আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব

AASU gs: আছুৰ সংবিধান অনুসৰি সাধাৰণ সম্পাদকৰ পৰিবৰ্তে তাৎক্ষণিকভাৱে সহকাৰী সাধাৰণ সম্পাদকৰ হাতত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব পৰা যায়। সেই অনুসৰি আজি আছুয়ে কাৰ্বি আংলঙৰ যুৱক চৰ্জুন হান্সেৰ হাতত দায়িত্ব অৰ্পন কৰে।

আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব

চাৰ্জুন হান্সে

Published: 

18 Sep 2024 | 06:41 PM

চৰ্জুন হান্সেৰ ওপৰত পৰিল গধুৰ দায়িত্ব। বুধবাৰে অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ’ব চৰ্জুন হান্সে। নাৰীকেন্দ্ৰিক বিতৰ্কত সোমাই পৰা শংকৰজ্যোতি বৰুৱাই ১২ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছতেই ১৮ ছেপ্টেম্বৰত প্ৰাথমিক সদস্যৰ পদো ত্যাগ কৰে। তাৰ পাছতে আছুৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে জনজাতীয় নেতা চৰ্জুন হান্সেৰ হাতত দিয়া হ’ব আছুৰ দায়িত্ব।

উল্লেখ কৰা প্ৰয়োজন যে, আছুয়ে সদ্যহতে সাধাৰণ সম্পাদকৰ পৰিবৰ্তে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে তেওঁক বাচনি কৰিছে। পৰৱৰ্তী সময়ত কোনো ছাত্ৰ নেতাৰ হাতত গতাব আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব। আছুৰ সংবিধান অনুসৰি সাধাৰণ সম্পাদকৰ পৰিবৰ্তে তাৎক্ষণিকভাৱে সহকাৰী সাধাৰণ সম্পাদকৰ হাতত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব পৰা যায়।

আছুৰ কেন্দ্ৰীয় সমিতিত বৰ্তমান সময়ত আছে ৫ গৰাকী সহকাৰী সাধাৰণ সম্পাদক। এই ৫ গৰাকী হৈছে- চৰ্জুন হান্সে, দীপক শৰ্মা, পিতুল বৰা, অভিজিত নাথ, ইৰু ৰাণা সোণাৰ। গতিকে ইয়াৰে চৰ্জুন হান্সেৰ হাতত আছুয়ে অৰ্পন কৰিলে গুৰু দায়িত্ব।  পাহাৰে- ভৈয়ামে একতাৰ বাণী প্ৰচাৰ কৰিবলৈ কাৰ্বি আংলঙৰ এই যুৱকজনক আছুয়ে অৰ্পন কৰিলে গধুৰ দায়িত্ব।  আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকাল ৩ বছৰৰো অধিক সময় বাকী আছে। তেনেস্থলত আজিৰ কাৰ্যনিৰ্বাহকতেই চৰ্জুন হান্সেক এই দায়িত্ব দিয়ে আছুয়ে।

উল্লেখ্য যে,  নাৰী কেন্দ্ৰিক বিতৰ্কত সোমাই পৰা শংকৰজ্যোতি বৰুৱাই আছুৰ লগত সকলো সম্পৰ্ক শেষ কৰিলে। কিছুদিন পূৰ্বে ছাত্ৰ নেতাগৰাকীৰ প্ৰাক্তন প্ৰেমিকাই তেওঁৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে অন্য এগৰাকী যুৱতীৰ বাবে শংকৰে তেওঁক প্ৰতাৰণা কৰিছে। বিয়াৰ প্ৰলোভন দি যুৱতীৰ লগত সম্পৰ্ক স্থাপন কৰা শংকৰজ্যোতিয়ে পৰৱৰ্তী সময়ত প্ৰেমিকাৰ সৈতে যোগাযোগ বন্ধ কৰি দিছিল।

এই কথা সহ্য কৰিব পৰা নাছিল ভুক্তভোগী যুৱতীগৰাকীয়ে। কিয়নো ২০২৫ চনত তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল। শংকৰজ্যোতিক বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা কৰিও বিফল হৈছিল যুৱতীগৰাকী। যাৰ বাবে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল। এনে অৱস্থাতে যুৱতীগৰাকীয়ে অত্যাধিক মাত্ৰাত ঔষধ সেৱন কৰি অসুস্থ হৈ পৰে আৰু তেওঁক জি এম চি এইচত ভৰ্তি কৰিবলগীয়া হয়।

পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ আৰু সমগ্ৰ ৰাজ্যত ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইয়াৰ পাছত এই বিষয়ত মাত মাতিছিল শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্কৰ কথা তেওঁ স্বীকাৰ কৰিছিল যদিও বাকী সকলো আদালতত হ’ব বুলি কৈছিল।বৰ্তমান অন্তৱৰ্তীকালীন জামিনত আছে শংকৰজ্যোতি বৰুৱা।  এই ঘটনাক্ৰমৰ মাজতে ১২ ছেপ্টেম্বৰত সাধাৰণ সম্পাদক হিচাপে পদত্যাগ কৰিছিল শংকৰজ্যোতি বৰুৱাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...