Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰৰ। “সেই যে হাঁহিবোৰ, সেই ধেমালিবোৰ…. সেইয়াই আমাৰ জীৱন আছিল! হঠাৎ ক’ত হেৰাল সকলো!!! বৰ কষ্ট পাইছো তাইৰ কান্দি থকা নিস্তেজ মুখখন দেখি থাকি…. সময় বৰ নিষ্ঠুৰ!”
-
জনজাতিকৰণৰ দাবীত নাজিৰাত উত্তাল প্ৰতিবাদ টাই আহোম যুৱ পৰিষদৰ ৷ নাজিৰাত বিশাল জোঁৰ সমদল। ৬ জনগোষ্ঠী জনজাতিকৰণৰ পৰা বঞ্চিত হ’লে ‘২৬ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ ৷
-
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব পলাশবাৰী ৰাস মহোৎসৱ। ইতিমধ্যে চলি আছে প্ৰস্তুতি। এইবাৰ পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰি ৰাজ্যপাল লক্ষণ প্ৰসাদ আচৰ্যই। ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই ৰাসৰ অন্ত পৰিব ১৯ নৱেম্বৰত।
- “মিঞা ভাইৰ দুঃসাহসে অসমত কাম নকৰে ! অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদো চলিব, প্ৰতিজন অনুপ্ৰৱেশকাৰীক আমাৰ ভূমিৰ পৰা ওভতায়ো পঠিওৱা হ’ব ৷ এয়াই আমাৰ অসম প্ৰেম, মাতৃভূমিৰ সেৱা…।” পুনৰ সামাজিক মাধ্যমৰ জৰিয়তে অবৈধ বাংলাদেশীক সকীয়াই দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শনিবাৰে নিশা পুনৰ ১৬ জনকৈ বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়ন কৰাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।
- অসমত চাহৰ উৎপাদন প্ৰায় সুস্থিৰ হৈ আছে যদিও দেশত সামগ্ৰিকভাৱে চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০২৪ চনৰ তুলনাত ২০২৫ চনৰ ছেপ্টেম্বৰ ভিতৰত দেশত ৫.৯ শতাংশলৈ হ্ৰাস পাইছে চাহৰ উৎপাদন। পিটিআইৰ প্ৰতিবেদন অনুসৰি, ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত চাহৰ উৎপাদন ৫.৯ শতাংশ হ্ৰাস পাই ১৫৯.৯২ মিলিয়ন কিলোগ্ৰাম হৈছে, যিটো বিগত বছৰৰ একে সময়ছোৱাত ১৬৯.৯৩ মিলিয়ন কিলোগ্ৰাম আছিল।
- এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজস্থান।ৰাজ্যখনৰ ফালোডী জিলাৰ মাটোডা অঞ্চলত আজি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত।এই দুৰ্ঘটনাত পোন্ধৰজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰে ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।
- দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিছে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ। দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফীত চুম্বন দিলে ভাৰতে। দেশবাসীৰ আশা-প্ৰত্যাশাক যুগমীয়া কৰি হৰমনপ্ৰীত বাহিনীয়ে তুলি লৈছে চিৰ আকাংক্ষিত মহিলা বিশ্বকাপৰ খিতাপ।
লগতে পঢ়ক: এইসকলে লাভ কৰিব নতুন পদবী! আপোনাৰ বাবে কেনে হ’ব আজিৰ দিনটো? চাওক ৰাশিফল…