পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ১১ আগষ্ট। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ ৰাজনীতিৰ পৰা সাংস্কৃতিক ক্ষেত্ৰলৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ প্ৰতিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে, যিমানেই প্ৰতিবাদ কৰিব, সিমানেই উচ্ছেদ অভিযান চলোৱা হ’ব। ইফালে, ভোট চুৰি সন্দৰ্ভত স্পষ্ট উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। তেওঁলোকে অভিযোগ শুনে কিন্তু স্পষ্ট উত্তৰ নিদিয়ে। এই নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। চাওঁ আহক ৰাজ্যৰ ৰাজনীতিৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনলৈকে শীৰ্ষ খবৰসমূহ…
দিনটোৰ শীৰ্ষ খবৰ
- আছুৱে যিমানেই প্ৰতিবাদ কৰিব, সিমানেই উচ্ছেদ অভিযান চলোৱা হ’ব। চিৰাঙত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে, আছুৱে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এটা গোচৰ দাখিল কৰিছে। এইটো এতিয়া আইনী বিষয়, ইয়াত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব নোৱাৰে।
- ভোট চুৰি সন্দৰ্ভত স্পষ্ট উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। তেওঁলোকে অভিযোগ শুনে কিন্তু স্পষ্ট উত্তৰ নিদিয়ে। আয়োগে বৰ্তমান ৰাজনৈতিক দলৰ হৈ কথা কোৱাতকৈ ৰাইজক সত্যটো জনোৱা উচিত। বিৰোধীৰ প্ৰতিবাদী সমদলৰ মাজতে এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে।
- গঁড় চিকাৰৰ বিৰুদ্ধে চলোৱা অভিযানত অসমত গ্ৰেপ্তাৰ ৪০ গৰাকী লোকক। অপাৰেচন ফেলকনৰ অধীনত গ্ৰেপ্তাৰ কৰা এই লোকসকলৰ অধিকাংশৰে আন্তঃৰাষ্ট্ৰী চোৰাং ব্যৱসায় চক্ৰৰ সৈতে লিংক আছে। গঁড় হত্যা ৰোধৰ বাবে যোৱা বছৰ আৰম্ভ কৰা হৈছিল এই অভিযান। অপাৰেচন ফেলকনে চোৰাং ব্যৱসায়ীৰ কঁকাল ভাঙি দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- বেদখল অভিযানৰ সময়ত উচ্ছেদ কৰা অনুপ্ৰৱেশকাৰীক লৈ শোক প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। এই অভিযোগ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্সত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এইসমূহ লোকে অসমৰ মাটি বেদখল কৰিছে, সংস্কৃতি সলনিৰ চেষ্টা কৰিছে। তেনে লোক কেনেকৈ দুখীয়া হ’ব পাৰে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
- সমাগত স্বাধীনতা দিৱস। ৰাজ্যত স্বাধীনতা দিৱসৰ সময়ত যাতে কোনো কূটাঘাত সংঘটিত নহয়, তাৰ বাবে চোকা দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে। ইয়াৰ মাজতে আলফা স্বাধীনে এক প্ৰেছ বিবৃতি যোগে স্বাধীনতা দিৱস বৰ্জনৰ লগতে উক্ত দিনটোত বন্ধ ঘোষণা কৰিছে।
- আজি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদল কৰে বিৰোধী সাংসদে। ভোটাৰ তালিকাত সংঘটিত দুৰ্নীতিৰ অভিযোগৰ উত্তৰ বিচাৰি এই সমদল কৰে ৰাহুল গান্ধীৰ লগতে কেবাগৰাকীও সাংসদে। ইয়াৰ মাজতেই আৰক্ষীয়ে আটক কৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ লগতে বহুকেইজন বিৰোধী সাংসদক।
- পাক সেনা প্ৰধান অসীম মুনিৰৰ পাৰমাণৱিক ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ। পাকিস্তানৰ এই ভাবুকি দিয়াতো পুৰণি স্বভাৱ বুলি উল্লেখ কৰি ৰণধীৰ জয়ছোৱালে কয় যে এনে মন্তব্য কৰাতো কিমান দায়িত্বজ্ঞানহীন সেয়া বিশ্বই দেখিছে।
- গুৱাহাটীত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী। ৰাজীৱ গান্ধী পথত নিয়মীয়া তালাচী চলোৱাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ নামৰ এজন যুৱকক চালাচী চলাই উদ্ধাৰ কৰে প্ৰায় ১১ কেজি গাঞ্জা। ঘটনা সন্দৰ্ভত আন দুজন যুৱককো আটক কৰিছে আৰক্ষীয়ে।
- অসমৰ প্ৰখ্যাত নাট্যকাৰ, গীতিকাৰ, পৰিচালক তথা অভিনেতা হেমন্ত দত্তৰ দেহাৱসান। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৪ বছৰ। প্ৰায় ৫০০ ৰো অধিক গীত ৰচনাৰ লগতে বহু কেইখন কালজয়ী নাটক ৰচনা কৰি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি গৈছে হেমন্ত দত্তই।