জুবিনৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য, পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ১৯ ছেপ্টেম্বৰ, শুকুৰবাৰ। জুবিনৰ মৃত্যুৰ পৰা আৰম্ভ কৰি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

জুবিনৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য, পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...

দিনটোৰ শীৰ্ষ খবৰ

Published: 

19 Sep 2025 21:18 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। শোকস্তব্ধ ৰাজ্যৰ লগতে দেশবাসী। ছিংগাপুৰত মৃত্যুক সাৱতি ল’লে জুবিন গাৰ্গে। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. অসম আৰু অসমীয়াৰ বাবে আজি এটা দুখৰ দিন। ছিংগাপুৰত মৃত্যুক সাৱতি ল’লে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। কিন্তু তাতেই সাগৰত নমাৰ সময়ত হঠাত অসুস্থ হৈ পৰে জুবিন গাৰ্গ। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়।
  2. ৫২ বছৰ বয়সতেই সকলোকে কন্দুৱাই গুচি গ’ল জুবিন গাৰ্গ। এই খবৰ পোৱাৰ পাছতেই নিৰ্বাচনী প্ৰচাৰ সামৰি দিছপুৰলৈ উভতি আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ এক শোকবাৰ্তাত কয় যে জুবিন গাৰ্গ অমৰ কণ্ঠ হৈ সকলোৰে হৃদয়ত ৰৈ যাব। জুবিনৰ নশ্বৰ দেহ ওভতাই অনাৰ বাবে ইতিমধ্যে ছিংগাপুৰস্থিত দূতাবাসৰ সৈতে কথা বতৰা পাতি থকা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। শনিবাৰে বিয়লি ভাগলৈ অসম আহি পোৱাৰ সম্ভৱনা শিল্পীগৰাকীৰ নশ্বৰ দেহ।
  3. জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক শোকবাৰ্তাত তেওঁ কয় যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।
  4. নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণৰ বাবে গৈ মৃত্যুক সাৱটি ল’লে জুবিন গাৰ্গে। তাৰ পাছতেই অনুষ্ঠানটোৰ বাকী থকা কাৰ্যসূচী বাতিল কৰিছে উদ্যোক্তাই। শ্যামকানু মহন্ত আৰু তেওঁৰ দলে ছিংগাপুৰৰ উদ্যোগী আৰু নীতি নিৰ্ধাৰকৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।
  5. জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত অব্যাহত আছে সদৌ মৰাণ ছাত্ৰসন্থা আৰু মৰাণ ৰাইজৰ প্ৰতিবাদ। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ দাবী পূৰণৰ বাবে আহ্বান জনায়।
  6. USTM সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। অনুমতি অবিহনে বনাঞ্চলৰ মাটি বেদখল কৰি শিক্ষানুষ্ঠানখন নিৰ্মাণ কৰা বুলি এক প্ৰতিবেদনত উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ৰ এক সমিতিয়ে। প্ৰায় ২৫ হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগ USTM ৰ বিৰুদ্ধে। সমিতিখনে USTM ক প্ৰায় ১৫০ কোটি টকাৰ জৰিমনা বিহাৰো নিৰ্দেশ প্ৰদান কৰিছে।
  7. জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় জুবিন গাৰ্গ; নামেই যাৰ পৰিচয়। অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ। কেৱল অসমৰ সাংস্কৃতিক ক্ষেত্রখনতেই নহয়, বাংলা, নেপালী আৰু ভাৰতীয় সংগীতৰ সমান্তৰালকৈ পাশ্চাত্য সংগীত প্রেমীসকলকো সুৰেৰে মোহাচ্ছন্ন কৰি ৰাখিব পৰা কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ ।
  8. জুবিন গাৰ্গৰ শেষকৃত্য সন্দৰ্ভত প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ মৃতদেহ আহি পোৱাৰ পাছতেই খানাপাৰা ফিল্ডলৈ লৈ যোৱা হ’ব। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে তাতেই ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। পৰিয়ালৰ সৈতে শেষকৃত্য সন্দৰ্ভত হ’ব আলোচনা। আলোচনাৰ পিছতেই শেষকৃত্য সন্দৰ্ভত সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে। চাৰ্টাৰ্ড বিমানযোগে জুবিন গাৰ্গৰ নশ্বৰদেহ অনা হ’ব গুৱাহাটীলৈ।
  9. গ্ৰেপ্তাৰাধীন এচিএছ বিষয়া নূপুৰ বৰাৰ গোলাঘাটৰ বাসগৃহত উপস্থিত চি এম ভিজিলেঞ্চৰ দল। গোলাঘাটৰ পুৰণা আমোলাপট্টীস্থিত পিতৃগৃহত চি এম ভিজিলেঞ্চৰ তিনিজনীয়া দলে চলায় অভিযান। উপস্থিত থাকে পিতৃ কমল বৰাও। নূপুৰৰ মাতৃ আৰু ভাতৃৰ ইতিমধ্যে মৃত্যু ঘটিছে। বৰ্তমান সেই গৃহত নাথাকে পিতৃও। নূপুৰক উপযুক্ত শাস্তি বিহাৰ আহ্বান পিতৃ কমল বৰাৰ।
ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...