আজিৰ দিনটোত ক’ত কি কি ঘটিছে? পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পৰা এছ আৰ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া প্ৰকাশলৈ,,, আজিৰ দিনটোত ক’ত কি কি ঘটিছে? পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

১. আজি জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন। জুবিনবিহীনভাৱে প্ৰথমটো জন্মদিন পালন কৰিলে ৰাজ্যবাসীয়ে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ। চৰকাৰৰ উদ্যোগত আয়োজন কৰা হয় ৰক্তদান শিবিৰ।
২. ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ’ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া। ১ জানুৱাৰী, ২০২৬ ৰ ভিত্তিত পুনৰীক্ষণ কৰা হ’ব ভোটাৰ তালিকা। পুনৰীক্ষণৰ সময়ত BLO সকল ঘৰে ঘৰে গৈ ভোটাৰৰ অৱস্থিতি আছে নে নাই সেয়া পৰীক্ষা কৰিব। অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন।
৩. ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত আঁতৰিল বাধা। এই গোচৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ নং ধাৰা সংযোজনৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে। ১০ ডিচেম্বৰৰ ভিতৰত সকলো অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব বুলি জনায় মুন্না প্ৰসাদ গুপ্তাই।
৪. দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে পবিতৰা অভয়াৰণ্য। বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক পক্ষীৰ আগমন ঘটাৰ সম্ভাৱনা ব্যক্ত কৰিছে কৰ্তৃপক্ষই। যোৱা ২৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে পবিতৰা অভয়াৰণ্যৰ পৰ্যটন বৰ্ষ। এইবছৰ ৭০ টাতকৈও অধিক প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিব বুলি জনাইছে কৰ্তৃপক্ষই।
৫. ৰাষ্ট্রীয় নাগৰিকপঞ্জীক আনুষ্ঠানিকভাৱে অধিসূচনা নকৰালৈকে ৰাজ্যৰ নির্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন কৰিব পৰা নহ’ব। কিন্তু অহা বছৰৰ মাজভাগত এই প্রক্রিয়া সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে ৷ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে বৰ্তমানৰ এছ আৰ প্ৰক্ৰিয়াত নাগৰিকত্ব পৰীক্ষা কৰা নহ’ব; সেই নিৰ্ণয় বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়তহে হ’ব। প্ৰথমে আহিব বিশেষ সাৰাংশ পুনৰীক্ষণ, আৰু তাৰ পিছত বিশেষ নিবিড় পুনৰীক্ষণ কৰা হ’ব।
৬. জুবিন গাৰ্গৰ নামত বড়োভূমিত ৩০ বিঘা ভূমিত ৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব উদ্যান। জুবিন গাৰ্গে অধ্যয়ন কৰা বিজনী আৰু তামুলপুৰৰ বিদ্যালয় দুখনৰ আন্তঃগাঁথনিৰো উন্নয়ন কৰিব বিটিচি চৰকাৰে। এই ঘোষণা কৰিছে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰক্তদান কৰে নেতাগৰাকীয়ে।
৭. দেশৰ বুকুত সন্ত্ৰাস সৃষ্টি কৰি অহা মাওবাদীৰ নিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। অন্ধ্ৰ প্ৰদেশ-ছত্তীশগড় সীমান্তৰ সমীপৰ এখন অৰণ্যত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। এই এনকাউণ্টাৰত নিহত হয় শীর্ষ নক্সাল নেতা মদৱী হিদমা আৰু তেওঁৰ পত্নী। হিদমাৰ মূৰৰ দাম ১ কোটি টকা নিৰ্ধাৰণ কৰিছিল চৰকাৰে।
৮. দিল্লী বিস্ফোৰণৰ সৈতে সাঙোৰ খোৱা ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত ইডিৰ অভিযান। আজি তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ ওখলা আৰু জামিয়া নগৰ অঞ্চলকে ধৰি ২৫টা স্থানত অভিযান চলায়। ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলায়।
৯. এছ আৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ। এক সংবাদমেলযোগে কংগ্ৰেছ নেতা ৰিপুন বৰাই কয় যে বিহাৰ নিৰ্বাচনৰ পাছত অসমত স্পেচিয়েল ৰিভিজনৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। ইয়াৰ পৰিৱৰ্তে Summary Revisionৰ দাবী কংগ্ৰেছৰ। নিৰ্বাচন আয়োগৰ কাম-কাজত সন্দেহ প্ৰদেশ কংগ্ৰেছৰ।