Top9: টীয়কৰ ভয়ংকৰ ঘটনাৰ পৰা দেশৰ বাবে ভাল খবৰলৈ, চাওক দিনটোত ক’ত, কি হ’ল…

Top9: ৰাজ্যৰ পৰা বিশ্বলৈ আজি বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। অসমত আজি শ্বহীদ দিৱস পালন কৰা হয়। ইফালে টীয়কত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। কোঠাৰ পৰা উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ।

Top9: টীয়কৰ ভয়ংকৰ ঘটনাৰ পৰা দেশৰ বাবে ভাল খবৰলৈ, চাওক দিনটোত কত, কি হল...

টীয়কৰ ঘটনা

Published: 

10 Dec 2025 19:58 PM

১. আজি শ্বহীদ দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত অসম আন্দোলনৰ শ্বহীদৰ সোঁৱৰণত পালন কৰা হয় এই শ্বহীদ দিৱস। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰও আজি উন্মোচন কৰা হয়। অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ। এই শ্বহীদ স্মাৰকত এটি ডিজিটেল লাইব্ৰেৰী স্থাপনৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

২. শ্বহীদ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নগাঁৱৰ কলিয়াবৰত আছুৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তথা আন ৮৫৯ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন আছু নেতৃত্বৰ। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো সামাজিক মাধ্যমযোগে শ্ৰদ্ধা নিবেদন কৰে অসম আন্দোলনৰ শ্বহীদলৈ।

৩. টীয়কৰ বলমা মৰাণ গাঁৱত নৃশংস ঘটনা। ঘৰৰ ভিতৰত তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ। আহত অৱস্থাত উদ্ধাৰ কৰা হয় পিতৃক। পাৰিবাৰিক কন্দলৰ পৰিপ্ৰেক্ষিততেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। গুৰুতৰভাৱে আহত কল্যান কোঁৱৰক হাস্পতালত ভৰ্তি।

৪. গুৱাহাটীৰ শ্ব’হাম এম্পৰিয়ামত ভয়ংকৰ অগ্নিকাণ্ড। অট্টালিকাটোত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কেবাটাও শাখাত জুই লগাত বহু কোটি টকা জ্বলি যোৱাৰ সন্দেহ কৰা হৈছে। কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় ৫ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

৫. মহানগৰীৰ খাৰঘূলিত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ পাঁচজনকৈ লোক। খাৰঘূলিৰ ভক্তিকুটীৰ মন্দিৰলৈ আহিছিল লোককেইজন। মন্দিৰত পূজা-অৰ্চনাৰ বাবে ৮ জন লোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে। কিন্তু তাৰে পাঁচজন লোক ডুব যায়। ইতিমধ্যে এন ডি আৰ এফ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

৬. বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰ কৰিবলৈ অহা পাঁচজন লোকক গ্ৰেপ্তাৰ। শীতকালত বিলখনলৈ অহা পৰিভ্ৰমী পক্ষী ধৰিবলৈ আহিছিল লোককেইজন। তেওঁলোকৰ পৰা এটা জীৱন্ত দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ কৰাৰ লগতে জব্দ কৰা হয় চৰাই ধৰা সামগ্ৰী। গ্ৰেপ্তাৰ কৰা ৫ জন ব্যক্তি ক্ৰমে ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন আৰু ফুকীৰ আলী ।

৭. পশ্চিম বংগত চাঞ্চল্যকৰ ঘটনা। আদালতত সাক্ষী দিবলৈ যোৱা এজন ব্যক্তিৰ বাহন খুন্দিয়াই চূড়মাৰ কৰিলে এখন ট্ৰাকে। এই ঘটনাত ব্যক্তিজনৰ পুত্ৰ আৰু গাড়ী চালকৰ মৃত্যু ঘটে। সন্দেশখালিৰ শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষী দিবলৈ গৈছিল ভোলানাথ ঘোষ নামৰ লোকজন। এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড আখ্যা পৰিয়ালৰ।

৮. ভাৰতবাসীৰ বাবে এক ভাল খবৰ। ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল দীপাৱলী উৎসৱ। ইউনেস্কোৰ আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ থকাৰ সময়তে দিল্লীৰ লালকিল্লাৰ পৰা আজি এই ঘোষণা কৰা হয়। দীপাৱলীৰ পূৰ্বে ১৫টা ভাৰতীয় ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে। এই অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ।

৯. আজি লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সন্দৰ্ভত ভাষণ দি বিৰোধীৰ অভিযোগ প্ৰতিহত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে কংগ্ৰেছ দলকো আক্ৰমণ কৰে শ্বাহে। তেওঁ কয় যে নেহৰুৰ শাসনকালত তিনিবাৰ আৰু কংগ্ৰেছৰ শাসন কালত মুঠ ১১ বাৰ এছ আই আৰ কৰা হৈছিল। ১৯৫২ চনত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে প্ৰথম SIR চলোৱা হৈছিল। তাৰ পিছত ১৯৫৭ আৰু ১৯৬১ চনত এছ আই আৰ সম্পন্ন কৰা হয়।

 

অন্য খবৰ পঢ়কঃ কেতিয়াৰ পৰা বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু কিমান হ’ব লাভ? জানক সকলো…

ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰৰ টিপছ জানক
মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
শীতকালত উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি কি খাদ্য খাব নালাগে? জানক...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০