গুৱাহাটীত যুৱতীৰ মৃত্যুৰ পৰা ট্ৰাম্পৰ এছিয়া ভ্ৰমণলৈ, দিনটোৰ শীৰ্ষ খবৰসমূহ…

Top9: আজি গুৱাহাটীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

গুৱাহাটীত যুৱতীৰ মৃত্যুৰ পৰা ট্ৰাম্পৰ এছিয়া ভ্ৰমণলৈ, দিনটোৰ শীৰ্ষ খবৰসমূহ...

টপ৯

Published: 

26 Oct 2025 16:56 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১)দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে দেশবাসীক। আজি প্ৰচাৰ হয় ১২৭সংখ্যক ‘মন কী বাত’ অনুষ্ঠান। এই অনুষ্ঠানত তেওঁ কয়, বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটোৱে ভাৰতৰ এক সজীৱ আৰু গৌৰৱময় প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে। তেওঁ এই গীতটোৰ মূল্যবোধক ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই দি ১৫০ বছৰীয়া জয়ন্তীক স্মৰণীয় কৰি তুলিবলৈ নাগৰিকসকলক আহ্বান জনায়।

২) জুবিন ক্ষেত্ৰত এছ অ পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিল্পী মানস ৰবীনৰ। তেওঁ কয় যে, জুবিন গাৰ্গৰ বাবে কোনো SOPৰ প্ৰয়োজন নাই। অ-প্ৰয়োজনীয় ভাৱে একাংশ লোকক দি ৰখা সুৰক্ষা কৰ্মীক আঁতৰাই জুবিন ক্ষেত্ৰত নিয়োগ কৰক। এনে সিদ্ধান্ত চৰকাৰে ব্যক্তিগত ভাৱে ল’ব নালাগে। প্ৰয়োজন হ’লে ৰাইজৰ লগত আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰক ।

৩)গুৱাহাটীৰ জনকপুৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ। DCP মৃণাল ডেকাই জনাই যে, এই ঘটনাৰ অভিযোগত নয়ন দাসক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়ালৈকে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। অতিমাত্ৰা ড্ৰাগছ সেৱন কৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ নিচাযুক্ত দ্ৰব্য। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

৪)উত্তৰ প্ৰদেশৰ ATS য়ে দাখিল কৰা এজাহাৰত আইছিছৰ এক ভয়ানক চক্ৰান্ত পোহৰলৈ আহিছে।ভোপালৰ বাসিন্দা আদনানৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ। জানিব পৰা মতে,মধ্যপ্ৰদেশৰ ভোপালৰ বাসিন্দা আদনানে ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে জ্ঞানব্যাপী মছজিদৰ গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ বিৰুদ্ধে পোষ্ট কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছিল।

৫)জুবিন ক্ষেত্ৰত একাংশৰ উদ্ভাণ্ডলী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এচাম উদণ্ড ব্যক্তিয়ে জুবিন গাৰ্গক মদেৰে জীয়াই ৰাখিব বিচাৰে। কিন্তু, অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিনত তেওঁৰ সৃষ্টিৰাজি আৰু গানেৰে জীয়াই ৰাখিব বিচাৰে। অসমৰ মানুহে জুবিনক গান, তেওঁৰ সৃষ্টি আৰু নাহৰেৰে জীয়াই ৰাখিব বিচাৰে।

৬)হঠাৎ বৃদ্ধি পাইছে ‘ৰৈ ৰৈ বিনালে’ ছবিৰ টিকটৰ দাম। গুৱাহাটীৰ একাংশ ছবিগৃহত দাম বৃদ্ধিৰ অভিযোগ উত্থাপন হৈছে। চিনেপোলিচ, পিভিআৰ আদিত ১০০ টকা পৰ্যন্ত দাম বৃদ্ধি। উল্লেখ্য যে, ৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে। ইতিমধ্যে ইয়াৰে এডভান্স বুকিং আৰম্ভ হৈছে। কেইবাদিনৰ বাবে ইতিমধ্যে হাউচফুল হৈছে বহু ছবিগৃহ।

৭) ডিচেম্বৰত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। সোমবাৰে প্ৰকাশ পাব পৰিষদৰ খচৰা ভোটৰ তালিকা। ১০ নৱেম্বৰলৈ দাখিল কৰিব পাৰিব আপত্তি। ১৬ নৱেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব ওজৰ আপত্তি। ১৭ নৱেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটৰ তালিকা। সেই অনুসৰি হ’ব নিৰ্বাচন।

৮)ছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ। দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কৰিছে এই ঘোষণা। তথ্য অনুসৰি, ছৌদি আৰৱত বেলুচিস্তানক পৃথক দেশ বুলি অভিহিত কৰিছিল ছলমান খানে। তাৰ পাছতে দেশখন সৰৱ হৈ পৰে। পাকিস্তানৰ ১৯৯৭ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনখনৰ চতুৰ্থ অনুসূচীৰ অধীনত এই ঘোষণা কৰে।

৯)দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমবাৰৰ বাবে এছিযা ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত ট্ৰাম্পে বিনিয়োগ চুক্তি আৰু শান্তি প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়ত ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব। যাৰ ওপৰত নজৰ সমগ্ৰ বিশ্বৰ আছে।

 

অন্য খবৰ পঢ়কঃ কেনে আছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ? জনালে চিকিৎসকে…

কাণৰ বিষ আৰু জ্বৰ... মান ধনিয়াৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক