Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক…

আজি ২৭ জানুৱাৰী ২০২৬, মঙলবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: দিনটোৰ আৰম্ভণিতে পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পঢ়ক…

পুৱাৰ খবৰ

Updated On: 

27 Jan 2026 | 07:54 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনৰ সন্মানীয় প্ৰতিনিধিসকলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত মূলতঃ মৰাণসকলৰ ভূমি সম্পৰ্কীয় সমস্যা, মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়৷ এই দাবীসমূহ সন্দৰ্ভত শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷
  2. গণৰাজ্য দিৱসৰ দিনটোতে অৰুণাচল প্ৰদেশত সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। অৰুণাচলৰ চাংলাং জিলাত সংঘটিত হৈছে এই ঘটনা। জিলাখনৰ ৰংলুমত থকা এটা আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সশস্ত্ৰ বিদ্ৰোহীয়ে গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে। সোমবাৰে পুৱা ভাগতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
  3. হজযাত্ৰীসকলৰ বাবে নতুন সুৰক্ষা নিয়মাৱলী ৰূপায়ণ কৰা হৈছে। মক্কা আৰু মদীনাত আৰু ৰন্ধা-বঢ়া কৰিব নোৱাৰিব হজযাত্ৰীসকলে। সুৰক্ষাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। নিৰাপত্তাজনিত কাৰণত তীৰ্থযাত্ৰীসকলে নিজৰ খাদ্য নিজে ৰান্ধিবলৈ দিয়া নহ’ব বুলি জানিব পৰা গৈছে। ৰন্ধা-বঢ়াৰ সময়ত জুইৰ আশংকা থাকে।
  4. ইৰাণৰ সৈতে উত্তেজনাৰ মাজতে ভাৰত মহাসাগৰৰ চেণ্টকম (CENTCOM)ৰ ভূখণ্ডৰ জলসীমাত উপস্থিত হৈছে ইউ এছ এছ আব্ৰাহাম লিংকন কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ। আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (CENTCOM)ৰ অধিকাৰক্ষেত্ৰই সমগ্ৰ মধ্যপ্ৰাচ্যক সামৰি লৈছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি দ্ৰুতগতিত বিকশিত হোৱাৰ সময়তে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ইয়াৰ পূৰ্বে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই মাটিৰ তলৰ বাংকাৰলৈ পিছুৱাই গৈছিল, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৃহৎ সামৰিক কাৰ্যকলাপৰ বাবে সাজু হৈছে ইৰাণ।
  5. ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত দীৰ্ঘদিনীয়া মুক্ত বাণিজ্য চুক্তি (FTA)  এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। দুয়োপক্ষৰ মাজত প্ৰায় চূড়ান্ত হোৱা চুক্তিখন মাত্ৰ স্বাক্ষৰ বাকী আছে, যিটো আজি ২৭ জানুৱাৰীত হ’ব বুলি আশা কৰা হৈছে। এই চুক্তিয়ে ভাৰতৰ ৰাছিয়া, আমেৰিকা, চীনৰ দৰে প্ৰধান বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে।
  6. আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট মহলত এক বৃহৎ খবৰে চৰ্চা লাভ কৰিছে।  বিশ্বকাপ প্ৰতি লক্ষ্য ৰাখি এতিয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI)। বাতৰি অনুসৰি যদিহে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সুস্থ হৈ নুঠে, তেন্তে তেওঁৰ স্থানত অসম সন্তান ৰিয়ান পৰাগক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

লগতে পঢ়ক: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

এই ৪ ৰাশিৰ লোক কেতিয়াও নহয় দৰিদ্ৰ, সদায় লগত থাকে ধন!
বাৰে বাৰে গৰম কৰি খাব নালাগে এই খাদ্য!
পুৱা ৩০ মিনিট খোজকাঢ়িলে শৰীৰে কি উপকাৰ লাভ কৰে?
লাভ কৰিব বিশেষ কৃপা! মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান