ভূমিকম্পত মহিলাৰ মৃত্যুৰ পৰা বিটিচিৰ হিংসালৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

ভূমিকম্পত মহিলাৰ মৃত্যুৰ পৰা বিটিচিৰ হিংসালৈ...পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক

পুৱাৰ খবৰ

Published: 

15 Sep 2025 07:48 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দেওবাৰে দৰঙত উপস্থিত হৈ ৬৩০০ কোটি টকা ব্যয়েৰে তিনিটা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ইয়াৰ ভিতৰত আছে ৫৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৪৫৩০ কোটি টকা ব্য়য়েৰে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু ১২০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া কুৰুৱা-নাৰেংগী সংযোগী দলং।
  2. প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে নুমলীগড়ত প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয়েৰে দেশৰ ভিতৰতে প্ৰথমটো বায়’ ৰিফাইনেৰী প্ৰকল্প মুকলি কৰে। ইয়াৰ পিছতে তেওঁ পলীপ্ৰ’পেলিন উদ্যোগৰ আধাৰশিলাও স্থাপন কৰে। দেশৰ ভিতৰতে প্ৰথমটো বায়’ ৰিফাইনেৰী প্ৰকল্প হিচাপে হিচাপে পৰিগণিত হোৱা এই প্ৰকল্পত বাঁহৰ পৰা ইথালনৰ লগতে আন তিনিবিধ বায়’ প্ৰডাক্ট প্ৰস্তুত কৰা হ’ব।
  3. ১৪ ছেপ্টেম্বৰৰ বিয়লি  ৪.৪১ মিনিটত ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসম।  ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৮ । বিভিন্ন জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা তথ্য অনুসৰি কেইবাখনো জিলাত কিছু পৰিমাণে ক্ষয়-ক্ষতি হৈছে। ঘৰ-দুৱাৰত ফাঁট মেলাৰ উপৰি কোনো লোক আঘাত হোৱাৰো তথ্য আহি পৰিছে।
  4. ভূমিকম্পত আতংকিত হৈ তেজপুৰত মহিলাৰ মৃত্যু। ভূমিকম্পৰ সময়ত ভীতিগ্রস্ত হোৱা বাবে হৃদক্রিয়া বন্ধ হৈ মৃত্যু মহিলাগৰাকীৰ। মৃত মহিলাগৰাকী ৫০বছৰীয়া য়াচমিন খান বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ সময়ত ঘৰতে শুই আছিল মৃত মহিলাগৰাকী।
  5. হোজাইৰ শংকৰদেৱ স্কুল পথৰ সঞ্জীৱ দেৱনাথ নামৰ ব্যক্তিৰ ঘৰত চুৰিকাণ্ড। ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান । সোণৰ গহনা সহ নগদ ১লাখ ৬০হাজাৰ টকা লৈ উধাও হ’ল চোৰ । জানিব পৰা মতে বন্ধন গোটৰ পৰা ঋণ লৈছিল গৃহস্থই ।ইতিমধ্যে ঘনাস্থলীত উপস্থিত হৈ হোজাই আৰক্ষী চলাইছে তদন্ত।
  6. বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পূৰ্বে চিৰাঙত প্ৰাক্-নিৰ্বাচনী হিংসা। নিছিমা সমষ্টিত BPFৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ। দমৰুবজাৰত BPFৰ গাড়ীত আক্ৰমণ চলায়। পৰ্বতঝোৰাত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়।
  7. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নিৰ্বাচনমুখী বিহাৰৰ পূৰ্ণিয়া জিলাত ৩৬ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। তাৰ পিছতে জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰিও তেওঁ উত্তৰ বিহাৰৰ এই চহৰখনত নতুনকৈ নিৰ্মিত বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰিব, যিয়ে অঞ্চলটোৰ বিমান সংযোগৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, কাটাৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ইজৰাইলে সাৱধান হ’ব লাগে কাৰণ কাটাৰ আমেৰিকাৰ গুৰুত্বপূৰ্ণ বন্ধু। কাটাৰে ইজৰাইলৰ আক্ৰমণক গৰিহণা দি কয় যে এইটো শান্তি প্ৰক্ৰিয়াৰ ওপৰত আক্ৰমণ। আজি অনুষ্ঠিত হ’বলগীয়া আৰব দেশৰ সন্মিলনত ইজৰাইলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব পাৰে। উল্লেখ্য যে, ইজৰাইলে ৯ ছেপ্টেম্বৰত কাটাৰত হামাছৰ নেতাসকলক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছিল।
  9. এছিয়া কাপ-২০২৫ ৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। প্ৰথমে বেটিং কৰি আজি পাকিস্তানে ভাৰতৰ সন্মুখত বান্ধি দিছিল ১২৮ ৰানৰ লক্ষ্য। এই লক্ষ্য মাত্ৰ ১৫.৩ অভাৰতে পূৰণ কৰে ভাৰতীয় ক্ৰিকেট দলটোয়ে। ২৫ টা বল বাকী থকা অৱস্থাত ভাৰতীয় ক্ৰিকেট দলটোৱে  ১৩১ ৰান কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা
অমিতা খাই পেলাই নিদিব গুটি, এনে উপকাৰিতাৰ কথা জানিলে হ’ব আচৰিত
মংগলৰ ৰাশি পৰিবৰ্তন! আগন্তুক ৪৫ দিন সাৱধানে থাকিব লাগিব এই ৰাশিৰ লোক...