পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ মৃত্যু তদন্ত, বিটিচি নিৰ্বাচনী ফলাফলকে ধৰি পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ সমান্তৰালভাৱে বিটিচি নিৰ্বাচনী ফলাফলকে ধৰি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ২৬ ছেপ্টেম্বৰ শুকুৰবাৰৰ দিনটোৰ ৯ টা শীৰ্ষ খবৰ চাওঁ আহক।
দিনটোৰ মুখ্য খবৰ
- যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। যোৰহাটৰ এক ৰাজহুৱা স্থানত ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তিনিদিনৰ বাবে ৰখা হ’ব শিল্পীগৰাকীৰ চিতাভস্ম। এই সন্দৰ্ভত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী আৰু জিলা আয়ুক্তৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ।
- জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খোৱা কোনো অভিযুক্তৰ হৈ ওকালতি নকৰে অসমৰ উকীল সমাজে। সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এই পদক্ষেপ। অভিযুক্তক আইনী সমৰ্থন আগবঢ়ালে ঐতিহাসিক ভুল হ’ব বুলিও কয় সন্থাই। ইতিমধ্যে অগ্ৰিম জামিনৰ বাবে কেবাজনো উকীলৰ সৈতে শ্যামকানু মহন্তই যোগাযোগ কৰা বুলি চৰ্চা হৈছে।
- জুবিন গাৰ্গৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মালৈ CID ৰ চমন। ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে। লগতে ছিংগাপুৰৰ ১১ গৰাকী প্ৰবাসী অসমীয়াকো চমন। নিৰ্দিষ্ট সময়ৰ ভিতৰত উপস্থিত নহ’লে লুক আউট নটিছ জাৰি কৰিব বুলি জনালে চি আই ডিয়ে।
- অসমৰ অধিবক্তাৰ পৰা সঁহাৰি নাপায় দিল্লীৰ অধিবক্তাৰ কাষ চাপিছে শ্যামকানু মহন্ত। অনিতা শ্বেন নামৰ অধিবক্তাগৰাকীয়ে ইতিমধ্যে সংগ্ৰহ কৰিছে শ্যামকানুৰ বিৰুদ্ধে ৰুজু হোৱাৰ এজাহাৰৰ প্ৰতিলিপি। এছ আই টিয়ে জব্দ কৰা সামগ্ৰীৰ তালিকাৰ প্ৰতিলিপি সংগ্ৰহ অধিবক্তাগৰাকীৰ। অসমৰ সৰ্বত্ৰে তীব্ৰ গৰিহণা দিয়া দেখা গৈছে শ্যামকানু মহন্তক।
- আজি অনুষ্ঠিত হৈছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। বৰ্তমানলৈকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে সৰ্বাধিক আসনত অগ্ৰগতি লাভ কৰিছে। ইফালে বিজেপি আৰু ইউপিপিএল দলে কেইখনমান আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কেবাখনো আসনত পিছ পৰি আছে। বৰ্তমানলৈ কোনো অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছ দলে।
- জুবিন গাৰ্গৰ নামত হ’ব নগৰীয়া বন উদ্যান। সেই উদ্যানত থাকিব শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। পূৰ্ব ভাৰতীৰ সহযোগত স্থাপন কৰা হ’ব জুবিন গাৰ্গৰ গীতৰ এটি সংগ্ৰহালয়। এই সংগ্ৰহালয়ত শিল্পীগৰাকীয়ে বিভিন্ন ভাষাত গোৱা গীতসমূহ ডিজিটেলি সংৰক্ষণ কৰা হ’ব। অহা ১৯ অক্টোবৰত পাগলাদিয়া নদীত বিসৰ্জন দিয়া হ’ব জুবিন গাৰ্গৰ চিতা ভস্ম।
- শুকুৰবাৰৰ পৰা পৰ্যটকৰ উপভোগৰ বাবে মুকলি কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ। অৱশ্যে এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত জীপ চাফাৰীৰ দ্বাৰাহে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আজি ফিটা কাটি চলিত পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে কাজিৰঙাৰ বাগৰি বনাঞ্চল। নৱেম্বৰৰ ১ তাৰিখৰ পৰা হাতী ছাফাৰী আৰম্ভ কৰা হ’ব বুলি কৰ্তৃপক্ষই জনায়।
- প্ৰায় ছয় দশক সেৱাৰ অন্তত আজি ভাৰতীয় বায়ুসেনাই অৱসৰ দিয়ে MIG-21 যুঁজাৰু বিমানখনক। সেই উপলক্ষে চণ্ডীগড়ত অনুষ্ঠিত হয় এক ডিকমিছনিং অনুষ্ঠান। এই অনুষ্ঠানৰ সময়ত ৬৩ বছৰীয়া সেৱাৰ অন্তত বিমানখনক জল কামানৰ চেলুটেৰে সন্মানিত কৰা হয়। ১৯৬৩ চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হৈছিল MiG-21 বিমানখন।
- এছিয়া কাপৰ অন্তিমখন ছুপাৰ-৪ মেচত আজি মুখামুখি হৈছে ভাৰত আৰু শ্ৰীলংকা। ইতিমধ্যে ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে বাংলাদেশ আৰু শ্ৰীলংকাক পৰাস্ত কৰি পাকিস্তানেও প্ৰৱেশ কৰিছে ফাইনেলত। অহা দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপৰ ফাইনেল মেচ।