অজিত পাৱাৰৰ মৃত্যুৰ পৰা বাজেট অধিবেশনলৈ, দিনটোৰ খবৰ…

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়।অজিত পাৱাৰৰ মৃত্যুই আজি দেশৰ বিভিন্ন প্ৰান্ত উত্তাল কৰি ৰাখে। আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

অজিত পাৱাৰৰ মৃত্যুৰ পৰা বাজেট অধিবেশনলৈ, দিনটোৰ খবৰ...

অজিত পাৱাৰ

Published: 

28 Jan 2026 | 08:52 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ-

১. বুধবাৰে পুৱাই এটি খবৰে জোকাৰি গ’ল সমগ্ৰ দেশক। বিমান দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰে। পুনেৰ বাৰামাটিত এখন জনসভাত অংশগ্ৰহণৰ বাবে গৈছিল পাৱাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পাৱাৰৰ লগতে বিমানখনৰ পাইলটকে ধৰি ৬ লোকে প্ৰাণ হেৰুৱালে এই বিমান দুৰ্ঘটনাত।

২. ৰঙিয়াৰ তৰাণীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গৌতম কলিতা নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত সংঘটিত হয় এই ঘটনা। গৌতম কলিতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ডকাইতে লুটি নিয়ে প্ৰায় ১৮ লাখ টকাৰ লগতে সোণৰ অলংকাৰ।

৩. চাপৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হুলস্থুলীয়া পৰিবেশ। পুৱাৰে পৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰেহি চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। SR প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ বাবে আহি উপস্থিত হয় এইসকল লোক। SR ৰ নামত হাৰাশাস্তি কৰাৰো অভিযোগ তুলিলে একাংশ লোকে।

৪. বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। এছ আৰৰ নামত জালিয়াতি সংঘটিত কৰাৰ অভিযোগেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কামৰূপ জিলা সমিতিয়ে। বিজেপি আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদত উপস্থিত থাকে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসৰ লগতে আন কেবাগৰাকীও শীৰ্ষ নেতা।

৫.বুধবাৰে ডিমৌৰ বৰবিলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে চাউল, দালি, চেনি, নিমখ আৰু মিঠাতেল বিনামূলীয়াকৈ দিয়া হ’ব বুলিও কয় ডঃ শৰ্মাই।

৬. অহা ফেব্ৰুৱাৰীত ৰাজহুৱা হব গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কীয় এছ আই টিৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্টভাৱে কয় যে,কংগ্ৰেছ নেতা গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ অভিযোগৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন অহা ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ’ব। এছ আই টিয়ে আলী তৌকীৰ শ্বেখ, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ পাইছে বুলি কয় ডঃ শৰ্মাই।

৭. আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। আৰম্ভণিতেই উভয় সদনক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। নিজৰ ভাষণত তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ উন্নয়ন কাৰ্যসূচীৰ মূল কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে। সংযোগ, উদ্যোগ আৰু স্বাস্থ্যসেৱাই এতিয়া সমগ্ৰ অঞ্চলটোত বিকাশৰ সূচনা কৰিছে।

৮. আজিও কোনো সন্ধান নাই ব্ৰহ্মপুত্ৰত নাও ডুবি নিখোজ হোৱা ৬ যাত্ৰীৰ। মঙলবাৰে বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰ নদীত নাও ডুবি সন্ধানহীন হৈছিল ৬ গৰাকী যাত্ৰী। প্ৰায় ৩২ গৰাকী যাত্ৰী লৈ যাত্ৰা কৰিছিল নাওখনে। কিন্তু নদীৰ বুকুত নাওখন ডুব যোৱাত ৬ গৰাকী যাত্ৰী সন্ধানহীন হৈ পৰে। নিখোঁজ যাত্ৰীৰ সন্ধানত অব্যাহত অভিযান।

৯. ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আজি অনুষ্ঠিত হৈছে শৃংখলাৰ চতুৰ্থখন টি-২০ মেচ। বিশাখাপট্টনমত অনুষ্ঠিত মেচখনত টচত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ভাৰতৰ। ইতিমধ্যে পূৰ্বৰ তিনিখন খেলত জয়লাভ কৰি শৃংখলা দখল কৰিছে ভাৰতে।

 

অন্য খবৰ পঢ়কঃ অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ! জানক বাজেট সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা…

স্তনৰ আকাৰ, স্তন ৰঙা পৰা... ভুলতো এই লক্ষণসমূহ আওকাণ নকৰিব!
Kiss কৰি দূৰ কৰক অৱসাদ! বিশেষজ্ঞৰ পৰা জানক উপকাৰৰ বিষয়ে...
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি কিয় লাগে? কাৰণ জানক...
লিভাৰ চিৰ’ছিছ হ’লে প্ৰথমে শৰীৰত দেখা যায় এইবোৰ লক্ষণ, জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী