মাৰিয়া কৰিণা মাচাদুলৈ শান্তিৰ নোবেল বঁটা, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

আজি ১০ অক্টোবৰ শুকুৰবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক দিনটোৰ ৯ শীৰ্ষ খবৰ।

মাৰিয়া কৰিণা মাচাদুলৈ শান্তিৰ নোবেল বঁটা, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

দিনটোৰ শীৰ্ষ খবৰ

Published: 

10 Oct 2025 | 06:19 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। আগন্তুক লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যাৰ ৩৮ শতাংশলৈ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. ঘোষণা হ’ল ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা । এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ভেনিজুৱেলাৰ মাৰিয়া কৰিণা মাচাদুক। দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ হকে কৰা শান্তিপূৰ্ণ সংগ্ৰামৰ বাবে তেওঁ দিয়া হৈছে শান্তিৰ নোবেল বঁটা।
  2. ঘোষণা হ’ল ADRE ৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ ২৮ খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে কৰিছিল আবেদন। শেষ লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ হয় ৭,৬৫০ গৰাকী প্ৰাৰ্থী।
  3. কোনো সম্পত্তিৰ মালিক নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেৱল চৰকাৰী দৰমহা লয়। এই কথা শুকুৰবাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “দৰমহাৰ বাহিৰে মোৰ ১ টকাও সম্পত্তি নাই। পত্নীয়ে যি কৰিছে সেয়া কাম কৰি উপাৰ্জন কৰিছে।”
  4. মিঠাতেলৰ মূল্য বুজি নাপায় গৌৰৱ গগৈয়ে। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। এই মন্তব্যৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ডধাৰীক মিঠাতেল প্ৰদানৰ সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
  5. আগন্তুক লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যাৰ ৩৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। আগন্তুক দিনত তেওঁ ৰাজ্যখনৰ সৰ্ববৃহৎ সম্প্ৰদায় হিচাপে পৰিগণিত হোৱাৰ আশংকা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  6. এমাহত চাৰিবাৰকৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজালৈ শান্তি অনাৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নোদীৰ। তেওঁ কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত হোৱা চুক্তিক আমি আদৰণি জনাইছো।
  7. CID কাৰ্যালয়ত জয়শ্ৰী গোস্বামী। সোধ-পোছৰ বাবে জয়শ্ৰীক তলব SIT ৰ। জুবিনৰ মৃত্যুৰ ঘটনাৰ সময়ত ছিংগাপুৰত আছিল জয়শ্ৰী। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ সৈতে জড়িত জয়শ্ৰী গোস্বামী।
  8. আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। বিজেপি দলৰ লগতে অন্যান্য দল,সংগঠনৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত। যোগদান কৰে  কাৰ্ত্তিক সেন সিনহা, ড° অমিত কুমাৰ কালৱাৰ,আৰ্কাশীষ চলিহা, নৱজ্যোতি কোঁৱৰে।
  9. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা মাটিত প্ৰথমটো শতক যশস্বী জয়ছোৱালৰ। ষ্টেট ক্ৰিকেটত সামগ্ৰিকভাৱে দলটোৰ বিৰুদ্ধে এয়া দ্বিতীয়টো শতক জয়ছোৱালৰ। ইফালে, আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত যশস্বী জয়ছোৱালে ৩,০০০ ৰান সম্পূৰ্ণ কৰে। কেৰিয়াৰৰ ৭১ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে জয়ছোৱালে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...