Morning News: কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনাৰ পৰা নিউজিলেণ্ড বিৰুদ্ধে ভাৰতৰ জয়লৈ…পুৱাৰ খবৰ পঢ়ক
আজি ১২ জানুৱাৰী ২০২৬, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- কোকৰাঝাৰ ধৰ্ষণৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী। জানিব পৰা মতে, ধৰ্ষণৰ অভিযুক্ত ৰফিকুল ইছলামে আৰক্ষীক আক্ৰমণ কৰি মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰে। আহত ৰফিকুলক প্ৰথমে ভৰ্তি কৰোৱা হয় কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত, পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। এই সময়চোৱাত আহত হয় দুগৰাকীকৈ আৰক্ষী জোৱান।
- দেওবাৰে গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, AICCৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ লগতে দলটোৰ কেইবাগৰাকী নেতা-বিধায়ক। দলীয় গলবস্ত্ৰ পিন্ধান কেইবাজনো ব্যক্তিক দললৈ আদৰণি জনাই গগৈয়ে।
- পদ্মশ্ৰী বঁটাপ্ৰাপক এলি আহমেদ অসুস্থ। দেওবাৰ (১১ জানুৱাৰী)য়ে আৰক্ষীয়ে অসুস্থ অৱস্থাত উদ্ধাৰ কৰি বিশিষ্ট লেখিকাগৰাকীক হাস্পাতালত ভৰ্তি কৰায়। বৰ্তমান ৰহমান হাস্পাতালত ভৰ্তি হৈ আছে আহমেদ। খবৰ অনুসৰি, চানমাৰিৰ অসম ৰাজ্যিক হাউচিং ক’লনীৰ ব্লক-২ৰ ইউনিট- ৬ নং ঘৰটোত অকলে বাস কৰে বিশিষ্ট লেখিকাগৰাকীয়ে। এই ঘৰটোতে মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে হাস্পাতালত ভৰ্তি কৰে।
- তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয়, ‘বিজেপিলৈ আহিবলৈ ইচ্ছা আছে ভাস্কৰ বৰুৱাৰ। কিন্তু ভাস্কৰ বৰুৱাৰ সাহস কম আছে। বহু দিন কংগ্ৰেছত আছে বাবে দল এৰিব বিচৰা নাই ভাস্কৰ বৰুৱাই।’
- জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। গণৰাজ্য দিৱসৰ ঠিক পূৰ্বে ভাৰতৰ সীমান্তৰ সমীপত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে পাকিস্তানে। যাৰ ফলত নিৰাপত্তা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে। নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চিৰ বিভিন্ন অঞ্চলত মুঠ ৫ খন ড্ৰ’ন দেখা গৈছে।
- লেটিন আমেৰিকাৰ পৰিৱৰ্তনশীল গতিশীলতাৰ মাজতে এক বিতৰ্কিত বিবৃতি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁৰ বিবৃতিত ট্ৰাম্পে কিউবাক আমেৰিকাৰ সৈতে চুক্তি নকৰাৰ ভাবুকি দিয়াৰ লগতে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক কিউবাৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শত সন্মতি দি ৰাজনৈতিক উত্তেজনাও তীব্ৰতৰ কৰি তুলিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ৰুবিঅ’ক “কিউবাৰ ৰাষ্ট্ৰপতি” হোৱাৰ ধাৰণাত তেওঁ সন্তুষ্ট।
- এক সুন্দৰ জয়ৰে নতুন বছৰৰ আৰম্ভণি কৰে টীম ইণ্ডিয়াই। বদোদৰাৰ নতুন কোটাম্বি ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে খেলা টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। প্ৰায় ১৫ বছৰৰ পাছত বদোদৰালৈ উভতি অহা টীম ইণ্ডিয়াই পুনৰবাৰ ৩০১ ৰানৰ লক্ষ্যত উপনীত হয়, বিৰাট কোহলীৰ উজ্জ্বল বেটিঙৰ বাবেই আৰু শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰে।
লগতে পঢ়ক: মহাদেৱৰ কৃপাত এইসকলৰ হ’ব আৰ্থিক লাভ! কি আছে আপোনাৰ ভাগ্যত? চাওক আজিৰ ৰাশিফল…