ৰাজ্যৰ পৰা বিশ্বলৈ! ১ মিনিটত পঢ়ক ১০ টা গুৰুত্বপূৰ্ণ খবৰ…

আজিৰ দিনটোত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু প্ৰান্তত বিভিন্ন ঘটনা সংঘটিত হয়। অসমত নিযুক্তি পত্ৰ বিতৰণৰ পৰা আৰম্ভ কৰি দিল্লী ষ্টেচনৰ ট্ৰেজেডী, পাকিস্তানৰ পথ দুৰ্ঘটনা আদিকে ধৰি বিভিন্ন ঘটনাই শিৰোনাম দখল কৰিবলৈ সক্ষম হয়।

ৰাজ্যৰ পৰা বিশ্বলৈ! ১ মিনিটত পঢ়ক ১০ টা গুৰুত্বপূৰ্ণ খবৰ...

খবৰ

Published: 

16 Feb 2025 | 11:01 PM

আজি ১৬ ফেব্ৰুৱাৰী। আজিৰ দিনটোত অসমৰ লগতে দেশ- বিদেশৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। অসমত নিযুক্তি পত্ৰ বিতৰণ,  আছু-ৰাজ্য চৰকাৰৰ বৈঠক, অসম কেবিনেটৰ সিদ্ধান্ত, দিল্লী ষ্টেচনত ১৮ জনৰ মৃ্ত্যু, পাকিস্তানত ভক্তৰ মৃত্যু আদিকে ধৰি বিভিন্ন ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। আজিৰ দিনটো ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. আজি কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহ। এই অনুষ্ঠানত ৫৬৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। ১৩ টাকৈ বিভাগত দিয়া হয় নিযুক্তি।
  2. অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। সিদ্ধান্ত অনুসৰি, কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬.২৯ বর্গ কিল’মিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন।
  3. ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ট
  4. মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে প্ৰথম জাপানত কাম কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ছিংগাপুৰেও স্বাস্থ্য়খণ্ডৰ বাবে অসমৰ নাৰ্ছ নিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।
  5. কেবিনেটত দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ সৈতে সম্পৰ্কিত ৰাজ্যৰ কিছু বিশেষ বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে।
  6. গুৱাহাটীৰ উলুবাৰীত স্বামীয়ে হত্যা কৰে পত্নীক। অভিযোগ অনুসৰি পৰকীয়া প্ৰেমৰ সন্দেহত স্বামী ৰুবুল শৰ্মাই পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।
  7. দেওবাৰে ৩৬ টা দিন সম্পূৰ্ণ কৰিলে প্ৰয়াগৰাজৰ মহাকুম্ভই। এতিয়ালৈকে প্ৰায় ৫০ কোটি ভক্তই কৰিছে পবিত্ৰ স্নান।
  8. শনিবাৰে নিশা নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত  সংঘটিত পদপিষ্ট ঘটনাত প্ৰায় ১৮ জনলোক নিহত হোৱাৰ লগতে আহত হয় বহুতো । ষ্টেচনত ভিৰ কৰা প্ৰায় সংখ্যক লোকৰে গন্তব্যস্থান আছিল মহাকুম্ভ ।
  9. কাইলৈৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব অধিনেশন।
  10. গুৱাহাটীত ২ খনকৈ অনুষ্ঠিত হ’ব আইপিএল-২০২৫ৰ মেচ। ২৬ মাৰ্চত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত মেচ, লগতে ৩০ মাৰ্চত মেচ আছে চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ।
  11. ইলন মাস্কৰ নেতৃত্বত থকা ৰাজ্যিক দক্ষতা বিভাগে বাতিল কৰিলে ভাৰতক দিয়া ২ লাখ ১০ ডলাৰৰ পুঁজি।
  12. বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে আঁতৰ কৰাৰ চেষ্টা কৰিছে মুজিবৰ ৰহমানৰ সকলো স্মৃতি। শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  13. ৰাষ্ট্ৰপতি শাসন আৰম্ভ হোৱাৰ পাছতে মণিপুৰত কুকি বিদ্ৰোহীয়ে শিবিৰ এৰি পলায়ন কৰে।
  14. পাকিস্তানৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুটা পৃথক ঠাইত হোৱা দুৰ্ঘটনাত ১৬ জনলোকে প্ৰাণ হেৰুওৱাৰ উপৰি আহত হয় ৪৫ৰো অধিক।
  15. বিপদ বাঢ়িছে প্ৰযোজন একতা কাপুৰৰ। সৈনিকক অপহৰণ কৰাৰ অভিযোগত একতা কাপুৰৰ বিৰুদ্ধে ন্যায়ালয়ে বিশেষ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে এই ঘটনাৰ ৰিপোৰ্ট বিচাৰিছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব