আজি ADRE ৰ পৰীক্ষাঃ কিছু সময় পাছতেই বন্ধ হৈ পৰিব ইন্টাৰনেট সেৱা

১৫ ছেপ্টেম্বৰৰ দিনা দিনৰ  ১০ বজাৰ পৰা ১.৩০ বজালৈ সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব।

আজি ADRE ৰ পৰীক্ষাঃ কিছু সময় পাছতেই বন্ধ হৈ পৰিব ইন্টাৰনেট সেৱা

পৰীক্ষা

Published: 

15 Sep 2024 06:36 AM

আজি অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকীয়ে অৱতীৰ্ণ হ’ব। এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। ১৫ ছেপ্টেম্বৰৰ দিনা দিনৰ  ১০ বজাৰ পৰা ১.৩০ বজালৈ সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব।

এই সন্দৰ্ভত ৰাজ্যৰ গৃ্হ আৰু ৰাজনৈতিক বিভাগে এক জাননী জাৰি কৰিছে। জাননীত লগতে উল্লেখ কৰা হৈছে যে, এই ঘোষণা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ৰ অধীনত আৰু লগতে ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৮৫ৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব । উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যত বিগত সময়ত অনুষ্ঠিত হোৱা নিযুক্ত পৰীক্ষাত বিভিন্ন ধৰণৰ অনিয়মৰ ঘটনা পোহৰলৈ আহে। একাংশ দুষ্ট চক্ৰই পৰীক্ষা হলৰ পৰাই প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰে। এনে ধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে।

এইবাৰ নিযুক্তি পৰীক্ষাৰ বাবে ২৮ খন জিলাত মুঠ ২৩০৫ টা কেন্দ্ৰ থাকিব। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবৰ পাৰে বিভিন্ন নিয়ম বান্ধি দিছে প্ৰশাসনে। তাৰ ভিতৰত- পৰীক্ষাৰ্থীয়ে পৰীক্ষা হললৈ কেৱল কলম, পেঞ্চিল আৰু এডমিট কাৰ্ডহে লৈ যাব পাৰিব।  ইয়াৰোপৰি অসৎ পন্থা গ্ৰহণ কৰা পৰীক্ষাৰ্থীক ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমণা বিহাৰ ব্যৱস্থাও আছে।

পৰীক্ষাৰ্থীসকলৰ যাতায়তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে স্থানীয় বাছ, টেম্পো, আদি পৰ্যাপ্ত ৰূপত চলোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ জাৰি কৰিছে। । প্ৰাৰ্থীৰ সুবিধাৰ বাবে এন এফ ৰে’ল কৰ্তৃপক্ষই অতিৰিক্ত ১২ খন ৰেলৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি আৰু বহু ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

ইয়াৰ পাছতে  ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা। তথ্য অনুসৰি এইবাৰ তীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ৩২ লাখতকৈ অধিক লোকে আবেদন কৰিছে। এইবাৰ মুঠ ১২,৬০০ টা পদত তৃতীয় বৰ্গৰ  বাবে ৭৬০০ আৰু চতুৰ্থ বৰ্গৰ বাবে ৫০০০ পদ আছে।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...