বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…
Tiwari Commission: প্ৰায় ৪২ বছৰৰ পাছত কালি বিধানসভাত উত্থাপন হয় তিৱাৰী আয়োগৰ প্ৰতিবেদন। বিৰোধী নথকা অৱস্থাত চৰকাৰে এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে এতিয়া নেলী কাণ্ডৰ তদন্ত বিচাৰিছে AIUDF য়ে।

হিমন্ত বিশ্ব শৰ্মা
প্ৰায় ৪২ বছৰৰ পাছত ৰাজহুৱা হ’ল তিৱাৰী আয়োগৰ প্ৰতিবেদন। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ নেলী কাণ্ডৰ পাছত গঠন হৈছিল The Commission on Assam Disturbances 1983 চমুকৈ তিৱাৰী আয়োগ। ইয়াৰ নেতৃত্বত আছিল উত্তৰ প্ৰদেশৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব ত্ৰিভুৱন প্ৰসাদ তিৱাৰী। পাছত ১৯৮৪ চনৰ মে’ মাহত তিৱাৰীয়ে প্ৰতিবেদন অসম চৰকাৰক প্ৰদান কৰিছিল। ১৯৮৭ চনত প্ৰফুল্ল মহন্তই প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিছিল কিন্তু বিধায়কক প্ৰতিলিপি দিয়া নাছিল।
এই ঘটনাৰ প্ৰায় ৪২ বছৰ পাছত ২০২৫ চনৰ ২৫ নৱেম্বৰত প্ৰতিবেদনৰ প্ৰতিলিপি পুনৰ অসম বিধানসভাৰ মজিয়াত বিতৰণ কৰা হয়। বিৰোধী নথকা অৱস্থাত এই প্ৰতিবেদন দাখিল কৰা হয় যাৰ বাবে বিৰোধী দলসমূহে ইয়াৰ বিপক্ষে মত দিয়ে। বিৰোধী দলসমূহে কয় যে, এখন প্ৰতিবেদন দুবাৰকৈ বিধানসভাত উত্থাপন কৰাতো নজিৰ নাই।সভাস্থগিত প্ৰস্তাৱৰ আলোচনাৰ সামৰণি নৌহওঁতেই মুখ্যমন্ত্ৰীয়ে হঠাৎ তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিছে।
ইয়াৰ পাছতে এতিয়া এ আই ইউ ডি এফ দলে নেলী কাণ্ডৰ চিবিআই তদন্তৰ দাবী কৰিছে। বিধায়ক আমিনুল ইছলামে কয় যে, সদনত বিৰোধীৰ বিধায়ক নথকা অৱস্থাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদন আকাৰে দিয়া কপি দিছে । কেইখিলামান কাগজ দিলেই ন্যায় নহয়। যদি নেলীৰ হত্যাকাণ্ডৰ সচাকৈয়ে সঠিক তদন্ত বিচাৰিছে তেন্তে মুখ্যমন্ত্ৰীয়ে চিবিআইৰ তদন্ত দিয়ক মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ লগতে কয় যে, এখন বিধায়ক দুবাৰকৈ উত্থাপন কৰিব নোৱাৰে। কিন্তু কালি চৰকাৰে কৰিলে। তিৱাৰী আয়োগত আছু আৰু অগপৰ ওপৰত যথেষ্ঠ হেঁচা পৰিব। সেয়ে আছু আৰু অগপৰ নেতৃত্বত বচাবলৈ আইনগত ন্যায্যতা নথকা মেহতাব আয়োগৰ প্ৰতিবেদন সদনত দাখিল কৰিলে। গতিকে নেলী কাণ্ডত চিবিআইৰ তদন্তৰ দাবী কৰে এ আই ইউ ডি এফে।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ মুখ্যমন্ত্ৰী