Top9: দিনটোত ক’ত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ…

আজি ২২ নৱেম্বৰ শনিবাৰ, আজিৰ দিনটোত বহুতো খবৰে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাওক আজিৰ দিনটোৰ বহু খবৰ…

Top9: দিনটোত ক’ত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ…
Published: 

22 Nov 2025 18:34 PM

1. বৰ্ষাপাৰাত আজিৰ পৰা ঐতিহাসিক টেষ্ট। ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মেচ উপভোগ কৰিলে দৰ্শকে। বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টেষ্ট মেচ, উৎসুক ক্ৰীকেট অনুৰাগী।

2. হাজোত শিহৰণকাৰী পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহটিয়ালে তিনি ছাত্ৰীক। থিতাতে নিহত দুই ছাত্ৰী আৰু আহত এগৰাকী ছাত্ৰী। পুৱা টিউচনলৈ যোৱাৰ সময়ত বলেৰ’ বাহনে মহটিয়াই নিয়ে। উত্তেজিত ৰাইজে জ্বলাই দিয়ে বাহনখন।

3. কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, “নিজৰ সমৰ্থকৰ বাবেই কোনো ধৰণৰ কাম নকৰিলে কংগ্ৰেছে। অসমত কংগ্ৰেছে ৬০ বছৰ চৰকাৰ চলাইছিল, কিন্তু মাটিৰ পট্টা দিয়াত ব্যৰ্থ হ’ল। বুলিও মুখ্যন্ত্ৰীয়ে কটাক্ষ কৰে। ইয়াৰ লগতে SR বিতৰ্কক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

4. যুৱকসকলৰ বাবে ভাল খবৰ। শীঘ্ৰে আহিব অসম চৰকাৰৰ বাবু আঁচনি। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সাংবাদিক সমাজৰ বাবে নতুন বিশেষ আঁচনি মুকলি কৰা হ’ব পাৰে বুলি জনায়।

5. জুবিন গাৰ্গক সুঁৱৰি চেপনৰ মঞ্চত কান্দি উঠিল তোলনীয়া কন্যা কাজলী। জুবিন গাৰ্গক সুঁৱৰি আয়োজিত ‘এতিয়াও সাৰে আছোঁ মই’ শীৰ্ষক অনুষ্ঠানত কাজলীৰ চকুত চকুলোঁ। কন্যাক সকলোৰে সন্মুখত চিনাকি কৰাই দিলে ৰাহুল গৌতমে। সামাজিক মাধ্যমত বাইৰেল হৈ পৰিছে কাজলিৰ ভিডিঅ’।

6. জুবিনক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰী। প্ৰথম ৪০ দিনত ৪লাখ ৫০ হাজাৰ টকাৰ বিপৰীতে নৱেম্বৰ ২ তাৰিখৰ পৰা ১৯ দিনত ৪ লাখ ৬৩ হাজাৰ টকাৰ হিচাপ। পূৰ্বৰ সমিতিৰ একাংশই ৰাইজে দিয়া দান বৰঙণি হৰলুকী কৰাৰ অভিযোগ। জুবিনক্ষেত্ৰত হোৱা সংবাদমেলত উত্তপ্ত পৰিস্থিতি।

7. মিঞা মানুহ নহয় নেকি? মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন ৰিপুণ বৰাৰ। তেওঁ কয়, শংকৰদেৱে কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকে কৰিবা প্ৰণাম বুলি কৈছিলে। তেন্তে মুখ্যমন্ত্ৰীয়ে ক’ত ৰাজধৰ্ম পালন কৰিছে? এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি।

8. বিহাৰ নিৰ্বাচনৰ পাছত সংখ্যালঘু ৰাজনীতিত পট পৰিৱৰ্তন হৈছে। ৰাহুল গান্ধী ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাটো দূৰৰে কথা বিধায়কো হ’ব নোৱাৰে বুলি কয় বদৰুদ্দিন আজমলে। আছাউদ্দিন ওৱেছিৰ সৈতে বৈঠকত মিলিত হ’ব AIUDF বিধায়কৰ প্ৰতিনিধি দল। ৩ ডিচেম্বৰৰ পাছত অনুষ্ঠিত হব গুৰুত্বপূৰ্ণ বৈঠক।

9 ডুবাই এয়াৰ শ্ব’ৰ দুৰ্ঘটনাত শ্বহীদ নমাংশ শ্যালক নমন। শ্বহীদ নমাংশ হিমাচল প্ৰদেশৰ কাংগৰাৰ বাসিন্দা আছিল। শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ দেশে শ্বহীদ জোৱানজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। শোকস্তব্ধ হৈ পৰিছে দেশ।

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...