ভোটাৰ তালিকাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ…

বহু গুৰুত্বপূৰ্ণ খবৰে আজি দিনটোত শিৰোনাম দখল কৰিছে। ভোটাৰ তালিকাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছে বিৰোধীয়ে। একেলগ হ'ল অজাপ-জাতীয় দল। পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

ভোটাৰ তালিকাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ...
Published: 

09 Jan 2026 | 07:18 PM

আজি ৯ জানুৱাৰী, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। কংগ্ৰেছে ভোটাৰ তালিকা সন্দৰ্ভত তোলা অভিযোগ খাৰিজ মুখ্যমন্ত্ৰীৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে যিহেতু কোনো তালিকা প্ৰকাশ হোৱা নাই, তেন্তে ভোট চুৰি কেনেকৈ হ’ব পাৰে?  ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. ভোটাৰ তালিকাক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে কংগ্ৰেছ দলে। ইতিমধ্যে কংগ্ৰেছে দাখিল কৰিছে এফ আই আৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এয়া গণতন্ত্ৰক ভেঙুচালি কৰাৰ প্ৰয়াস বুলি অভিহিত কৰি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে এই বিষয়ত মৌনতা অৱলম্বন কৰা বুলি সমালোচনা কৰে সভাপতিগৰাকীয়ে।
  2. কংগ্ৰেছে ভোটাৰ তালিকা সন্দৰ্ভত তোলা অভিযোগ খাৰিজ মুখ্যমন্ত্ৰীৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে যিহেতু কোনো তালিকা প্ৰকাশ হোৱা নাই, তেন্তে ভোট চুৰি কেনেকৈ হ’ব পাৰে? মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কেৱল বুথ লেভেল এজেণ্টক নিৰ্দেশ দিছে যে অযোগ্য ভোটাৰৰ নাম বাদ দি আৰু যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰি নিৰ্বাচনী তালিকা সঠিক হোৱাটো নিশ্চিত কৰিব লাগে।
  3. পুনৰ এবাৰ বিজেপিৰ বিৰুদ্ধে ভোটাৰ তালিকাক লৈ হেতালি খেলাৰ অভিযোগ অখিল গগৈৰ। আজি এক অনুষ্ঠানত ভাষণ দি নেতাগৰাকীয়ে কয় যে বিজেপিয়ে ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে অবৈধভাৱে ভোটাৰ তালিকাৰ পৰা বিৰোধী সমৰ্থক ভোটাৰৰ নাম আঁতৰাই পেলাইছে। ৬০ টা সমষ্টিৰ প্ৰায় ১০ হাজাৰ ভোটাৰৰ নাম আঁতৰাই পেলোৱাৰ অভিযোগ তুলিছে অখিল গগৈয়ে।
  4. আজি গুৱাহাটীত ৪,৩০০ ৰো অধিক প্ৰাৰ্থীক চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি পত্ৰ বিতৰণ কৰি তেওঁ দাবী কৰে যে দুৰ্নীতি শূন্যভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে। তেওঁ লগতে দুৰ্নীতিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাই ৰাইজক। চৰকাৰে বৰ্তমান প্ৰায় ১.৫ লাখ নিযুক্তি প্ৰদান কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
  5. আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হ’ল ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ জাতীয় দল অসম। আজি গুৱাহাটীত এক অনুষ্ঠানত অজাপত যোগদান কৰে সাংসদগৰাকীয়ে। বিজেপিৰ মুখপাত্ৰ সুশান্ত নাথেও আজি অজাপত যোগদান কৰে। আটাইকে দললৈ আদৰণি জনায় সভাপতি লুৰীণজ্যোতি গগৈয়ে।
  6. সফলভাৱে অন্ত পৰিল সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলন। এই অনুষ্ঠানত কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিঙৰ উপৰিও ২৮ খন ৰাজ্য আৰু ৮ টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বস্ত্ৰমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পক বিশ্বমুখী কৰাত সহায় কৰিব বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটাই।
  7. জাগুনৰ লেখাপানীত চাঞ্চল্যকৰ ঘটনা। কথা সংৰক্ষিত বনাঞ্চলৰ সমীপত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তিনিজন লোকক প্ৰত্যক্ষ কৰে ৰাইজে। এই খবৰ লাভ কৰাৰ লগে লগে ড্ৰোণযোগে অভিযান চলাইছে সেনাই। এই তিনি অস্ত্ৰধাৰী আলফা স্বাধীনৰ সদস্য হ’ব পাৰে বুলি সন্দেহ কৰিছে সেনা-আৰক্ষীয়ে।
  8. বঙাইগাঁও জিলাৰ মহাবীৰস্থানত আৰক্ষীৰ তালাচী অভিযান। এই অভিযানত আটক তিনিজনকৈ যুৱকক। আক্ৰাম আলী, চহৰ আলী আৰু হাবিবুৰ ৰহমান নামৰ তিনি যুৱকৰ পৰা বুজন সংখ্যক মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। এই ফোনবোৰ চুৰি কৰি অনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰা হৈছে তিনি যুৱকে ব্যৱহাৰ কৰা বাহনখন।
  9. বাংলাদেশত অশান্তি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সীমান্তত সষ্টম হৈ আছে ভাৰতীয় নিৰাপত্তা বাহিনী। বিশেষকৈ চিকেনছ নেকত ১২ ফুট উচ্চতাৰ ফেন্সিং স্থাপনৰ কাম আৰম্ভ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। বাংলাদেশৰ পৰা যাতে কোনো কাৰণতে অবৈধভাৱে ভাৰতলৈ মানুহ আহিব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰাখিছে বি এছ এফে।
কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ