Top9 Assam: আজিৰ দিনটোত ক’ত কি ঘটিল চাও আহক…

আজি ৩ জানুৱাৰী ২০২৬, শনিবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল...

Top9 Assam: আজিৰ দিনটোত কত কি ঘটিল চাও আহক...
Published: 

03 Jan 2026 | 06:03 PM

A.১৭ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি। আজি আদালতত জামিন আবেদন দাখিল কৰে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই। পৰৱৰ্তী শুনানিত জামিন আবেদন সন্দৰ্ভত দিয়া হ’ব ৰায়দান। আজি বিচাৰপ্ৰক্ৰিয়াত ভাৰ্ছুৱেলী উপস্থিত থাকে আটাইকেইজন অভিযুক্ত।

B) সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ আৰু দানৱ আখ্যা জুবিন গাৰ্গৰ পত্নী গৰিমাৰ। ‘এই অসুৰকেইটা বধ হ’বই লাগিব’। ‘জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়’। সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে।

C) চলিত মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ১৭-১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিব।

D) সামৰিক ঘাটিক লক্ষ্য কৰি ভেনিজুৱেলাৰ ৰাজধানীত বৃহৎ আক্ৰমণ আমেৰিকাৰ। শনিবাৰে পুৱা প্ৰায় ২ বজাত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও সাতটা বিস্ফোৰণৰ শব্দ শুনা যায়। Sky News Arabia ই দাবী কৰিছে যে, ভেনিজুৱেলাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘৰ আৰু এটা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল।

E) গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। নিশা খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে। অৱশ্যে দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক চালক জনো।

F) জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীয়েও নিয়োগ কৰিলে অধিবক্তা। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰক নিয়োগ সিদ্ধাৰ্থৰ, কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক নিয়োগ শ্যামকানুৰ, অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিয়োগ কৰিলে অধিবক্তা এছ কলিতাক।

G) গোৱালপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। ২৮,০৯৩গৰাকী মহিলাক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফ্ৰেব্ৰুৱাৰীৰ ১০ তাৰিখে বাকী থকা মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব বুলি ঘোষণা

H) সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী। আজি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয়,’কংগ্ৰেছ শাসনত অহাটো কোনো চান্সেই নাই।

I) আই পি এল ফ্ৰেন্সাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ ডাঙৰ সিদ্ধান্ত। আই পি এলৰ নিলামত ফ্ৰেন্সাইজিটোৱে ক্ৰয় কৰিছিল বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক। কিন্তু বাংলাদেশৰ ৰাজনৈতিক পৰিস্থতি আৰু ভাৰতৰ সৈতে দেশখনৰ ক্ৰমবৰ্ধমান দূৰত্বৰ বাবে মুস্তাফিজুৰক লৈ বিতৰ্কৰ সূত্ৰপাত হয়। অৱশেষত মুস্তাফিজুৰক এই বৰ্ষৰ আই পি এলৰ পৰা বহিষ্কাৰ কৰিছে BCCI- এ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...