ভোগালী বিহু উদযাপনৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ দ্বিতীয় এদিনীয়ালৈ… দিনটোৰ শীৰ্ষ খবৰ
আজি ১৪ জানুৱাৰী, ২০২৬, মংগলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:

১. আজি হেঁপাহৰ ভোগালী বিহু। কালি নিশা উৰুকাৰ ভোজ-ভাত খোৱাৰ অন্তত আজি পুৱাই মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা জনালে অসমীয়াই। পৰম্পৰা অনুসৰি বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হয় থলুৱা খেল-ধেমালিৰো।
২. বিতৰ্কৰ অৱসান ঘটায় আজি কংগ্ৰেছ ত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে। কংগ্ৰেছত যোগ দিয়াৰ তিনিদিন পিছতে দল ত্যাগ কৰিলে নেতাগৰাকীয়ে। ধুবুৰী-শিৱসাগৰ সন্দৰ্ভত কৰা এক মন্তব্যক লৈ সৃষ্টি হৈছিল বিতৰ্ক। তাৰ পাছতেই ৰেজাউলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিভিন্নজনে। তাৰ মাজতেই আজি তেওঁ কংগ্ৰেছ ত্যাগ কৰে।
৩. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতত শুনানি। আদালতত তদন্তকাৰী বিষয়াই জনোৱা মতে, অতিমাত্ৰা সুৰাপান কৰি পানীত নামিছিল জুবিন গাৰ্গ। পিন্ধা নাছিল কোনো লাইফ জেকেট। যাৰ বাবে সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গ অসুস্থ হৈ পৰে আৰু পাছত তেওঁৰ মৃত্যু ঘটে।
৪. আজি কাৰ্বি আংলঙত মহিলাৰ মাজত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং। কাৰ্বি আংলঙৰ পৰাই সকলোকে ভোগালী শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।
৫. টীয়ক বামুণপুখুৰীত পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চাফা কৰি থকা অৱস্থাত এখন তীব্ৰবেগী স্কৰপ্ৰিঅ’ বাহনে মহতিয়াই নিয়ে কেবাজনো লোকক। এই ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় আন তিনিজন লোক। মৃত দুজন অভিজিত ফুকন আৰু অমৃত গগৈ।
৬. ভোগালী বিহু উপলক্ষে মেজি প্ৰজ্বলন কৰিলে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। বঙাইগাঁও সমষ্টিৰ বিধায়িকা তথা সাংসদগৰাকীৰ পত্নী দীপ্তিময়ী চৌধুৰীও উপস্থিত থাকে সেই স্থানত। ৰাজ্যবাসীক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অপায় অমংগল দূৰ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনায় সাংসদ চৌধুৰীয়ে।
৭. ভোগালীৰ বিহুৰ এটা পোষ্টক লৈ তীব্ৰ বিতৰ্ক। কংগ্ৰেছৰ পেজত প্ৰকাশ পোৱা পোষ্টটোত মেজিৰ ৰূপত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱন জ্বলাই দিয়া দেখা গৈছে। এই পোষ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয় যে কংগ্ৰেছে অসমৰ সংস্কৃতিক অপমান কৰিছে।
৮. পুনৰ বাংলাদেশলৈ ওভতাই পঠিওৱা হ’ল চাৰিগৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টযোগে এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰে। এই ক্ষেত্ৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ প্ৰচেষ্টাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে।
৯. ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি অনুষ্ঠিত হৈছে শৃংখলাৰ দ্বিতীয়খন এদিনীয়া। ৰাজকোটত অনুষ্ঠিত মেচখনত নিউজিলেণ্ডে টছত জিকি বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৮৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে শতকীয় ইনিংছ খেলে। শুভমন গিলেও ৫৬ ৰাণ সংগ্ৰহ কৰে।