মহানগৰীৰ অগ্নিকাণ্ডৰ পৰা আমেৰিকাৰ ডাঙৰ সিদ্ধান্তলৈ…পুৱাৰ খবৰ পঢ়ক

আজি ১৫ জানুৱাৰী ২০২৬, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

মহানগৰীৰ অগ্নিকাণ্ডৰ পৰা আমেৰিকাৰ ডাঙৰ সিদ্ধান্তলৈ...পুৱাৰ খবৰ পঢ়ক

পুৱাৰ খবৰ

Updated On: 

15 Jan 2026 | 07:49 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভিৰ কৰিছে ভক্তই। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ। অনুষ্ঠিত কৰা হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি।
  2. বিশিষ্ট লেখক, সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান। প্ৰান্তিক আলোচনীখনৰ সম্পাদক আছিল প্ৰদীপ বৰুৱা। ৮৭ বছৰত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ। আজি নৱগ্রহ শ্মশানত সম্পন্ন হ’ব শেষকৃত্য।
  3. বিহুৰ দিনাই মহানগৰীৰ কাহিলিপাৰাৰ জটিয়াত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ লগতে জ্বলি ছাই হয় এটা বাসগৃহ। জুইত ভস্মীভূত ঘৰুৱা সামগ্ৰীৰ লগতে এখন দুচকীয়া বাহন। অগ্নিকাণ্ড প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন।
  4. বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ১০ হাজাৰ বডো নৃত্যশিল্পীয়ে এই অনুষ্ঠান পৰিৱেশন কৰিব। ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুশীলন অব্যহত আছে।
  5. মাত্ৰ তিনিদিনৰ বাবে নামৰ আগত কংগ্ৰেছী নেতা লিখাৰ সৌভাগ্য হ’ল প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ। ১১ জানুৱাৰীত যোগ দিছিল কংগ্ৰেছত আৰু ১৪ জানুৱাৰীত আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰিলে যুৱ নেতাগৰাকীয়ে। ‘দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে দুদিন ধৰি মোক যি অত্যাচাৰ কৰিলে তাৰ বিচাৰ কৰিবলৈ মই সংখ্যালঘু ৰাইজক দিছোঁ’। নিজৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত এই মন্তব্য ৰেজাউল কৰিম সৰকাৰৰ।
  6. ৰাছিয়া, ইৰাণ, আফগানিস্তানকে ধৰি ৭৫ খন দেশৰ আবেদনকাৰীৰ বাবে ভিছা প্ৰক্ৰিয়াকৰণ বন্ধ কৰা হৈছে। আমেৰিকাত পাব্লিক চাৰ্জ  (Public Charge)হোৱাৰ অধিক আশংকা থকা বুলি বিবেচিত আবেদনকাৰীসকলক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে। এই আইনৰ অধীনত ভিছা নাকচ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিষয়াসকলক।
  7.  পুনৰবাৰ টীম ইণ্ডিয়াৰ বাবে দুৰ্ভাগ্যজনক হিচাপে প্ৰমাণিত হ’ল ৰাজকোটৰ খেলপথাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত বৃহৎ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটো। ২৮৪ ৰান সংগ্ৰহ কৰা টিম ইণ্ডিয়াই একপক্ষীয়ভাৱে ৭ উইকেটত পৰাস্ত কৰে নিউজিলেণ্ডে।

লগতে পঢ়ক: পবিত্ৰ মাঘ মাহৰ প্ৰথম দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
সলনি হৈছে নেকি প্ৰস্ৰাৱৰ ৰং? এয়া কি ৰোগৰ লক্ষণ জানক...
বিহুত গেছৰ সমস্যাই আমনি কৰিছে নেকি? এই টিপছ ব্যৱহাৰ কৰি ১ মিনিটতে দূৰ কৰক গেছৰ সমস্যা
ভোগালীত দৈৰ সৈতে চিৰা খালেনে? জানক চিৰা খোৱাটো ভাল নে বেয়া
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি