Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক…

আজি ১৯ জানুৱাৰী ২০২৬, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক...

পুৱাৰ খবৰ

Updated On: 

19 Jan 2026 | 07:56 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম আৰক্ষীৰ চাকৰিত আবেদন কৰাৰ সময়সীমা ১৫ দিনলৈ বৃদ্ধি। আবেদনৰ বয়সৰ সীমা ২৬ বছৰলৈ বৃদ্ধি। আবেদনৰ সময়সীমা ১৫ দিনলৈ বৃদ্ধি কৰা হ’ব। আবেদনৰ ন্যূনতম বয়স ১৮ বছৰ, ঊৰ্ধ্বতম বয়স ২৬ বছৰ’। ফেচবুক লাইভযোগে  এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  2. ভেন্সাৰ স্কুলৰ আবেদনৰ বাবে শীঘ্ৰেই প’ৰ্টেল মুকলি কৰি দিয়া হ’ব। ADREত যোগদান কৰাসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। দিব্যাংগ লোকৰ কোটাত আবেদনৰ সুবিধা দিব চৰকাৰে। লিখিত পৰ্যায়ত সফলতাৰে উত্তীৰ্ণ হোৱা দিব্যাংগ প্ৰাৰ্থীসকলক চিকিৎসা পৰীক্ষাৰ বাবে দ্বিতীয়বাৰ সুযোগ দিয়া হ’ব। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ‘স্বাগত সতীর্থ’ প’ৰ্টেল মুকলি কৰা হ’ব । মুখ্যমন্ত্রীয়ে জনালে এই কথা।
  3. প্ৰখ্যাত বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান। ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ মিনতি খাউণ্ডৰ। দেওবাৰে সন্ধিয়া ৬.৪০ বজাত ৮৫ বছৰ বয়সত দেহাৱসান মিনতি খাউণ্ডৰ।
  4. দেওবাৰে দক্ষিণ স্পেইনত  সংঘটিত হৈছে ভয়ংকৰ  ৰে’ল দুৰ্ঘটনা। জানিব পৰা মতে এখন তীব্ৰবেগী ৰে’ল ৰে’লপথৰ পৰা ওলাই গৈ বিপৰীত দিশৰ ট্ৰেকত বাগৰি পৰে। সেই সময়তে আহি আন এখন ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়।
  5. গাজাত শান্তি, পুনৰ্গঠন আৰু শাসন ব্যৱস্থাক আগুৱাই নিয়াৰ বাবে স্থাপিত আন্তঃৰাষ্ট্ৰীয় সংস্থা গাজাৰ বাবে “Gaza Board of Peace”ত যোগদান কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে। ট্ৰাম্পৰ ২০ দফীয়া শান্তি পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে ১৫ জানুৱাৰীত এই ব’ৰ্ড ঘোষণা কৰা হৈছিল।
  6. দেওবাৰে ইন্দোৰত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডে টীম ইণ্ডিয়াক ৪১ ৰানত পৰাস্ত কৰি ২-১ৰ ব্যৱধানত শৃংখলা দখল কৰে। ডেৰিল মিচেলৰ একেৰাহে দ্বিতীয় শতক আৰু গ্লেন ফিলিপছৰ প্ৰথম শতকেৰে শক্তিশালী বলিং আৰু উৎকৃষ্ট ফিল্ডিঙৰ বাবে নিউজিলেণ্ডে মেচখন আৰু শৃংখলা নিশ্চিত কৰাত সহায় কৰে। বিৰাট কোহলীৰ উজ্জ্বল শতকেও এইবাৰ বচাব নোৱাৰিলে টীম ইণ্ডিয়াক।

লগতে পঢ়ক: সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
কেৱল সোৱাদ-সুগন্ধই নহয়, তেজপাতৰ এনে চমৎকাৰী গুণৰ বিষয়ে হয়তো আপুনিও অজ্ঞাত!
লিভাৰ দুৰ্বল হ'লে ভৰিত এই লক্ষণে দেখা দিয়ে, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি