পৰি আছিল বাগানৰ মাজত, গাত নাছিল কাপোৰ! সপ্তম শ্ৰেণীত অধ্যয়নৰত শিশুৰ সৈতে জঘন্য কাণ্ড…

পুনৰ অসমত সংঘটিত হৈছে এক জঘন্য কাণ্ডৰ ঘটনা। সপ্তম শ্ৰেণীত অধ্যয়নৰত এটি শিশুৰ লগত সংঘটিত হয় ভয়ংকৰ ঘটনা। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

পৰি আছিল বাগানৰ মাজত, গাত নাছিল কাপোৰ! সপ্তম শ্ৰেণীত অধ্যয়নৰত শিশুৰ সৈতে জঘন্য কাণ্ড...

তিনিচুকীয়াৰ ঘটনা

Published: 

04 Nov 2025 | 01:59 PM

ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণ মনোবৃত্তিৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। শেহতীয়াকৈ পুনৰ তিনিচুকীয়াৰ পৰা এক জঘন্য কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত সপ্তম শ্ৰেণীৰ এগৰাকী শিশুৰ লগত সংঘটিত হয় দলবদ্ধ ধৰ্ষণ কাণ্ড। এই জঘন্য কাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

তথ্য অনুসৰি, তিনিচুকীয়াৰ বৰডুবিত সংঘটিত হৈছে ছাত্ৰী ধৰ্ষণৰ দৰে এক বৰ্বৰ কাণ্ড। সোমবাৰ (৩ অক্টোবৰ)য়ে শিশুটি স্কুলৰ পৰা ঘৰলৈ ঘূৰি আহি আছিল। তেতিয়াই তিনি পাষাণে মিলি ছাত্ৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণ কৰে। ইয়াৰ পাছতে পলায়ন কৰে তিনি অভিযুক্ত। বহু সময়ত ছাত্ৰীগৰাকীৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত বিচাৰ খোচৰ লাগে। পৰৱৰ্তী সময়ত বাগানৰ মাজত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকী।

শিশুগৰাকীয়ে জনোৱা মতে, তিনিজন যুৱকে বাইকত আহি তেওঁক বাগানৰ মাজলৈ লৈ যায়। পাছত ধৰ্ষণ কাণ্ড সংঘটিত কৰে। জানিব পৰা মতে, শিশুটিৰ দুয়োখন হাতত আঘাতৰ চিন স্পষ্ট হৈ আছে। উদ্ধাৰৰ পাছতে শিশুটিক হাস্পাতালত ভৰ্তি কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে কয় যে, “আমি শিশুটিক ৪.৩০ বজাত বিচাৰি পাইছিলো। সেই সময়ত অৱস্থা বেয়া আছিল। অজ্ঞান হৈ আছিল। গাত কাপোৰ নাছিল। তাৰ পাছত আমি আৰক্ষী থানালৈ লৈ আহিছিলো। এই ঘটনাৰ আমাক ন্যায় লাগে”।

শিশুৰ লগত সংঘটিত এনে জঘন্য কাণ্ডই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ পৰা ছাত্ৰীগৰাকীৰ স্কুল বেগ আৰু ইউনিফৰ্ম উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই কোনো অভিযুক্ত। আৰক্ষীৰ তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত সবিশেষ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য় খবৰ পঢ়কঃ নিৰ্বাচন শেষ হোৱাৰ পাছতে জেলৰ পৰা ওলাব সিদ্ধাৰ্থ, শ্যামকানুঃ অখিল গগৈ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...