ৰাজ্যৰ পৰা বিশ্বলৈ! মাত্ৰ ১ মিনিটত পঢ়ক ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
ৰাজ্যৰ শিক্ষকসকলৰ প্ৰতি অধিক কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ। শেহতীয়াকৈ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰি কয় যে, ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষক।

খবৰ
আজি বুধবাৰৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু ইয়াৰে কিছুমান ঘটনাই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আজিৰ দিনটোত কিছুমান বিশেষ বাতৰি সকলোৰে মাজত পাকঘূৰণি খাই আছে। কিন্তু ব্যস্ত জীৱনৰ বাবে প্ৰতিটো খবৰ পঢ়া বা চোৱা সম্ভৱ হয়। গতিকে কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত আগবঢ়োৱা হ’ল-
- ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এইবাৰ চৰকাৰে বিভিন্নজনলৈ প্ৰেৰণ কৰিছে বিহুৱান। এই ক্ষেত্ৰত তথ্য প্ৰদান কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৭ লাখ ৭৩ হাজাৰ ব্যক্তিক বিহুৱান প্ৰদান কৰিছে। ইয়াৰ বাবে অসমৰ শিল্পীসকলৰ পৰা মুঠ ৯,২৫,০১০খন গামোচা ক্ৰয় কৰিছে। অসমৰ থলুৱা শিপিনীসকলৰ শৈল্পিক প্ৰতিভাক সন্মান জনাই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
- শিক্ষক সমাজলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰতিগৰাকী শিক্ষকে ৯ বজাৰ পূৰ্বে উপস্থিত হ’ব লাগিব বিদ্যালয়ত। বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব শিক্ষাসেতু এপত।
- ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল। দিছপুৰৰ পৰা সেউজ সংকেত পালে ASSEB-য়ে ঘোষণা কৰিব ফলাফল। ইয়াৰোপৰি এপ্ৰিলৰ শেষত নহ’লে মে’ৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা ।
- ভাঙি পেলোৱা হ’ব অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত অগপ দলৰ কাৰ্যালয়লৈ জাননী প্ৰেৰণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীঘলীপুখুৰী- নুনমাটি উৰণসেতু নিৰ্মাণৰ বাবে এই কাৰ্যালয় ভঙা হ’ব। ইয়াৰোপৰি আন কেইবাটাও কাৰ্যালয় আৰু গছ কাটি পেলোৱা হ’ব।
- সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছত বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এগৰাকী প্ৰাক্তন অধিবক্তাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত ৰায় দি ন্যায়ালয়ে কয় যে,সকলো ক্ষেত্ৰতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত শাৰীৰিক সম্পৰ্কক বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা ধৰ্ষণ বুলি গণ্য কৰা উচিত নহয়। ইয়াৰে পাছত ন্যায়ালয়ে অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰে।
- ৱাকফ আইন সন্দৰ্ভত চলি থকা চাঞ্চল্যৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰাজ্যত ৱাকফ আইন কাৰ্যকৰী নহয়।মই জানো যে আপোনালোকে ৱাকফ বিষয়ক লৈ দুখী, কিন্তু বিশ্বাস ৰাখক যে বংগত কোনো বিভাজন নহয়।কলকাতাত ‘নৱকাৰ মহামন্ত্ৰ দিৱস’ জৈন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে তেওঁ।
- পাঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাবা ছিদ্দিকী হত্যাকাণ্ডৰ মূল অভিযুক্ত জিশান আখতাৰক। উল্লেখ্য যে,২০২৪ চনৰ ১২ অক্টোবৰৰ বিজয়া দশমীৰ দিনা নিজৰ কাৰ্যালয়ৰ বাহিৰত নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল প্ৰাক্তন মন্ত্ৰী তথা জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীক।
- নতুন সংকটৰ সন্মুখীন হৈছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ। চুবুৰীয়া ৰাষ্ট্ৰখনত বৃদ্ধি পাইছে ডেংগুৰ প্ৰভাৱ। ৮ এপ্ৰিল পৰ্যন্ত প্ৰতি ২৪ ঘণ্টাৰ মূৰত গড়ে ২০ জন নতুন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৮ এপ্ৰিললৈ দেশখনত মুঠ ১,৯৯৭ জন ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। যাৰ বাবে ই বাংলাদেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
- অধিক শক্তিশালী হৈ পৰিব ভাৰতীয় নৌ সেনা। তথ্য অনুসৰি, শেহতীয়াকৈ ভাৰত চৰকাৰে ফ্ৰান্সৰ সৈতে ৬৩ হাজাৰ কোটি টকাৰ চুক্তি চূড়ান্ত কৰিবলৈ সাজু হৈছে, যাৰ অধীনত নৌসেনাই লাভ কৰিব ২৬খন উন্নত ৰাফেল এম যুদ্ধ বিমান।
ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey