Morning News: পলকতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পলকতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ...

পুৱাৰ খবৰ

Published: 

21 Aug 2025 07:47 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. শেহতীয়াকৈ গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত মৃত্যুক সাৱতি লোৱা নৱজাতকটিৰ পিতৃ উৎপল বৰদলৈক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উৎপল বৰদলৈয়ে সাক্ষাৎ শৰ্মাক। অৱশ্যে এই সাক্ষাতত মুখ্যমন্ত্ৰীৰ সৈতে কি আলোচনা কৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
  2. অৱশেষত টাডাৰ এটা গুৰুত্বপূৰ্ণ গোচৰ ৰায়দান কৰি আদালতে কেইবাজনো অভিযুুক্তক দোষমুক্ত ঘোষণা কৰে। প্ৰায় ২৫ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰ (২০ আগষ্ট)য়ে বিশেষ সন্ত্ৰাসবাদী আৰু বিঘ্নিতকাৰী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (TADA) আদালতে ৩৫ বছৰীয়া এটা গোচৰত ৰায়দান কৰি অসমৰ দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলায়। যাৰ অধীনত আদালতে কেইবাজনো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।
  3. সংসদত IIM সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প’ষ্ট। অসমবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। IIM স্থাপনেৰে অসমৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
  4. উচ্ছেদত বাধা দিয়া অধিবক্তাক আটক। হোজাই আৰক্ষীয়ে আটক কৰিছে অধিবক্তা আব্দুল আহাদক। হোজাই আদৰ্শ বজাৰত উচ্ছেদৰ সময়ত দিছিল বাধা। বেদখলকাৰীক উচটনি দিয়াৰ অভিযোগ অধিবক্তাজনৰ বিৰুদ্ধে। সন্ধিয়া আৰক্ষীয়ে আটক কৰিছে অধিবক্তা আব্দুল আহাদক।
  5. কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বুধবাৰে লোকসভাত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীসকলক অপসাৰণৰ বাবে বিধেয়ক উত্থাপন কৰে ৷ এই বিধেয়কৰ অধীনত যদি কোনো গুৰুতৰ অপৰাধমূলক গোচৰত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব পৰা যাব। সংবিধান (১৩০ সংশোধনী) বিধেয়ক, ২০২৫; কেন্দ্ৰীয় শাসিত চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৫; জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰিছে অমিত শ্বাহে।
  6. ছত্তীশগড়ত নক্সালবাদৰ বিৰুদ্ধে চলোৱা অভিযান আৰু নিয়দ নেল্লানাৰৰ দৰে উন্নয়নমূলক কাৰ্যসূচীৰ ফলত ২৯ জন নক্সালবাদীৰ আত্মসমৰ্পণ। ইয়াৰ ফলত নক্সালবাদীসকলৰ মাজত শংকা আৰু সংগঠন ত্যাগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। যোৱা ১৮ মাহত দন্তেৱাড়াত ৩৯০ৰো অধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে।
  7. বুধবাৰে পাকিস্তান প্ৰশাসনে ভাৰতীয় বিমানৰ আকাশমাৰ্গত প্ৰৱেশ নিষেধাজ্ঞা ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে।পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই নতুন NOTAM (Notice to Airmen) জাৰি কৰি পাকিস্তানৰ আকাশমাৰ্গত ভাৰতীয় বিমান প্ৰৱেশৰ নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

আপোনাৰো আছে নেকি এনে অভ্যাস? তেন্তে হাতত কেতিয়াও নাথাকিব ধন...
গণেশ চতুৰ্থীত দুৰ্লভ সংযোগ! ভাল দিন আহিব এই ২ ৰাশিৰ জীৱনলৈ...
দূৰ হ'ব সকলো সমস্যা! মাথোঁ পাকঘৰত নকৰিব এইকেইটা কাম...
স্তনৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণসমূহ কি কি? জানক...