জুবিন গাৰ্গৰ ভিচেৰা ৰিপোৰ্টৰ পৰা ছাত্ৰী নিৰ্যাতনলৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। তেওঁ কয় যে তদন্ত ভালদৰে চলি আছে। দাৰ্জিলিঙত ভূমিস্খলনত ক্ষতিৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য অসম বিজেপিৰ। পঢ়ো আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

দিনটোৰ খবৰ
GMCH ৰ বিশেষজ্ঞৰ দলে লাভ কৰিলে জুবিন গাৰ্গৰ ভিচেৰা ৰিপোৰ্ট। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। তেওঁ কয় যে তদন্ত ভালদৰে চলি আছে। দাৰ্জিলিঙত ভূমিস্খলনত ক্ষতিৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য অসম বিজেপিৰ। পঢ়ো আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। তেওঁ কয় যে তদন্ত ভালদৰে চলি আছে। বিদেশী ৰাষ্ট্ৰত গৈ তদন্ত চলোৱাত থকা প্ৰত্যাহ্বান সম্পৰ্কেও অৱগত কৰে বিষয়াগৰাকীয়ে। মিউচুৱেল লিগেল ৰিকুৱেষ্ট যোগে তদন্তৰ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে গুপ্তাই।
২. GMCH ৰ বিশেষজ্ঞৰ দলে লাভ কৰিলে জুবিন গাৰ্গৰ ভিচেৰা ৰিপোৰ্ট। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে এই ৰিপোৰ্টৰ পৰীক্ষা চলাব বিশেষজ্ঞই। দুদিনৰ ভিতৰত মুখ্যমন্ত্ৰীত দাখিল কৰা হ’ব এই প্ৰতিবেদন।
৩. দাৰ্জিলিঙত ভূমিস্খলনত ক্ষতিৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য অসম বিজেপিৰ। আজি ৫ খন ট্ৰাকযোগে সাহায্যৰ টোপোলা প্ৰেৰণ ৰাজ্যিক বিজেপিৰ। মন্ত্ৰী পীযুষ হাজৰীকাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ।
৪. গুৱাহাটীৰ মালিগাঁৱত নাহৰ-ফুটুকীৰ মুক্ত বিচৰণ। স্বাগত হাস্পতালৰ সমীপত দেখা যায় এটা প্ৰকাণ্ড নাহৰ-ফুটুকী। নীলাচল পাহাৰৰ একাংশ লোকে প্ৰত্যক্ষ কৰে নাহৰ-ফুটুকীটো। কেমেৰাত বন্দী হয় নাহৰ-ফুটুকীৰ বিচৰণৰ দৃশ্য।
৫. আজি এছআইটিৰ সমুখত হাজিৰ হয় জুবিন গাৰ্গৰ সহযোগী শিল্পী শতাব্দী বৰা। বিগত সময়ত কেবাটাও বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল শতাব্দীয়ে। এছ আই টিক সকলো জনোৱা বুলি কয় শিল্পীগৰাকীয়ে। সোমবাৰে আদালতত জাবানবন্দী লোৱা হ’ব শতাব্দীৰ।
৬. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। অনন্তনাগ জিলাত এক অভিযানৰ সময়ত আজি শ্বহীদ হয় দুজন পেৰা কমাণ্ডো জোৱান। দুই শ্বহীদ জোৱান হৈছে লেন্স নায়ক সুজয় ঘোষ আৰু হাবিলদাৰ পলাশ ঘোষ।
৭. দীপাৱলীৰ পূৰ্বে দেশৰ কৃষকক ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শনিবাৰে কৃষি খণ্ডৰ বাবে ৩৫,৪৪০ কোটি টকাৰ দুখন বৃহৎ আঁচনি মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে। সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকী উপলক্ষে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
৮. পুনৰ পশ্চিম বংগত যৌন নিৰ্যাতনৰ বলি চিকিৎসা বিজ্ঞানৰ ছাত্ৰী। এইবাৰ দুৰ্গাপুৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ যৌন নিৰ্যাতনৰ অভিযোগ। শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। বৰ্তমান চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী।
৯. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত সন্তোষজনক স্থিতিত ভাৰত। প্ৰথমে বেটিং কৰি ভাৰতে ৫১৮ ৰাণত ইনিংছ ঘোষণা কৰে। যশস্বী জয়ছোৱাল আৰু শুভমন গিলে দৰ্শনীয় শতকীয় ইনিংছ খেলে। নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি ১৪০ ৰাণত ৪ টা উইকেট হেৰুৱাইছে ৱেষ্ট ইণ্ডিজে।