পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ৭ নৱেম্বৰ, শুকুৰবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা আৰম্ভ কৰি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বিশ্বকাপ জয়ৰ অংশীদাৰ হৈ আজি গৃহভূমিত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য উমা চেত্ৰী। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত প্ৰকল্পটোৰ নিৰ্মাণ আৰু তদাৰকৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় সীতাৰমণ।
- পুনৰ ৰাজ্যত চলিব ব্যাপক উচ্ছেদ অভিযান। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ মুঠ ১১৪৩ বিঘা ভূমিত উচ্ছেদ চলাব প্ৰশাসনে। অহা ৯ আৰু ১০ নৱেম্বৰত চলোৱা হ’ব এই উচ্ছেদ অভিযান। ইতিমধ্যেই জাননী জাৰী কৰি সেই স্থানত থকা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশনা দিছে প্ৰশাসনে।
- আজি বিয়লি গুৱাহাটীত আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ফাঁচী বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ফেৰীঘাট উদ্বোধনৰ লগতে উজান বজাৰত সতী ৰাধিকা উদ্যানো উদ্বোধন কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অসম চৰকাৰৰ কেবাগৰাকীও মন্ত্ৰী-বিধায়ক আৰু বিষয়াসকল উপস্থিত থাকে।
- বিশ্বকাপ জয়ৰ অংশীদাৰ হৈ আজি গৃহভূমিত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য উমা চেত্ৰী। কাজিৰঙাৰ অৰ্কিড উদ্যানৰ তৰফৰ পৰা উমাক সম্বৰ্ধনা জনায় অখিল গগৈয়ে। উমাক আদৰিবলৈ চৰকাৰৰ কোনো মন্ত্ৰী বা বিষয়া বিমান বন্দৰত উপস্থিত নোহোৱা ঘটনাক ধিক্কাৰ জনায় বিধায়ক গগৈয়ে।
- বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে আজি পুৱা জনতা ভৱত আয়োজন কৰা হয় এক অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয় যে এই উদযাপন কেৱস স্মৃতি ৰোমন্থনৰ বাবে নহয়, ই এক নতুন প্ৰতিজ্ঞাৰ দিন। য’ত এখন শক্তিশালী, স্বাৱলম্বী তথা প্ৰগতিশীল অসম গঢ়ি তোলাৰ বাবে সংকল্পক দোহাৰিব লাগে।
- ভোট চুৰি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাহুল গান্ধীৰ। শুকুৰবাৰে ৰাহুলে কয় যে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী। বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচন জিকিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ লগতে কয় যে এই সন্দৰ্ভত তেওঁৰ লগত বহুতো তথ্য আছে। বিজেপিয়ে নিৰ্বাচন আয়োগক বচাবলৈ চেষ্টা কৰাৰো অভিযোগ ৰাহুলৰ।
- শুকুৰবাৰে দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। কাৰিকৰী বিজুতিৰ বাবে বিমান সেৱা বিঘ্নিত হয় বিমান বন্দৰটোত। যাৰ ফলত শতাধিক বিমানৰ উৰণত পলম হয়। ইয়াৰ লগতে বিশ্ৰাম গৃহ আৰু ব’ৰ্ডিং গেটতো ব্যাপক ভিৰ পৰিলক্ষিত হয়।
- পুনৰ এবাৰ ভাৰত সম্পৰ্কত নৰম সুৰ ড’নাল্ড ট্ৰাম্পৰ। নৰেন্দ্ৰ মোদীক ভাল বন্ধু বুলি উল্লেখ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে আলোচনা ভালদৰেই চলি আছে। অহা বছৰ ভাৰতলৈ অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছে ট্ৰাম্পে।
- শনিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ। শৃংখলাটোত বৰ্তমানলৈকে ভাৰতে ২-১ ত অগ্ৰগতি লাভ কৰি আছে। প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হয়। শনিবাৰৰ মেচখনত জয়ী হ’লে শৃংখলা জয় কৰিব পাৰিব ভাৰতে।