Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- কামপুৰৰ পাচনিজাৰত নৃশংস হত্যাকাণ্ড। ঘৰৰ ভিতৰতে টেট শিক্ষকসহ পত্নীক মৰিয়াই মৰিয়াই হত্যা। গীতাৰাণী দাস, ভাস্কৰ নাথক হত্যা জয়কান্ত দাস নামৰ লোকৰ। হত্যাকাণ্ডৰ পাছতে কামপুৰ থানাত আত্মসমর্পণ হত্যাকাৰীৰ ।পৰৰ্কীয়া প্ৰেমৰ বাবেই দুয়োকে হত্যা কৰাৰ সন্দেহ।
- ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। বতৰৰ ধৰণ অনুসৰি, অসমৰ পশ্চিম আৰু দক্ষিণ অংশত অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ মিলি মিটাৰলৈকে পৰিব পাৰে। বিশেষকৈ গুৱাহাটী চহৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিভাগে। বৰষুণৰ ফলত গুৱাহাটীত আগন্তুক দিনকেইটাত পানী জমা হোৱা, গছ পৰাৰ ঘটনা আৰু কিছু স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ উপৰি বাহনৰ গতি বিঘ্নিত হ’ব বুলি অনুমান কৰা হৈছে।
- তৈল নগৰী দুলীয়াজানৰ এটা তেল ডিপোৰ দখল সংক্ৰান্তীয় এক সংঘাতৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক। সোমবাৰে পুৱা ডিব্ৰুগড় আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতত হেণ্ডকাফ্ লগাই লৈ গৈছিল শংকৰক। ইয়াৰ পিছতে দুলীয়াজানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বি এন সিং পেট্ৰ’ল পাম্প বাতিলৰ দাবীত বীৰ লাচিত সেনাই কৰে প্ৰতিবাদ। শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদৰো দিয়ে হুংকাৰ। লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদৰ পিছতেই ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে তেল ডিপোটো।
- ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ । এই বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যাই গঢ়িলে অভিলেখ । এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগে লগে দেশৰ ভিতৰতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰা তৃতীয় পৰ্যটনৰ স্থান হিচাপে পৰিগণিত হৈছে কাজিৰঙা। মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে, এই বৰ্ষত এতিয়ালৈকে ১৮, ৪৬৩ জন আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে । এতিয়ালৈ মুঠ ৪,৪৩, ৬৩৬ জন পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ।
- পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অসমত ‘পাকিস্তানী এজেণ্ট’ হিচাপে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যত গ্ৰেপ্তাৰ হোৱা এনে সন্দেহযুক্ত লোকৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পাইছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত শ্বেয়াৰ কৰি কয় যে চিৰাং আৰু হোজাই জিলাৰ পৰা এজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ নিজৰ পোষ্টত লিখিছে যে অপাৰেচন সিন্দুৰৰ দৰে আমাৰ দেশ বিৰোধীক বিচাৰি আৰু শাস্তি দিয়াৰ অভিযান অব্যাহত আছে। এতিয়ালৈকে ৭৩ জন পাকিস্তানী এজেণ্ট কাৰাগাৰৰ আছে।
- দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ। কেইবাখনো ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দেশত এতিয়া ২৫৭ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত। হংকং আৰু ছিংগাপুৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰত আক্ৰান্তৰ ঘটনা। কেৱল মে’ মাহত ছিংগাপুৰত ১৪০০০ সক্ৰিয় ক’ৰোনা ৰোগী ধৰা পৰিছে। মুম্বাইত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজন ৰোগীৰ।
- এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ থানে জিলাৰ কল্যাণ চহৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এটা অট্টালিকাৰ নাম ফলক ভাঙি বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ জন লোকে। এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।
- উত্তৰ-পূবৰ অগ্ৰণী ৰাজ্য মিজোৰামে এক ডাঙৰ সাফল্য লাভ কৰিছে। ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে মিজোৰাম। মঙলবাৰে (২০ মে’) এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। কেৰালাকে ধৰি সকলো ৰাজ্যক পিছ পেলাই উত্তৰ-পূবৰ এই ৰাজ্যখনে দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।
- বাংলাদেশত তীব্ৰতৰ হৈ পৰিছে বিৰোধী দল আৰু চৰকাৰ বিৰোধী প্ৰতিবাদ। যোৱা এমাহত সমগ্ৰ দেশৰ পৰা ৪৮,৪০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সংখ্যাই প্ৰতিদিনে গড়ে গ্ৰেপ্তাৰৰ হাৰ হ’ব ১৫৬০ জন, যিটো বছৰৰ আৰম্ভণিতে চলোৱা অপাৰেচশ্যন ‘ডেভিল হাণ্ট’ৰ সময়ত লিপিবদ্ধ কৰা পৰিসংখ্যাতকৈ অধিক।
লগতে পঢ়ক: কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক ৰাশিফল…