হায়দৰাবাদ হাউচত মোদী-পুটিনৰ বৈঠক, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ৫ ডিচেম্বৰ, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈকে পঢ়ক দিনটো শীৰ্ষ খবৰ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। সম্প্ৰতি ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আজি পুৱা তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে মিলিত হয়। আজি হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ইয়াৰ লগতে চাওঁ দিনটো শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- সম্প্ৰতি ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আজি পুৱা তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে মিলিত হয়। ৰাজভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় তিনিওটা সেনাবাহিনীৰ অভিবাদন গ্ৰহণ কৰে। তাৰ পাছতে ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিও অৰ্পন কৰে পুটিনে।
- আজি হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে দুয়োগৰাকী শীৰ্ষ নেতাই। ভাৰতৰ সৈতে স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা., শ্বিপিং, পৰিবহন, ডাক সেৱা আদি বিভিন্ন বিষয়ত বুজাবুজি চুক্তি কৰে নেতা দুগৰাকীয়ে।
- ২০২৬ ৰ নিৰ্বাচনত পূৰ্বৰ দৰেই মিত্ৰভাৱে যুঁজ দিব অগপ-বিজেপিয়ে। অহা ১৫ জানুৱাৰীৰ ভিতৰত দুয়োটা দলৰ মাজত আসন ভাগ-বাটোৱাৰাৰ বিষয়টো চূড়ান্ত হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে কংগ্ৰেছৰ মানুহেও এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাটো বিচাৰে।
- ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিছে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে পূৰ্ণগতিত চলি আছে নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ। তথ্য অনুসৰি এতিয়ালৈকে ২৯ লাখ ৬৮ হাজাৰ ৯৬১ টা পৰিয়ালৰ জৰীপ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ অধীনত বৰ্তমানলৈকে ১,৬৭,৯২৫ জন মৃত ভোটাৰৰ তথ্য পোৱা গৈছে। ইয়াৰ লগতে ১৮ বছৰৰ ওপৰৰ ২,৬৩,৮৩৭ জন ভোটাৰ নামভৰ্তি কৰা হোৱা নাই আৰু ৬৫,৯৭৩ জন নতুন ভোটাৰক চিনাক্ত কৰা হৈছে।
- ৰাজ্যজুৰি কংগ্ৰেছে আৰম্ভ কৰিব ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক অভিযান। অহা ৬ ডিচেম্বৰত ডিব্ৰুগড়ত আৰম্ভ হ’ব এই অভিযান। তৃণমূল পৰ্যায়ত দলৰ কৰ্মী তথা জনতাৰ সৈতে সংযোগ স্থাপনৰ বাবেই এই পদক্ষেপ লৈতে দলটোৱে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ লগতে আন শীৰ্ষ নেতাসকলো উপস্থিত থাকিব এই অনুষ্ঠানত।
- অব্যাহত আছে ইণ্ডিগ’ এয়াৰলাইন্সত উদ্ভৱ হোৱা সমস্যা। যাৰ বাবে দেশৰ ভিতৰত প্ৰায় ৫ শতাধিক বিমানৰ চলাচল বাতিল কৰিছে বিমান সংস্থাটোৱে। অৱশ্যে আজি ভাৰতীয় অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ক্ৰু সদস্যৰ বাবে পূৰ্বে বান্ধি দিয়া নিয়ম প্ৰত্যাহাৰ কৰে।
- সাধাৰণ জনতালৈ নতুন বছৰৰ উপহাৰ আগবঢ়াইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গৃহ ঋণ আৰু গাড়ী ঋণৰ ক্ষেত্ৰত EMI হ্ৰাস কৰিছে বেংকটোৱে। আৰ বি আইৰ ৰেপো ৰেট ০.২৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্য বেংকটোৰ গৱৰ্ণৰে। ইয়াৰ লগতে মূল্যবৃদ্ধিও হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।
- আজি ডিমা হাছাও জিলাৰ উমৰাংছুত এখন নৱ নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ লগতে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাং। ইফালে উমৰাংছু হ্ৰদৰ পাৰত ৰৈ হ্ৰদটোৰ সৌন্দৰ্য উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে।
- অহা ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিল কৰিব বিশেষ তদন্তকাৰী দলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আদালতে নিৰ্ধাৰণ কৰি দিয়া ১৮ ডিচেম্বৰৰ সময়সীমাৰ পূৰ্বেই এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰিব। তেওঁ লগতে কয় যে এছ আই টিয়ে প্ৰায় ৩৫০০ পৃষ্ঠাৰ প্ৰতিবেদন সাজু কৰি কৰিছে।