আল্ট্ৰা বাছৰ দৌৰাত্ম্য! গোৱালপাৰাত থিতাতে নিহত মাতৃ-পুত্ৰসহ ৩জন

ঘটনা অনুসৰি ফ’ৰ্ড ফিগো বাহন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা৷ দুগৰাকী মহিলা আৰু এটি কিশোৰ থিতাতে নিহত হয়৷ ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনা৷নিহত আটাইকেইজনৰ ঘৰ দুধনৈত৷

আল্ট্ৰা বাছৰ দৌৰাত্ম্য! গোৱালপাৰাত থিতাতে নিহত মাতৃ-পুত্ৰসহ ৩জন

গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

15 Nov 2024 | 03:22 PM

আন এক ভয়ংকৰ পথ সংঘটিত হৈছে ৰাজ্যত। গোৱালপাৰাৰ ৰংজুলিৰ দোসীমাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। মৃত্যুদূতৰূপী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ প্ৰাণ গ’ল তিনিগৰাকীৰ৷ মাতৃ-পুত্ৰসহ তিনিগৰাকী থিতাতে নিহত হয় ভয়ংকৰ দুৰ্ঘটনাত।

ঘটনা অনুসৰি ফ’ৰ্ড ফিগো বাহন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা৷ দুগৰাকী মহিলা আৰু এটি কিশোৰ থিতাতে নিহত হয়৷ ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনা৷দুৰ্ঘটনাত থিতাতে নিহত হয় ফিগো বাহনত থকা মীনা ৰাভা ৰায় (৪৫), কৃতো ৰায় (১৪) আৰু মঞ্জু ৰায় (৫৫)৷ মীনা ৰাভা ৰায় আৰু কৃতো ৰায় মাতৃ-পুত্ৰ৷

দুৰ্ঘটনাত পতিত হোৱা আলট্ৰা বাছখন গুৱাহাটী অভিমুখে আহি আছিল। নিহত আটাইকেইজনৰ ঘৰ দুধনৈত৷ আল্ট্ৰা বাছৰ দৌৰাত্ম্যৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷বাছখন দ্ৰুত গতিতি আহি আছিল বুলি জনাই প্ৰত্যক্ষদৰ্শীয়ে

দীপাৱলীৰ নিশা মহানগৰীত সংঘটিত দুৰ্ঘটনাত মৃত্যু হৈছিল দুজনৰ ৷ খানাপাৰাত দুখনকৈ স্ক’ৰপিঅ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ অতি ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে নিহত যুৱক-যুৱতী৷ দুৰ্ঘটনাগ্ৰস্ত দুখন স্ক’ৰপিঅ’ৰ এখনৰ নাছিল নম্বৰপ্লেট৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আন এগৰাকী যুৱতী। গুৰুতৰভাৱে আহত চালকসহ আনগৰাকী যুৱতীক GMCHত ভৰ্তি কৰোৱা হৈছিল।

তাৰে কিছুদিন পাছতে মেঘালয়ৰ ৰিভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী- শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অসমৰ দুই যুৱক- যুৱতীৰ।পথ দুৰ্ঘটনাত মৃত্য়ু হোৱা যুৱকজন মৰানৰ ২ নং সৰুপথাৰ গাঁৱৰ ২৩ বছৰীয়া নিলোৎপল দুৱাৰী আৰু যুৱতীগৰাকী মৰানৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ ২১ বছৰীয়া গাৰ্গী চুতীয়া । একাংশৰ মতে দুয়ো প্ৰেমিক-প্ৰেমিকা আছিল আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিবলৈ গৈছিল।

লগতে পঢ়ক: গুৱাহাটীত ৰামায়ণ ধাৰাবাহিকৰ ‘ৰাম-সীতা’, অংশ ল’ব নলবাৰীৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত!

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...