মোদীৰ বিদেশ ভ্ৰমণ পৰা ৰাষ্ট্ৰসংঘৰৰ দায়িত্বত পাকিস্তানলৈ,আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ। ৫ খন দেশ ভ্ৰমণ কৰিব মোদীয়ে। প্ৰথমে মোদীয়ে ঘানা ভ্ৰমণ কৰিব। তাৰ পাছত ক্ৰমে ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব।

মোদীৰ বিদেশ ভ্ৰমণ পৰা ৰাষ্ট্ৰসংঘৰৰ দায়িত্বত পাকিস্তানলৈ,আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ...

মোদী-শ্বেহবাজ

Published: 

02 Jul 2025 17:11 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. অসমত কোনোৱে উলংঘা কৰিব নোৱাৰিব গো সুৰক্ষা আইন।  আইন উলংঘা কৰি হোটেল বা ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। এই ক্ষেত্ৰত কঠোৰ হৈছে অসম আৰক্ষী। শেহতীয়াকৈ গো-মাংস বিক্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত ১৩৩ জন লোক আটক হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত সময়চোৱাত ৰাজ্যত এক টনৰো অধিক গো-মাংস জব্দ কৰা হৈছে।
  2. চিকিৎসালয়ত উপস্থিত হৈ আচৰিত মন্ত্ৰী অতুল বৰা। মঙলবাৰে নিশা হঠাৎ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় বৰা।  এটাৰ পাছত আনটো বিভাগ কৰে পৰিদৰ্শন তেওঁ। কিন্তু যেতিয়া নিজৰ ৰক্তচাপ পৰীক্ষা কৰিব বিচাৰে তেতিয়া লাগে অথন্তৰ। কিয়নো কাম কৰা নাছিল এটা যন্ত্ৰইও। সাংবাদিকৰ সন্মুখতেই ৰক্তচাপ জোখা যন্ত্ৰসমূহ ঠিক কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
  3. কৰ ফাঁকিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম কৰ বিভাগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তীব্ৰতৰ কৰি তুলিছে অভিযান। জুন মাহত ৪৩ টা অভিযান চলিছে, য’ত ৩৩ কোটি কৰ ফাঁকি ধৰা পৰিছে। ইয়াৰে ৫.৩৪ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। একাংশই ৰেলৱেৰ জড়িয়তেও সামগ্ৰী আনি বৃহৎ কৰ ফাঁকি দি আহিছে। এক সংবাদমেল যোগে এই তথ্য প্ৰদান কৰে অসম কৰ বিভাগে।
  4. আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ। ৫ খন দেশ ভ্ৰমণ কৰিব মোদীয়ে। প্ৰথমে মোদীয়ে ঘানা ভ্ৰমণ কৰিব। তাৰ পাছত ক্ৰমে ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব। উল্লেখ্য যে, অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
  5. হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত বানৰ ধ্বংসলীলা। মাণ্ডীত এইপৰ্যন্ত ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বানৰ ফলত সন্ধানহীন হৈ আছে প্ৰায় ৩০ গৰাকী লোক। বন্ধ হৈ পৰিছে ৰাজ্যখনৰ ৪০৬টা পথ, জাহ গৈছে বহু ঘৰ।
  6. অপেক্ষাৰ অন্ত। কাইলৈৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। জম্মু-কাশ্মীৰৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰীৰ দল ৰাওনা হ’ব অমৰনাথলৈ। ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এই অমৰনাথ যাত্ৰা ৯ আগষ্টলৈকে চলিব। এই সময়চোৱাত লাখ লাখ ভক্ত পবিত্ৰ গুহা গুহা অমৰনাথলৈ গৈ বাবা বৰ্ফানীৰ দৰ্শন কৰিব।
  7. বৰ্তমান ইংলেণ্ডত আছে ভাৰতীয় ক্ৰিকেট দল। ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খন টেষ্টৰ শৃংখলা চলি আছে। আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ। ইয়াৰ পূৰ্বে লিডছত ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল।
  8. বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে অভ্যুত্থানৰ পিছত কেইবাটাও অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে। শ্বেখ হাছিনাক এতিয়া বাংলাদেশ আদালতে শাস্তি বিহিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদালত অৱমাননাৰ গোচৰত বহিষ্কৃত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড বিহা হৈছে।
  9. মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ(UNSC)ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে পাকিস্তানে । ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনত পাকিস্তানে ১৯৩টা ভোটৰ ভিতৰত ১৮২টা ভোট লাভ কৰিছিল, যাৰ ফলত জানুৱাৰী মাহত ২০২৫-২৬ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য পদ লাভ কৰিছে। ২০১৩ চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে পাকিস্তানে অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে অস্থায়ী সদস্য হিচাপে অষ্টম কাৰ্যকাল।

অন্য খবৰ পঢ়কঃ দালাই লামাই কেনেকৈ উপাৰ্জন কৰে ধন? মুঠ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি…

ক'ল্ড ড্ৰিকছৰ বটলত পানী খালে কি কি ক্ষতি পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...