লোকসভাৰ উত্তপ্ত পৰিস্থিতিৰ পৰা গৌৰৱ গগৈলৈ…আজিৰ দিনটোৰ খবৰসমূহ…
TOP 9 news: আজি লোকসভাত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীসকলক অপসাৰণ সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰে। ইয়াৰ বিৰোধিতা কৰে বিৰোধী দলে। লগতে প্ৰতিলিপি ফালি অমিত শ্বাহৰ গালৈ দলিয়ায়।

সংসদত বিধেয়ক উত্থাপন অমিত শ্বাহৰ
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লোকসভাত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীসকলক অপসাৰণৰ বাবে বিধেয়ক উত্থাপন কৰিছে ৷ এই বিধেয়কৰ অধীনত যদি কোনো গুৰুতৰ অপৰাধমূলক গোচৰত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব পৰা যাব। বিৰোধী সাংসদসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি গৃহমন্ত্ৰীৰ গালৈ প্ৰতিলিপি ফালি নিক্ষেপ কৰে।
২. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ নাৰ্চ ভানুপ্ৰিয়া মিচঙক। দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ নাৰ্চগৰাকীক। ইফালে ভানুপ্ৰিয়াক গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ একাংশ সতীৰ্থই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে জিএমচিএইছত পৰ্যাপ্ত সুবিধাৰ অভাৱৰ কথাও উল্লেখ কৰে তেওঁলোকে।
৩. মৰিগাঁও কাৰাগাৰত অঘটন। পুনৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ। যৌন নিৰ্যাতনৰ গোচৰত কাৰাবন্দী হৈ আছিল দুই কয়দী। পুৱতি নিশা কাৰাগাৰৰ পৰা পলায়ন কৰে জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰ নামৰ কয়দী দুটাই। ইয়াৰ পূৰ্বেও কাৰাগাৰৰ পৰা পলায়ন কৰিছিল জিয়াৰুল ইছলামে।
৪. হোজাইত প্ৰশাসনৰ উচ্ছেদৰ মাজতে উত্তপ্ত পৰিস্থিতি। বেদখলকাৰীৰ বিৰুদ্ধে আদৰ্শ বজাৰ ভূমিত উচ্ছেদ চলাইছিল প্ৰশাসনে। তাৰ মাজতেই একাংশ লোকে আৰক্ষী-প্ৰশাসনক বাধা প্ৰদানৰ চেষ্টা কৰে। আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে একাংশই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠী চালনা কৰে আৰক্ষীয়ে।
৫. বি টি আৰত পুনৰ ভাতৃঘাতী তথা গোষ্ঠীগত সংঘৰ্ষৰ আশংকা l এক অশুভ শক্তিয়ে এনে পৰিকল্পনা ৰচনা কৰাৰ সন্দেহ l এই আশংকা প্ৰকাশ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ l নিজৰ ফেচবুক একাউণ্টত এক পোষ্টযোগে এনে চাঞ্চল্যকৰ আশংকা ব্যক্ত কৰিছে কেবিনেট মন্ত্ৰীগৰাকীয়ে l
৬. অচিনাকী ফোন নম্বৰৰ পৰা প্ৰেৰণ কৰা ভাবুকিপূৰ্ণ ভইচ মেছেজক লৈ ধুবুৰীত চাঞ্চল্য। বাংলাদেশৰ ‘জামায়াতে ইছলামী’ (Jamaat E Islami) নামৰ এটা সংগঠনৰ নাম লৈ কোনো অজ্ঞাত লোকে প্ৰেৰণ কৰিছিল এই ভইচ মেছেজ। ধুবুৰীত জামায়তৰ সদস্যক আটক কৰাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰা হৈছে ভইচ মেছেজত। এনে কাৰ্য বন্ধ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ দিছে অজ্ঞাত ব্যক্তিগৰাকীয়ে।
৭. দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ। চিভিল লাইনত থকা তেওঁৰ কেম্প অফিচত ‘সাপ্তাহিক জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হয় মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা ৰাজেশ নামৰ যুৱকজনক। তেওঁ প্ৰথমে মুখ্যমন্ত্ৰীক কিছু কাগজ-পত্ৰ দিছিল আৰু তাৰ পিছত আক্ৰমণ কৰে।
৮. চতিয়া দিৱস উপলক্ষে আজি চতিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাত দেশৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল ৰাইজে। সেই সময়ত ছহিদ হৈছিল কেবাজনো লোক। সেই স্মৃতিতে পালন কৰা হয় চতিয়া দিৱস। অসমীয়া স্বাধীনতা সংগ্ৰামী সকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। চতিয়াৰ ঐতিহাসিক ঘটনাৰ আলমত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।
৯. ডিমা হাচাও জিলাত এটা চিমেণ্ট কোম্পানীক ৩০০০ বিঘা মাটি আগবঢ়োৱা অসম চৰকাৰ পদক্ষেপৰ সমালোচনাত্মক পৰ্যবেক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । X ৰ এটা পোষ্টত লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতিগৰাকীয়ে অসমৰ সকলো প্ৰধান জিলা আৰু ষষ্ঠ অনুসূচীৰ এলেকাত কৰ্পৰেটক বৃহৎ পৰিমাণৰ মাটি দিয়াৰ এনে প্ৰথা চলি থকা বুলিও আক্ষেপ প্ৰকাশ কৰে।
অন্য খবৰ পঢ়কঃউচ্ছেদৰ মাজতে হোজাইত উত্তপ্ত পৰিস্থিতি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ,পাছত লাঠীচালনা…