Top9: শীতকালীন অধিৱেশনৰ পৰা সংসদৰ ঐতিহাসিক সিদ্ধান্তলৈ, দিনটোৰ খবৰ…
Top9: আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন। এই সময়চোৱাত কেইবাখনো বিধেয়ক উত্থাপন হয়। ইয়াৰে দুখন বিধেয়ক নতুন আৰু বাকীখিনি সংশোধনী বিধেয়ক।

অসম বিধানসভা
আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১) আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন। এই সময়চোৱাত সদনত ১০ খন ন-পুৰণি বিধেয়ক উত্থাপন হয়। ইয়াৰে দুখন বিধেয়ক নতুন আৰু ৮ খন সংশোধনী বিধেয়ক। ইয়াৰ ভিতৰত নেৰিম বিশ্ববিদ্যালয় বিধেয়ক ২০২৫, আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক আদি অন্যতম। ইয়াৰোপৰি মিছিং স্বায়ত্ব শাসিত (সংশোধনী)বিধেয়ক, তিৱা স্বায়ত্ব শাসিত (সংশোধনী)বিধেয়ক আদি উত্থাপন হয়।
২) বিৰোধিৰ অনুপস্থিতিত ২৫ নৱেম্বৰত তিৱাৰী আয়োগৰ প্ৰতিলিপি পুনৰ অসম বিধানসভাৰ মজিয়াত বিতৰণ কৰা হয়। ইয়াৰ পাছতে অসন্তুষ্ট প্ৰকাশ কৰে বিৰোধিয়ে। কংগ্ৰেছকে ধৰি বিভিন্ন দলে কয় যে, এখন প্ৰতিবেদন দুবাৰকৈ দাখিল কৰাৰ নজিৰ নাই। ইয়াৰ পূৰ্বে ১৯৮৭ চনত প্ৰফুল্ল মহন্তই এই প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিছিল।
৩) গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সু-খবৰ। অহা ২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এই ঘোষণা কৰে। লগতে কয় যে, চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি গ্ৰন্থমেলাৰ পূৰ্বে যুৱলেখকসকলৰ বাবে চৰকাৰে পূঁজি মুকলি কৰিব। উল্লেখ্য যে, এতিয়ালৈকে অসম গ্ৰন্থমেলাৰ সবিশেষ প্ৰকাশ হোৱা নাই।
৪)ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান। এই সন্দৰ্ভত আজি বিধানসভাত তথ্য দাখিল কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তথ্য অনুসৰি, ২০২১ চনৰ পৰা অক্টোবৰ পৰ্যন্ত ৰাজ্যত ১৪,২৩৯ টা গোচৰ ৰুজু, ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ ২৩,২৭৫ জন। ২০২১ চনৰ পৰা বৰ্তমানলৈ জব্দ ২,৮৮২.২২ কোটি টকা মূল্যৰ ড্ৰাগছ। লগতে সৰবৰাহকাৰীৰ ১৯.২৬ কোটি টকা মূল্যৰ সম্পত্তি জব্দ।
৫) দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা গ্ৰেপ্তাৰ এজন কুখ্যাত জেহাদী। গ্ৰেপ্তাৰ হোৱাজন খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ নিৱাসী মুনছেৰ আলি বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি তেওঁৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছিল। ইয়াৰোপৰি দৰঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কূটঘাটমূলক পৰিকল্পনা কৰিছিল।
৬)গুৱাহাটীৰ বৰ্ষাপাৰাৰ টেষ্ট মেচত ভাৰতৰ বিৰুদ্ধে ৪০৮ ৰানত জয়লাভ দক্ষিণ আফ্ৰিকাৰ। টেষ্ট শৃংখলাত ২-০ত পৰাস্ত ভাৰত। ২০০০ চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত দক্ষিণ আফ্ৰিকাৰ জয়। কলকাতাৰ পাছত গুৱাহাটীত টীম ইণ্ডিয়াক পৰাস্ত দক্ষিণ আফ্ৰিকাৰ। এই মেচত ছাইমন হাৰ্মাৰলৈ প্লেয়াৰ অৱ দ্য ছিৰিজ, মাৰ্কো জানছেনলৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান।
৭)দিল্লীৰ বিস্ফোৰণ কাণ্ডত নিয়াৰ ডাঙৰ সফলতা। গ্ৰেপ্তাৰ শ্বোয়েব নামৰ এজন অভিযুক্ত। অভিযোগ অনুসৰি, ১০ নৱেম্বৰৰ বোমা বিস্ফোৰণ ঘটনাৰ পূৰ্বে শ্বোয়েবে ওমৰক থকা-খোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে যাতায়ত, অন্যান্য প্ৰয়োজনীয় সামগ্ৰীকে ধৰি লজিষ্টিক সহায় আগবঢ়াইছিল।ইয়াৰ লগে লগে নিয়াৰ এই গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে।
৮)৭৫ সংখ্যক সংবিধান দিৱস উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। এই সময়চোৱাত ভাষণ দি তেওঁ কয় যে,আমাৰ সংবিধান নিৰ্মাতাসকলে বিচাৰিছিল যে আমাৰ ব্যক্তিগত আৰু গণতান্ত্ৰিক অধিকাৰ সদায় সুৰক্ষিত হৈ থাকক। নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰশংসা কৰি তেওঁ কয় যে,২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাটো দেশৰ অন্যতম বৃহৎ সফলতা।
৯)এতিয়াৰ মহিলা হত্যা এক সুকীয়া অপৰাধ। এই অপৰাধৰ বাবে আজীৱন কাৰাদণ্ড শাস্তি হ’ব পাৰে। ইটালীৰ সংসদত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা গৈছে। আইন প্ৰণেতাসকলে কেৱল মহিলা হোৱা বাবে হত্যা কৰাটো এক সুকীয়া অপৰাধ হিচাপে স্বীকৃতি দিছে। লগতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ আইন প্ৰণয়ন কৰিছে। ২৫ নৱেম্বৰত এই আইন গৃহীত হয়।
অন্য খবৰ পঢ়কঃ বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…