বায়ুসেনাৰ এয়াৰ শ্ব’ৰ পৰা ৰাছিয়াৰ নতুন ঘোষণালৈ, দিনটোৰ খবৰ…

Top9: আজি গুৱাহাটীত অনুষ্ঠিত হয় বায়ু সেনাৰ এয়াৰ শ্ব'। য'ত বহু যুদ্ধ বিমানে কলা-কৌশল প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

বায়ুসেনাৰ এয়াৰ শ্বৰ পৰা ৰাছিয়াৰ নতুন ঘোষণালৈ, দিনটোৰ খবৰ...

টপ৯

Published: 

09 Nov 2025 17:31 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ-

১) কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অসম ভ্ৰমণ বাতিল । আজি গুৱাহাটীৰ লাচিত ঘাটত আয়োজিত বায়ুসেনা দিৱসৰ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীগৰাকী। কিন্তু কোনো বিশেষ কাৰণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰে।

২) আজি ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হয় বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’। য’ত শক্তিশালী চি-১৭ৰ পৰা তেজছলৈ, মিৰাজ-২০০০ৰ অত্যাধুনিক ৰাফেললৈ প্ৰায় ৭৫ খন বিমানে কলা-কৌশল প্ৰদৰ্শন কৰে। যুদ্ধ বিমানসমূহৰ কলা-কৌশল দেখি আপ্লুত হৈ পৰে হাজাৰ হাজাৰ দৰ্শক।

৩) গুৱাহাটীত অনুষ্ঠিত এয়াৰ শ্ব’ত হাজাৰ হাজাৰ লোকৰ উপস্থিতি। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে. উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন উৰণ প্ৰদৰ্শনী সচাঁকৈয়ে শক্তি, দক্ষতা আৰু ভাৰতীয়ত্বৰ এক শ্বাসৰোধক প্ৰদৰ্শন আছিল। ইয়াৰ জৰিয়তে ‘চিকেন নেক’ আৰু চাৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে আৱৰা ভাৰতৰ বায়ুসেনাৰ যোদ্ধাসকলৰ বাবে আপোনাসবৰ অপাৰ সমৰ্থন দেশৰ ভিতৰৰ আৰু বাহিৰৰ শত্রুসকলৰ বিৰোধী যুঁজত নিশ্চিতকৈ উৎসাহ যোগাব।

৪) গোৱালপাৰাত পুনৰ বন বিভাগৰ উচ্ছেদ অভিযান। দহিকটা সংৰক্ষিত বনাঞ্চলত চলে এই অভিযান। তথ্য অনুসৰি, ১৬৮৫ হেক্টৰ মাটিকালিৰে আৱৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলকাৰীৰ কৱলত পৰিছিল।সেই বেদেখলকৃত ভূমি উদ্ধাৰ কৰাৰ বাবে আজি বন বিভাগে উচ্ছেদ অভিযান চলায়। ইতিমধ্যে বনাঞ্চলৰ ভূমিত বসবাস কৰা প্ৰায় ছয় শতাধিক পৰিয়ালৰ প্ৰায় ৭০ শতাংশ বেদশলকাৰীয়ে স্বইচ্ছাই ঘৰ-দুৱাৰ ভাঙি উক্ত স্থানৰ পৰা প্ৰস্থান কৰিছে।বাকী ৩০ শতাংশ গৃহত ২০ খন বুলডজাৰৰে উচ্ছেদ চলোৱা হয়।

৫) ৰৈ ৰৈ বিনালেৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ। চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ৰৈ ৰৈ বিনালেৰ টীমে। এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজন ৰাজেশ ভূঞাই কয় যে, ইতিমধ্যে আমি বিভিন্ন জিলাত এজাহাৰ দাখিল কৰিছো। কিন্তু দেশৰ বাহিৰৰ বা ভিতৰৰ বহু ৱেবচাইটত ছবিখন আপলোড হৈছে। যাৰ বাবে আজি চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।

৬)উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা,কোচ ৰাজবংশী সন্মিলনী আদি বিভিন্ন দল সংগঠনৰ উদ্যোগত বিশাল প্ৰতিবাদী গণ সমাবেশ অনুষ্ঠিত। ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, লগতে KLOৰ সৈতে শান্তি চুক্তিৰ দাবীত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। য’ত হাজাৰ হাজাৰ লোকে অংশ লয়।

৭)১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন। দেওবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত পিতৃ মোহিনী মোহন বৰঠাকুৰদেৱে উন্মোচন কৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ গ্ৰন্থখনিৰ পৰিবৰ্ধিত সংকলন। উল্লেখ্য যে ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল ‘জুবিন গাৰ্গ…ইত্যাদি’ সংকলখনি। দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয়।

৮) গুজৰাট এ টি এছে লাভ কৰিছে এক বৃহৎ সফলতা । গ্ৰেপ্তাৰ আইছিছৰ তিনি সন্ত্ৰাসবাদী। তেওঁলোক ক্ৰমে- ডাঃ আহমেদ মহিউদ্দিন চায়েদ, মহম্মদ চুহেল আৰু আজাদ। অভিযোগ অনুসৰি দলটোৱে গুজৰাটলৈ অস্ত্ৰ বিনিময় কৰিবলৈ আহিছিল। সমগ্ৰ দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল দলটোয়ে। কিন্তু এতিয়া তিনিও গ্ৰেপ্তাৰ হৈছে। ইয়াৰে দুজন উত্তৰ প্ৰদেশৰ আৰু এজন হায়দৰাবাদৰ।

৯)পাৰমাণৱিক পৰীক্ষণৰ কথা ঘোষণা কৰিছে ৰাছিয়াই। দেশখনৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে শনিবাৰে কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ৰাছিয়াৰ সম্ভাৱ্য পাৰমাণৱিক পৰীক্ষাৰ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ কাম আৰম্ভ হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৱাশ্বিংটনে পাৰমাণৱিক পৰীক্ষণ পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পিছতে এই ঘোষণা কৰিছে ৰাছিয়াই।

জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...
চাইনাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকে কি কয় জানক...
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে দৈনিক কি কি খাদ্য খাব লাগে ? জানক
ঘৰৰ কোন দিশত পাকঘৰ থকাটো আটাইতকৈ ভাল? জানক...