Morning News: পলকতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পলকতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ...

পুৱাৰ খবৰ

Published: 

10 Nov 2025 07:24 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দেওবাৰ (৯ নৱেম্বৰ)য়ে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে আজিৰ কেবিনেটে ‘দ্য আছাম প্রহিবিশ্যন অব পলিগেমি বিল, ২০২৫’ শীর্ষক এখন বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনায়। এই বিধেয়ক অনুসৰি এগৰাকী বৈধ পত্নী থকা অৱস্থাত একাধিক বিয়া কৰোৱা পুৰুষসকলে ৭ বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি ভোগ কৰিব লাগিব।
  2. কেবিনেটত উমা চেত্ৰী সন্দৰ্ভতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদ্য বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্যা উমা চেত্রীক অভিনন্দন জ্ঞাপন কৰে ৰাজ্যিক কেবিনেট। তেওঁলৈ ২৫ লাখ টকাৰ অনুদানত অনুমোদন জনায়। ইয়াৰ আগতেও চৰকাৰে ১০ লাখ টকাৰ অনুদান দিছিল। কিছুদিন পাছতে উমাক এই ধনৰাশি প্ৰদান কৰা হ’ব বুলি কয় শৰ্মাই।
  3. দেওবাৰে বোকাখাতৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অসম গৌৰৱ উমাক আদৰণি জনালে অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই। প্ৰথমে চাউথ পইণ্ট স্কুলৰ সন্মুখৰ পৰা উমাক লৈ সমদল কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। অভিনন্দন জনোৱাৰ লগতে ৫১ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই।
  4. ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। প্ৰায় ১২.০০ মান বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত বহুকেইখন যুদ্ধ বিমানে কলা-কৌশৰ প্ৰদৰ্শন কৰে।
  5. গোসাঁইগাঁৱৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত পিতৃ-কন্যাসহ ৩ গৰাকীৰ মৃত্যু। জিতেন চৰেণ, হাছিনা চৰেণ, দাইবৰ চৰেণৰ মৃত্যু। বজাৰৰ পৰা মটৰচাইকেলেৰে ঘৰলৈ উভতাৰ পথত এই দুর্ঘটনা। মৃত আটাইকেইগৰাকীৰে ঘৰ কচুগাঁৱৰ ইছলামপুৰত।
  6. দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দেওবাৰে বিহাৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব। ২০খন জিলাৰ ১২২খন আসনত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত ১৩০২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৩ কোটি ৭০ লাখ ১৩ হাজাৰ ৫৫৬ জন ভোটাৰে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব। দ্বিতীয় পৰ্যায়ৰ বাবে ৪৫,৩৯৯টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
  7. ফিলিপাইনছত ছুপাৰ টাইফুন ফাং-ৱঙে ব্যাপক আতংকৰ সৃষ্টি কৰিছে। দেওবাৰে সন্ধিয়া ফাং-ৱঙে স্থলভাগত প্ৰৱেশ কৰাৰ ফলত ১২ লাখতকৈ অধিক লোকক স্থানান্তৰ কৰা হয়। ধুমুহাৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। দেওবাৰৰ সন্ধিয়াৰ পৰা ফিলিপাইনছৰ লুজন দ্বীপত ফুং-ৱঙে ধাৰাসাৰ বৰষুণৰ ফলত ঘণ্টাত ১৮৫ৰ পৰা ২৩০ কিলোমিটাৰ বেগেৰে বতাহ বলিছে।

লগতে পঢ়ক: এইসকল লোক হ’ব লাগিব সাৱধান! আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল

কোনবোৰ চৰাই দেখাটো শুভ সংকেত? জানক...
জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...
চাইনাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকে কি কয় জানক...
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে দৈনিক কি কি খাদ্য খাব লাগে ? জানক