Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক…
আজি ২৬ জানুৱাৰী ২০২৬, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই দিনটো আমাৰ সংবিধান বলবৎ হোৱাৰ দিন। এই সংবিধানে দেশখনক সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতি সম্পূৰ্ণ। পুৱাৰ পৰাই বৃহৎ সংখ্যক লোক উপস্থিত হৈছে কৰ্তব্য পথত। কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
- গণৰাজ্য দিৱসত সকলো দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছে।তেওঁ লিখিছে, “গণৰাজ্য দিৱসত মোৰ সকলো সহ-নাগৰিকলৈ বহুত অভিনন্দন। ভাৰতৰ গৌৰৱ আৰু গৌৰৱৰ প্ৰতীক এই জাতীয় উৎসৱে আপোনালোক সকলোৰে মাজত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি কৰক। এখন উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক।”
- গুৱহাটীৰ কটন বিশ্ববিদ্যালয়ত প্ৰচণ্ড মাৰপিট। আৰ্য মহাবিদ্যালয়ৰ ছাত্ৰৰ সৈতে কটনৰ ছাত্ৰৰ মাৰপিট। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচাৰ্জ। মাৰপিটত আহত ৩ জনকৈ ছাত্ৰ।
- গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ পালে পদ্ম বঁটা (Padma Award 2026)ৰ তালিকা। কলা, সমাজসেৱা, বিজ্ঞান, সাহিত্য, আৰু ক্ৰীড়াৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা জাৰি কৰা তথ্য অনুসৰি, এইবাৰ ৫ গৰাকীলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰা হৈছে।
- অসমৰ ৫গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে লাভ কৰিলে পদ্মশ্ৰী সন্মান (Padma Shri Award)। এই বঁটা প্ৰাপকসকল ক্ৰমে- হৰিচৰণ শইকীয়া (শিল্পী), যোগেশ দেউৰী (কৃষি), কবীন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰভাৱে) (জনসংযোগ), নুৰুদ্দিন আহমেদ (শিল্পী) আৰু পখিলা লেকথেপি (শিল্পী)লৈ পদ্মশ্ৰী আগবঢ়োৱা হৈছে।
- দেওবাৰে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ নাম ‘মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি’। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ চাহ বাগিচাৰ কৰ্মচাৰী উপকৃত হ’ব। দেওবাৰে ডুমডুমাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। য’ত শ শ লোকে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ পৰা চেক গ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত অঞ্চলটোৰ বিধায়ক,নেতা আদি উপস্থিত থাকে।
- আমেৰিকাৰ পথত বৰফৰ ডাঠ তৰপ আৰু শীতল বতাহৰ আতংক। ঠাণ্ডাত ১০ হাজাৰৰো অধিক বিমানৰ উৰণ স্থগিত ৰখা হৈছে। কেৱল এয়াই নহয়, বৰফৰ ধুমুহাৰ বাবে ১০ লাখ লোকে আন্ধাৰত জীয়াই থাকিবলৈ বাধ্য হৈছে। ধুমুহাৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ই লাখ লাখ আমেৰিকান লোকৰ জীৱন নিথৰ কৰি পেলাইছে। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ আমেৰিকাত প্ৰায় ১০ লাখ লোক বিদ্যুৎ বিহীন আৰু ১০ হাজাৰতকৈ অধিক বিমান সেৱা বাতিল কৰা হৈছে কাৰণ শীতকালীন প্ৰচণ্ড ধুমুহাই দেশখনৰ পূব দুই তৃতীয়াংশ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
- টি-২০ শৃংখলাত টি- ইণ্ডিয়া (India Cricket Team)য়ে একপক্ষীয়ভাৱে নিউজিলেণ্ড পৰাস্ত কৰে। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন মেচত বুমৰাহৰ বলিং আৰু অভিষেক শৰ্মাৰ বেটিঙৰ বাবে ভাৰতে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ৫ মেচৰ শৃংখলাত ৩-০ গ’লত অগ্ৰগতি লাভ কৰি ট্ৰফী নিজৰ নামত কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: কাৰ ভাগ্যত কি আছে, কোনে লাভ কৰিব মহাদেৱৰ কৃপা? চাওক আজিৰ ৰাশিফল…