পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
বৰ্তমান সময়ত পহলগাম বিষয়টোৰ ওপৰত বিশ্বৰ বিভিন্ন প্ৰান্তত চৰ্চা চলি আছে। ইয়াৰ লগতে বহু খবৰে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। তেনে কেইটামান বাতৰি এই লেখাটোত উল্লেখ কৰা হ'ল-

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- পহলগাম আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি অসম চৰকাৰে ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কৰে এই ঘোষণা।
- ধিঙৰ বিধায়ক আমিনুল ইছলাম আটক। এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে পহলগাম ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি এয়া বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।
- যোৰহাটৰ পানীচকুৱাত নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰ আক্ৰমণত পুলিবৰৰ বৰহুজৰৰ কৃষ্ণজ্যোতি শইকীয়াৰ মৃত্য়ু।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
- সন্ত্ৰাসবাদক কঠোৰ সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইছিৰ। শুকুৰবাৰৰ নামাজত হাতত সকলোকে ক’লা ফিটা বান্ধি নামাজ আদায়ৰ বাবে আহ্বান জনায়।
- পহলগাম ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লীত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত কংগ্ৰেছকে ধৰি সকলো দলে কয় যে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰকাৰে যিয়েই ব্যৱস্থা গ্ৰহণ নকৰক কিয় তেওঁলোক লগত থাকিব।
- সৰ্বদলীয় বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, পহলগামৰ ঘটনা ভুলৰ বাবে সংঘটিত হল। এনে ঘটনা যাতে দ্বিতীয়বাৰলৈ সংঘটিত নহয় তাৰ বাবে সকলো চেষ্টা কৰা হব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এই বৈঠক হৈছিল।
- পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। বাঘা সীমান্ত বন্ধ, ভাৰতীয়ৰ বাবে ভিছা বাতিল আদিৰ লগতে ছিমলা চুক্তিকে ধৰি সকলো দ্বি-পাক্ষিক চুক্তি বাতিলৰ চিন্তা কৰিব বুলি কয়।
- পোপ ফ্ৰান্সিসৰ অন্ত্য়োষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে ভেটিকান ভ্ৰমণ কৰিব।
অন্য খবৰ পঢ়কঃ আটক AIUDF ৰ বিধায়ক আমিনুল ইছলাম, পহলগাম ঘটনা সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য…
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?