Morning Headlines: মহিলা বিশ্বকাপৰ পৰা আৰম্ভ কৰি ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

আজি ২ নৱেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: মহিলা বিশ্বকাপৰ পৰা আৰম্ভ কৰি ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

পুৱাৰ খবৰ

Updated On: 

02 Nov 2025 06:58 AM

আজি ২ নৱেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. মুখ্যমন্ত্ৰীয়ে কয়, ১০ ডিচেম্বৰৰ ভিতৰত পোহৰলৈ আহিব জুবিনৰ সম্পূৰ্ণ ঘটনা। জুবিনৰ বহু দুখৰ কাহিনী ৰাইজে দেখিবলৈ পাব। ৰাইজে জুবিনৰ লগত হৈ থকা বহু কষ্ট আৰু দুখৰ কথা জানিবলৈ পাব।
  2. আজি ১ নৱেম্বৰত জানজাতিকৰণৰ দাবীত ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউত বিশাল জোঁৰ সমদল কৰে টাই আহোম জনগোষ্ঠীয় লোকে। টাইপাৰ উদ্যোগত গ্ৰহণ কৰাৰ এই জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে শতাধিক লোকে।
  3. পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় টেনিছৰ কিংবদন্তি ৰোহন বোপান্নাই। এই তথ্য তেওঁ ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্টত শ্বেয়াৰ কৰে।
  4. প্ৰথমটো বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে আজি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত। খিতাপ যুঁজৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৰমনপ্ৰীত বাহিনী।
  5. শুকুৰবাৰে মুক্তি পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ প্ৰথম দিনটোতেই BOX OFFICE কালেকশ্যন হৈছে ২.৫০ কোটি টকা।
  6. জাতি-ধর্ম নির্বিশেষে মহিলাসকলৰ সর্বাংগীণ কল্যাণেই এই চৰকাৰৰ লক্ষ্য। মুখ্যমন্ত্রীয়ে কয় যে, অসমৰ মহিলাসকলৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত ৰাজ্য চৰকাৰৰ সম্পূর্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁ কয় যে, সঠিক সমর্থন আৰু দিক্ নির্দেশনা পালে অসমৰ মহিলা সমাজে ৰাজ্যখনৰ গ্রাম্য অর্থনীতি শক্তিশালী কৰাত নিশ্চিতভাৱে বৰঙনি আগবঢ়াব পাৰিব।
  7. বিজেপিৰ সদস্যসকল প্ৰকৃত জুবিন অনুৰাগী, মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম।”
  8. ভাৰত-বাংলাদেশ সীমান্তত কাম-কাজ আৰম্ভ কৰিবলৈ ওলাইছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে। চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আই এছ আইয়ে ঢাকাৰ পাকিস্তান উচ্চায়ুক্তালয়ৰ পৰাই নিজৰ কাম চলাব।
  9. ভুলকৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি বিতৰ্কত বিজেপি নেতা, ভুল মানি বিচাৰিলে ক্ষমা। কেইদিনমান পূৰ্বে কংগ্ৰেছৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনক লৈ সৃষ্টি হৈছিল বিতৰ্ক। এইবাৰ বিজেপিৰ সভাতো সৃষ্টি হৈছে তেনে এক বিতৰ্ক। নিজৰ দেশ ভাৰতৰেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনকলৈ সূত্ৰপাত ঘটিছে বিতৰ্কৰ।
কণী খালে ওজন বৃদ্ধি হয় নেকি? জানক চিকিৎসকৰ পৰা
দ্ৰুত গতিত ওজন হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব লাগে ? জানক
ডায়েবেটিছ ৰোগীয়ে পিঁয়াজ খালে কি হয়? জানক...
ভিটামিন D ৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে, জানক...