দেৱাল বগাই গোৱালপাৰা ট্ৰেনজিট কেম্পৰ পৰা পলায়ন তিনি ৰোহিংগীয়াৰ…

ট্ৰেনজিট কেম্পৰ পৰা পলায়ন কৰা তিনিজন সন্দেহযুক্ত ৰোহিংগীয়াক বিচাৰি তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, যোৱা বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ ট্ৰেনজিট কেম্পৰ পৰা তিনি সন্দেহযুক্ত ৰোহিংগীয়াই পলায়ন কৰিছিল ।

দেৱাল বগাই গোৱালপাৰা ট্ৰেনজিট কেম্পৰ পৰা পলায়ন তিনি ৰোহিংগীয়াৰ...

ট্ৰেনজিট কেম্পৰ পৰা পলায়ন তিনি সন্দেহযুক্ত ৰোহিংগীয়া

Updated On: 

04 Jan 2025 18:36 PM

গোৱালপাৰা জিলাৰ ট্ৰেনজিট কেম্পৰ পৰা পলায়ন কৰা তিনিজন সন্দেহযুক্ত ৰোহিংগীয়াক বিচাৰি তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, যোৱা বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ ট্ৰেনজিট কেম্পৰ পৰা তিনি সন্দেহযুক্ত ৰোহিংগীয়াই পলায়ন কৰিছিল । ট্ৰেনজিট কেম্পত ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো তিনিজনকৈ সন্দেহযুক্ত ৰোহিংগীয়া কেনেকৈ পালয়ন কৰিবলৈ সক্ষম হ’ল সেইলৈ এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

জানিব পৰা মতে,আন্ধাৰৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা মাটিয়াত থকা কেন্দ্ৰটোৰ দেৱাল জপিয়াই পলায়ন কৰে এই তিনি ৰোহিংগীয়াই । শুকুৰবাৰে কেন্দ্ৰটোৰ বিষয়াসকল উপস্থিত হোৱাৰ সময়তে তেওঁলোকৰ পলায়নৰ তথ্য পোহৰলৈ আহে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। পলায়ন কৰা তিনিজনৰ নাম বডী আলম, মুস্তাফা কমল আৰু আব্দুল কাদেৰ বুলি জানিব পৰা গৈছে।

ইফালে শনিবাৰে আই জি পি(আইন শৃংখলা) অখিলেশ সিঙে ট্ৰেনজিট কেম্পত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে কেন্দ্ৰটোত উপস্থিত হৈ গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই পৰিস্থিতি বুজ লৈছিল । মনকৰিবলগীয়া যে, এছিয়া ভিতৰত সৰ্ববৃহৎ ট্ৰেনজিট কেম্পৰ কটকটীয়া পহৰা মাজতে বৃহস্পতিবাৰে ৰাতি পলায়ন কৰে এই তিনি ৰোহিংগীয়াই।

উল্লেখ্য় যে, গোৱালপাৰাৰ মাটিয়াত থকা ট্ৰেনজিট কেম্পটো ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ট্ৰেনজিট কেম্প । অবৈধভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক আটক কৰাৰ পাছতে এই কেম্পটোত ৰখা হয় । এই কেন্দ্ৰটোৰ আয়তন প্ৰায় ২,৮৮,০০০ বৰ্গফুট । এই কেম্পটোত কটকটীয়া পহৰাৰ দিয়া ব্যৱস্থা আছে । ইয়াৰ পাছতো তিনিজনকৈ ৰোহিংগীয়া পলায়ন কৰা ঘটনাই সচেতন মহলত প্ৰশ্নৰ উত্থাপন কৰিছে ।

এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৪ গুণৰ মহিলাই, জানক...
খালী পেটত চাহ খোৱা অভ্যাস আছে নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...
জীৱনলৈ আহিব দুৰ্ভাগ্য! কেতিয়াও ব্যৱহাৰ নকৰিব আনৰ এইসমূহ বস্তু...
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী