অম্বুবাচী মেলাৰ পৰা ইৰাণক আমেৰিকাৰ আক্ৰমণলৈ…দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

আৰম্ভ অম্বুবাচী মেলা ২০২৫। অম্বুবাচীৰ প্ৰবৃত্তি আজি দিনৰ ২ বাজি ৫৬ মিনিটত আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনৰ পুৱতি নিশা ৩ বাজি ২৩ মিনিটত ।

অম্বুবাচী মেলাৰ পৰা ইৰাণক আমেৰিকাৰ আক্ৰমণলৈ...দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ...

ইৰাণ-আমেৰিকা

Published: 

22 Jun 2025 | 04:44 PM

আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান তলত উল্লেখ কৰা হ’ল-

  1. প্ৰায় ৪ টা দিনৰ বাবে বন্ধ হ’ল কামাখ্য মন্দিৰৰ দুৱাৰ। আজিৰ পৰা কামাখ্যাত অনুষ্ঠিত অম্বুবাচী মেলা। ইতিমধ্যে দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে কামাখ্যা মন্দিৰ প্ৰাংগন। অনাগত সময়ত লাখ লাখ ভক্তৰ সমাগত হ’ব বুলি আশা কৰা হৈছে। অম্বুবাচীৰ প্ৰবৃত্তি আজি দিনৰ ২ বাজি ৫৬ মিনিটত আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনৰ পুৱতি নিশা ৩ বাজি ২৩ মিনিটত ।
  2. গোৱালপাৰাৰ উচ্ছেদিতৰ ৰোষত সাংসদ ৰকিবুল হুছেইন। সাংসদজনক পহুখেদা দিলে হাচিলা বিলৰ উচ্ছেদিত ৰাইজে। সাংসদগৰাকীৰ লগতে তেওঁক লগত থকা বিধায়ককেইজনকো বাহনৰ পৰা নামিব নিদিলে ৰাইজে। জানিব পৰা মতে উচ্ছেদস্থলীত সাহাৰ্য প্ৰদানৰ বাবে গৈছিল সাংসদজন। কিন্তু উচ্ছেদ অভিযান চলাৰ সময়ত কোনো খা-খবৰ নাছিল সাংসদ, বিধায়ককেইগৰাকৰ। যাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
  3. ক্ৰমে নিয়ন্ত্ৰণলৈ আহিছে ONGCৰ গেছৰ নিৰ্গমণ। আমেৰিকাৰ তিনিজনীয়া বিশেষজ্ঞৰ দল ব্যস্ত গেছৰ নিৰ্গমণ নিয়ন্ত্ৰণত। যোৱা ১১ দিন ধৰি শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা আৰ ডি এছ ১৪৭ ৰীগত অহৰহ গেছ নিৰ্গমন হৈ আছে। বৰ্তমান ৰীগটোৰ গেছ নিৰ্গমন যথেষ্ট হ্ৰাস পাইছে বুলি দাবী কৰিছে ONGC য়ে ।
  4. যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বৃহৎ সফলতা লাভ কৰিছে। এই ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA য়ে ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই দুয়োজন সন্দেহযুক্ত পহলগামৰ বাসিন্দা। দুয়োকে পাৰভেজ আহমেদ আৰু বছিৰ আহমেদ বুলি চিনাক্ত।
  5. ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিগত নিশা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল ছিলম জেমছক। অভিযোগ অনুসৰি, এইজন অভিযুক্তই বিশালক ইন্দোৰৰ দেৱাছ নাকাত এটা ফ্লেট ভাড়াত দিছিল। সোণমেও আত্মসমৰ্পণ কৰাৰ আগতে এই ফ্লেটতে আছিল। প্ৰমাণ লুকুৱাই ৰখা আৰু নষ্ট কৰাৰ গোচৰত শ্বিলং আৰক্ষীয়ে জেমছক সহ-অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰে।
  6. ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে অব্যাহত আছে ভাৰতৰ অপাৰেচন সিন্ধু। এই অভিযানৰ জৰিয়তে ইৰাণত আবদ্ধ ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হৈছে। এইপৰ্যন্ত সৰ্বমুঠ ১১১৭ গৰাকী ভাৰতীয়ই স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। শনিবাৰে মাজনিশাও ২৯০ জন ভাৰতীয় বিশেষ বিমানেৰে দিল্লীত উপস্থিত হৈছে।
  7. ইজৰাইল-ইৰাণ যুদ্ধত প্ৰত্যক্ষ প্ৰৱেশ আমেৰিকাৰ। শুকুৰবাৰে গভীৰ নিশা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ চলায়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰা অনুসৰি আমেৰিকাই ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান নামৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ চলায়।
  8. আমেৰিকাৰ আক্ৰমণ পাছতে ক্ষুব্ধ হৈ পৰিছে ইৰাণ। আক্ৰমণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইৰাণৰ চুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনেইয়ে কয় যে, আমেৰিকাই আৰম্ভ কৰিছে আমি শেষ কৰিম। আমেৰিকানসকলে পূৰ্বতকৈ অধিক ক্ষতিৰ সন্মুখীন হব।তেওঁৰ এই মন্তব্যই উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।
  9. ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাজছকিয়ানৰ সৈতে ফোনযোগে কথা পাতে। এই সময়চোৱাত মোদীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰি উত্তেজনা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি এই তথ্য প্ৰদান কৰে। মোদীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধানৰ কথা কয়।

 

অন্য খবৰ পঢ়কঃ কেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আমেৰিকাই? ট্ৰাম্পে দিলে মঞ্জুৰী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব