পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ২৭ অক্টোবৰ, সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দেশৰ ১২ খন ৰাজ্যত এছ আই আৰ আৰম্ভ কৰাৰ কথা ঘোষণা। পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...
Published: 

27 Oct 2025 19:46 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দেশৰ ১২ খন ৰাজ্যত এছ আই আৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই। অপহৰণ আৰু ধনদাবীৰ ঘটনাক লৈ ৰাজ্যত তীব্ৰ বিতৰ্ক। ইয়াৰ লগতে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি দেশৰ ১২ খন ৰাজ্যত এছ আই আৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই। এই ৰাজ্য কেইখন হৈছে ​​ছত্তীশগড়, গুজৰাট, গোৱা, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ। অসমত নহয় এছ আই আৰ।
  2. অপহৰণ আৰু ধনদাবীৰ ঘটনাক লৈ ৰাজ্যত তীব্ৰ বিতৰ্ক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠ অভিযুক্তৰ ভিতৰত আছে বীৰ লাচিত সেনাৰ সদস্য। ইপিনে বীৰ লাচিত সেনাক নিষিদ্ধ ঘোষণাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে এনে এক সম্ভাৱনা।
  3. অসমত উদ্যোগ স্থাপন সন্দৰ্ভত কৰ্ণাটকৰ কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই কৰা মন্তব্যক লৈ পুনৰ বিতৰ্ক। গৌৰৱ গগৈক কটাক্ষ কৰিছে বিজেপিয়ে। প্ৰিয়ংক খাৰ্গেক মুৰ্খ আখ্যা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে মেধাসম্পন্ন অসমীয়া মানুহ নাই বুলি এক মন্তব্য কৰিছিল প্ৰিয়ংক খাৰ্গেই।
  4. বীৰ লাচিত সেনাক লৈ ৰাজ্যত তীব্ৰ বিতৰ্ক। তাৰ মাজতেই সকলো অভিযোগ খণ্ডন কৰিছে সংগঠনটোৰ নেতা ৰন্টু পানীফুকনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱককেইজন বীৰ লাচিত সেনাৰ সদস্য নহয় বুলি তেওঁ দাবী কৰে।
  5. বীৰ লাচিন সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গ্ৰেপ্তাৰ। শেহতীয়াকৈ চৰ্চালৈ অহা বীৰ লাচিত সেনাৰ নামত ধন দাবীৰ ঘটনাক কেন্দ্ৰ কৰি সংবাদমেল সম্বোধন কৰিছিল নেতাজনে। সেই সময়তে বীৰ লাচিত সেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হোটেল এপল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পানীফুকনে।
  6. ৰণ্টু পানীফুকনৰ গ্ৰেপ্তাৰক গৰিহণা শৃংখল চলিহাৰ। অনতিপলমে মুকলি কৰি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ। লগতে বিকাশ অসমক সংগঠনটোৰ পৰা বহিস্কাৰ কৰাৰ কথাও ঘোষণা কৰে শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠা ডকাইতিৰ অভিযোগকো অস্বীকাৰ নেতাগৰাকীৰ।
  7. আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নিযুত মইনা আঁচনিৰ দ্বিতীয়টো সংস্কৰণ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতকৈ অধিক ছাত্ৰীক সামৰি লোৱা হৈছে দ্বিতীয় সংস্কৰণত। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে পলিটেকনিক আৰু আই টি আই পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীকো সামৰি লোৱা হ’ব এই আঁচনিত।
  8. দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ক সূৰ্যকান্তৰ নাম প্ৰস্তাৱ কৰিছে। অহা ২৩ নৱেম্বৰত কাৰ্যকাল অন্ত পৰিব বি আৰ গাভাইৰ। তাৰ পাছতেই ন্যায়াধীশ সূৰ্যকান্ত দেশৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হ’ব।
  9. চিকিৎসালয়ত ভৰ্তি ভাৰতৰ যুৱ ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল শ্ৰেয়াছ। বুকুত আঘাত পোৱাৰ বাবে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যাত ভুগিছে শ্ৰেয়াছে। সম্প্ৰতি আই চি ইউত ভৰ্তি হৈ আছে খেলুৱৈগৰাকী।
এই ৩ টা ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে, উপশম পাবলৈ কি কৰিব?
অতি বিশ্বাসী এই ৫ ৰাশিৰ লোকে! কেতিয়াও নকৰে বিশ্বাসঘাটকতা...
ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক