জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা মহিলা বিশ্বকাপলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা মহিলা বিশ্বকাপলৈ...পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক

পুৱাৰ খবৰ

Updated On: 

09 Oct 2025 08:25 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে কামৰূপ জিলাৰ অন্তৰ্গত বকো-ছয়গাঁও সম-জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা উপ-আৰক্ষী অধীক্ষক সন্দিপন গাৰ্গক নিলম্বন কৰিছে অসম চৰকাৰে। ৮ অক্টোবৰ বুধবাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসমৰ ৰাজ্যপালৰ নিৰ্দেশত নিলম্বন কৰা হয় সন্দিপন গাৰ্গক। বুধবাৰে  SIT-এ গ্ৰেপ্তাৰ কৰিছিল সন্দীপন গাৰ্গক।
  2. চলচ্চিত্ৰ পৰিচালক মনোৰঞ্জন শূৰৰ দেহাৱসান। ৯৬ বছৰ বয়সত কলকাতাৰ বাসগৃহত দেহাৱসান পৰিচালকগৰাকীৰ। ‘উত্তৰণ’ আৰু ‘মৃত্যুহীন জীৱন’ চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল মনোৰঞ্জন শূৰে।
  3. ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসহিতে প্ৰায় দুই শতাধিক প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত চৰকাৰৰ উদ্যোগত সকলোধৰণৰ ব্যৱস্থা লোৱাৰ কথা সদৰী কৰাৰ লগতে জনগোষ্ঠীটোৰ আন সমস্যাসমূহৰ বিষয়েও আলোচনা কৰা হয় ৷
  4. সীমান্তত অব্যাহত আছে অনুপ্রৱেশ ৰোধৰ অভিযান। বুধবাৰে অসমত প্রৱেশ কৰা ১১ বাংলাদেশীক পুনৰ ওভতাই পঠোৱা হয়। সামাজিক মাধ্যমত এই তথ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  5. আজি BTCৰ বিধান পৰিষদীয় ভৱনত শপত গ্ৰহণ অনুষ্ঠান। BPFৰ ২৬ পাৰিষদে ল’ব শপত।  শপত গ্ৰহণ কৰোৱাব প্ৰটেম অধ্যক্ষ ত্রিদীপ দৈমাৰীয়ে। ৫ বছৰৰ বিৰতিত বড়োলেণ্ডত পুনৰ ক্ষমতালৈ BPF।
  6. স্থগিত ৰখা হ’ল নতুন অসমীয়া চলচ্চিত্ৰ “যৌৱনে আমনি কৰে ২”ৰ শুভমুক্তি। ১০ অক্টোবৰত মুক্তি দিয়াৰ কথা আছিল ছবিখন। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই লক্ষ্মী নাৰায়ণ ফিল্মচে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে এই কথা। পৰৱৰ্তী সময়ত জনোৱা হ’ব নতুন মুক্তিৰ তাৰিখ।
  7. ডিজিটেল এৰেষ্টৰ নামত চলি থকা চাইবাৰ জালিয়াতি নেটৱৰ্কৰ বিৰুদ্ধে একেলগে অভিযান চলাই বুধবাৰে (৮ অক্টোবৰ) দেশজুৰি এক বৃহৎ অভিযান আৰম্ভ কৰে CBI-এ। অপাৰেচন চক্ৰ-ভিৰ অধীনত এই অভিযান দিল্লী-এনচিআৰ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, কেৰালা, আৰু পশ্চিম বংগৰ প্ৰায় ৪০টা স্থানত চলোৱা হয়।
  8. ICC মহিলা বিশ্বকাপ ২০২৫ৰ নৱমখন মেচত অষ্ট্ৰেলিয়াই পাকিস্তানক ১০৭ ৰানত পৰাস্ত কৰে।প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে, বেথ মুনীয়ে উজ্জ্বল ১০৯ ৰান সংগ্ৰহ কৰে।পাকিস্তানে ৩৬.৩ অভাৰত ১১৪ ৰানত অল আউট হয়। এই জয়ৰ জৰিয়তে অষ্ট্ৰেলিয়াই পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ বিপৰীতে পাকিস্তানে একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ পিছত নিম্ন স্থানত আছে।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটোত কি আছে আপোনাৰ ভাগ্যত? চাওক আজিৰ ৰাশিফল…

হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...
পুৰুষসকল সহজে আক্ৰান্ত হয় এইসমূহ ৰোগত, জানক...
প্ৰ’ষ্টেট কৰ্কট ৰোগীয়ে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ কৰে, কিদৰে থাকিব সাৱধান?
Dhanteras 2025: ধনতেৰাচত কি কি বস্তু কিনিলে শুভ ফল পোৱা যায়