Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Published: 

22 May 2025 10:18 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিব… দুলীয়াজানৰ বি এন সিং তেল ডিপোৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা তনু শ্বাহীৰ ক্ষমা প্ৰাৰ্থনা। দুলীয়াজানৰ তেল ডিপোত সংঘটিত হোৱা এক অপ্ৰীতিকৰ ঘটনা তথা প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ সৈতে নাম সাঙোৰ খাইছিল তনু শ্বাহীৰ।
  • ধুমুহা-বৰষুণৰ ফলত দিল্লী-এনচিআৰকে ধৰি বহু ৰাজ্যত বিদ্যুতৰ খুঁটা, গছ-গছনি বাগৰি পৰাৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। বুধবাৰে সন্ধিয়া ঘণ্টাত ৭৯ কিলোমিটাৰ বেগত অহা প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ আৰু শিলাবৃষ্টি হয়। ইয়াৰ বাবে বহু অঞ্চলত গছ-গছনি, বিদ্যুতৰ খুঁটা আৰু হৰ্ডিং বাগৰি পৰে।
  • বেয়া বতৰৰ বাবে শ্ৰীনগৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ এখন ইণ্ডিগ’ বিমানৰ। এই বিমানত জম্মু-কাশ্মীৰলৈ যোৱা টিএমচিৰ এটা প্ৰতিনিধি দলো আছিল। টিএমচিৰ নেত্ৰী সাগৰিকা ঘোষে কয় যে, মৃত্যুৰ দৰে অভিজ্ঞতা আছিল, ভয় খাইছিল আৰু সকলোৱে প্ৰাৰ্থনা কৰিছিল।
  • গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্য চৰকাৰে চুবুৰীয়া মেঘালয়ৰ পাহাৰ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত কমিটীৰ কাষ চাপিছে । পাহাৰ কটাৰ ফলস্বৰূপে গুৱাহাটীত পুনৰবাৰ পানী জমা হোৱা বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
  • ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত বহু দেশে মুকলিকৈ সমৰ্থন আগবঢ়াইছিল পাকিস্তানক। ইয়াৰ মাজতে আন এখন মুছলিম দেশৰ নাম পোহৰলৈ আহিছে যিয়ে পৰ্দাৰ আঁৰত থাকি পাকিস্তানক সহায় কৰিছে।
  • ভাৰতৰ বহু ঠাইত ক’ভিড আক্ৰান্তৰ তথ্য পোৱা গৈছে। যদিও ক’ভিড বৰ্তমানলৈ নিয়ন্ত্ৰণত আছে, কিন্তু বিপদ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা নাই। নতুন ভেৰিয়েন্ট JN.1 Corona ৰ পুৰণি ভেৰিয়েন্ট Omicron ৰ সৈতে মিল আছে। এনে পৰিস্থিতিত সকলোৱে অসাৱধানতা অৱলম্বন কৰা উচিত।
  • ৰাজ্যত বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা। পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে, কামপুৰত পত্নীৰ অবৈধ প্ৰেমিকক নৃশংসভাৱে হত্যা কৰিলে জয়কান্ত দাস নামৰ এজন লোকে।
  • ৰাজ্যত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ। আজি ৰাজ্যৰ ৪খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে Orange Alert, আৰু ১৭খনকৈ জিলাত Yellow Alert জাৰি কৰিছে। Yellow Alert জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।
ডায়েবেটিছ হ'লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
কেঁচা অমিতা খোৱাৰ পৰা বিৰত থাকক এইসকল লোকে, অন্যথা হ’ব পাৰে কোনো সমস্যা
শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...
IPL 2025ত ১ নম্বৰত উপনীত হ’ল বৈভৱ সূৰ্যবংশী