু লোকে। পুৱা সংঘটিত তেনেই এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য। ভয়ংকৰ দুৰ্ঘটনাটোত নিঃশেষ হৈ গ’ল এটা পৰিয়াল। হাঁহি -ধেমালিৰে ওলাই অহা পৰিয়ালৰ নিমিষিতে থান -বান হৈ গ’ল সকলো সপোন

ক্ষেত্ৰীৰ চক্ষুৰাত আজি পুৱাই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। পুৱা প্ৰায় ৬ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য। জানিব পৰা মতে মঙলদৈৰ নিজা বাসগৃহৰ পৰা মাৰুতি S-CROSS বাহনত ৰহা অভিমুখে আহি আছিল পৰিয়ালটো। সেইসময়তে ক্ষেত্ৰীৰ চক্ষুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰৰ মাজত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ আছিল AS 01 ET 2351।

যাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা।  সংকটজনক অৱস্থাত তেওঁলোকৰ কন্যা কৃপালীম গাৰ্গক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গাড়ীৰ ভিতৰত আবদ্ধ মৃতদেহ উলিয়াবলৈ লাগিছিল কেইবাঘন্টা সময়। নিহত দম্পত্তীহালৰ ঘৰ মঙলদৈৰ মেনাপাৰাত । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ অভিযোগ ৰাইজৰ।

উত্থাপিত অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই প্ৰতিদিনে উক্ত স্থানত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দুৰ্ঘটনাটো ইমানে ভয়াৱহ আছিল যে কেইবাঘন্টা ধৰি মৃতদেহ আৱদ্ধ হৈ থাকে গাড়ীখনৰ ভিতৰত। দুৰ্ঘটনাটোৰ বাবে ৰাজপথত তীব্ৰ যান-জটৰ সৃষ্টি হয়।

মৃতদেহ উদ্ধাৰ কৰিবলৈ Fire & Emergency ৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে যান-বাহন আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্তগৰাকী। অধিক তথ্য লাভৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: কৃত্ৰিম বানত জুৰুলা মহানগৰবাসী, বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ , ব্যাহত বিদ্যুৎ সেৱা

বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...
বৃহস্পতিবাৰে ব্ৰত পালন কৰিলে কি কি লাভ হয়? আচৰিত ফল পাব...
ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ এই নিয়ম মানি চলক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণে দেখা দিলে এই কাম কৰক, লগে লগে নিয়ন্ত্ৰণ হ'ব...